অসম

assam

Assam HSLC result 2023: মুঠ 586 নম্বৰেৰে উজলিল শিৱসাগৰৰ অনিন্দিতা শইকীয়া

By

Published : May 22, 2023, 9:05 PM IST

নৱম স্থানত উজলিল শিৱসাগৰৰ অনিন্দিতা শইকীয়া

শিৱসাগৰ, 22 মে’ : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত নৱম স্থানত উজলিল শিৱসাগৰৰ অনিন্দিতা শইকীয়া (Assam HSLC result 2023) ৷ শিৱসাগৰ নগৰৰ হ’লি নেম স্কুলৰ পৰা হাইস্কুল শিক্ষান্ত পৰীক্ষাত অৱতীৰ্ণ হৈছিল অনিন্দিতা (Anindita Saikia got 9th position in HSLC 2023)। ছটা বিষয়ত লেটাৰ মাৰ্ক লাভ কৰা অনিন্দিতাই মুঠ 586 নম্বৰ লাভ কৰিবলৈ সক্ষম হৈছে । ভৱিষ্যতে অভিযন্তা হোৱাৰ মন অনিন্দিতাৰ ।

অনিন্দিতাৰ পিতৃ দুলেন শইকীয়া যোৰহাট কেন্দ্ৰীয় মহাবিদ্যালয়ৰ অধ্যক্ষ । জীয়ৰীৰ এই সফলতাত আনন্দিত এতিয়া অনিন্দিতা শইকীয়াৰ পিতৃ-মাতৃ, পৰিয়ালবৰ্গ তথা শুভাকাংক্ষী (HSLC result 2023) ৷

ABOUT THE AUTHOR

...view details