অসম

assam

Assam Arunachal border conflict: ভূমি কেন্দ্ৰীক সংঘাতত আহত দুজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

By

Published : Jun 6, 2023, 3:28 PM IST

ভূমি কেন্দ্ৰীক সংঘাতত আহত দুজনক অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি

মৰাণ, 6 জুন : এতিয়াও অব্যাহত আছে অসম-অৰুণাচল সীমান্তত চেপা উত্তেজনা ৷ ধেমাজিৰ বৰদলনিত সোমবাৰে সংঘটিত অসম-অৰুণাচলৰ ভূমি কেন্দ্ৰীক সংঘাতত আহত দুজনক মঙলবাৰে ডিব্ৰুগড় অসম চিকিৎসা মহাবিদ্যালয়ত ভৰ্তি কৰোৱা হৈছে (Assam Arunachal border conflict) । সোমবাৰে মাজনিশা প্ৰায় ১২.৪০ বজাত ভৰ্তি কৰোৱা হৈছিল আহত জগত গগৈ আৰু পুষ্প গগৈক। জানিব পৰামতে বাওঁভৰিত গুলীবিদ্ধ হৈ আঘাতপ্ৰাপ্ত হোৱা জগত গগৈৰ অস্ত্ৰোপচাৰ নিশাই সম্পন্ন কৰা হৈছে। 

আনহাতে পুষ্প গগৈ অৰুণাচলীৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত হোৱা বুলি প্ৰকাশ কৰিছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষ ডাঃ সঞ্জীৱ কাকতিয়ে (Two person of Victim admit in AMCH)। অসম চিকিৎসা মহাবিদ্যালয়ৰ অভিজ্ঞ চিকিৎসক ডাঃ ৰাজবীৰ দাসৰ তত্বাৱধানত চিকিৎসাধীন হৈ থকা দুয়োজনক আই চি ইউত ৰখা হৈছে। 

ইফালে দুয়োজনৰ স্বাস্থ্যৰ অৱস্থা বৰ্তমান সুস্থিৰ বুলি জনাইছে অসম চিকিৎসা মহাবিদ্যালয়ৰ অধ্যক্ষই। উল্লেখ্য যে, আহত দুয়োজনৰ চিকিৎসা ব্যৱস্থাৰ নিৰীক্ষণত ডিব্ৰুগড় জিলা প্ৰশাসনৰ দুজনকৈ অতিৰিক্ত আয়ুক্ত নিয়োগ কৰা হৈছে। 

লগতে পঢ়ক:Gamblers Arrested in Udalguri: ওদালগুৰিত বন্দুক, বিলাসী বাহনসহ ৮ জুৱাৰীক গ্ৰেপ্তাৰ আৰক্ষীৰ

ABOUT THE AUTHOR

...view details