ETV Bharat / state

বিশ্ব শান্তিৰ কামনাৰে ব্ৰহ্মপুত্ৰত কুইন্টলে কুইন্টলে মাছ এৰি পালন কৰিলে চাকা দাৱা উৎসৱ - Saka Dawa festival

author img

By ETV Bharat Assamese Team

Published : Jun 3, 2024, 1:52 PM IST

Saka Dawa festival : পৰম্পৰা অনুসৰি ডিব্ৰুগড়ৰ বগীবিলত ব্ৰহ্মপুত্ৰত মাছৰ প্ৰাণ দান দিলে বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে । ভগৱান বৌদ্ধই এই মাহটোতে দীক্ষা গ্ৰহণ কৰিছিল । বৌদ্ধধৰ্মী লোকসকলৰ এই উৎসৱৰ আছে সুকীয়া বিশেষত্ব ।

Saka Dawa festival
চাকা দাৱা উৎসৱ (ETV BHARAT ASSAM)

মৰাণ, ৩ জুন : তামাং সম্প্ৰদায়ৰ লোকসকলৰ এক অন্যতম উৎসৱ হৈছে 'চাকা দাৱা' অৰ্থাৎ 'প্ৰাণ দান' উৎসৱ । অসমত বসবাস কৰা এই লোকসকলেও 'প্ৰাণ দান' উৎসৱ পালন কৰি আহিছে । পৰম্পৰা ৰক্ষা কৰি ডিব্ৰুগড় জিলাৰ মহায়ান বৌদ্ধ মানিপাহ সংঘৰ উদ্যোগত বগীবিলত ব্ৰহ্মপুত্ৰৰ বুকুত দেওবাৰে 'প্ৰাণ দান' উৎসৱ পালন কৰা হয় । জিলাখনৰ বৌদ্ধ গোম্বাৰ তামাং সম্প্ৰদায়ৰ শতাধিক ধৰ্মপ্ৰাণ পুৰুষ মহিলাই এই পৱিত্ৰ উৎসৱত অংশগ্ৰহণ কৰে ।

চাকা দাৱা উৎসৱ (ETV BHARAT ASSAM)

লামা পুৰোহিত সকলৰ মন্ত্ৰ উচ্চাৰণৰ মাজতে মহাবাহু ব্ৰহ্মপুত্ৰৰ বিশাল জলৰাশিত এৰি দিয়া হয় কুইন্টলে কুইন্টলে মাছ । বৌদ্ধ ধৰ্মাৱলম্বী তামাং সম্প্ৰদায়ৰ লোকসকলে সম্পূৰ্ণ এমাহ ধৰি 'চাকা দাৱা' অৰ্থাৎ সম্পূৰ্ণ মাছ-মাংস পৰিহাৰ কৰি ধৰ্মীয় ৰীতি নীতিৰে মাছৰ প্ৰাণ দান উৎসৱ পালন কৰে । এই লৈ এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি হয় বগীবিলত ।

বৌদ্ধ ধর্মাৱলম্বীসকলৰ মহাযান পন্থী সকলে পালন কৰা এই চাকা দাৱাক 'চাগা দাৱা ' বুলিও কোৱা হয় । চাকা দাৱাৰ মাহ মানে উৎকর্ষ সাধনৰ মাহ। এই মাহটোত মহাযান পন্থী সকলে সজ কাম কৰে । জনবিশ্বাস যে এই মাহত এটা ভাল কাম কৰিলে হাজাৰ গুণ পুণ্য অর্জন হয় । বৌদ্ধধর্মাৱলম্বীসকলৰ তামাং তথা লামাসকলৰ বাবে জেঠ মাহটো হৈছে পবিত্ৰ মাহ ।

এই মাহটোতে মাছ-মাংসৰ লগত আহাৰ গ্ৰহণ নকৰে বৌদ্ধ ধর্মাৱলম্বী লোকসকলে । তেওঁলোকৰ বিশ্বাস অনুসৰি ভগৱান বৌদ্ধই এই মাহটোতে দীক্ষা গ্ৰহণ কৰিছিল । বৌদ্ধধৰ্মী লোকসকলৰ 'চাকা দাৱা' উৎসৱৰ আছে সুকীয়া বিশেষত্ব। পৰম্পৰা অনুসৰি বিশ্ব শান্তিৰ উদ্দেশ্যেৰে তথা সকলোৰে মনত কৰুণা আৰু দয়া প্ৰতিষ্ঠা হোৱাৰ কামনাৰে জীৱৰ প্ৰাণ দান দিয়া হয় ।

উল্লেখযোগ্য যে প্ৰাণ দান পৰ্বত একোজন ব্যক্তিয়ে তেওঁৰ বয়সৰ অনুপাতে সম পৰিমাণৰ মাছ পানীত এৰি দিব লাগে । মাছৰ ভিতৰত সাধাৰণতে শিঙি, শিঙৰা, মাগুৰ আদি মাছ পানীত এৰি দিয়া হয় । যিসময়ত মানুহে কণীযুক্ত মাছ জধে-মধে ধৰি মাছৰ বংশবৃদ্ধিৰ ক্ষেত্ৰত অশনি সংকেত কঢ়িয়াই আনিছে তেনে সময়তে 'চাকা দাৱা' উৎসৱত 'প্ৰাণ দান' ৰীতিৰে হাজাৰ হাজাৰ মাছ নদীৰ বুকুত এৰি দি বৌদ্ধধৰ্মী লোক সকলে মীন সংৰক্ষণৰ ক্ষেত্ৰত যে বিশেষ ভূমিকা গ্ৰহণ কৰিছে সেয়াই প্ৰমান কৰিছে ।

লগতে পঢ়ক:আজিৰে পৰা আৰম্ভ ঐতিহাসিক ফাটবিহু : জাত জাত বিহুনামৰ ধ্বনিৰে মুখৰিত ম’হঘূলি চাপৰি - Phata Bihu In Assam

দুডাল বাঁহক পাউৰা সজাই আৰম্ভ ঐতিহাসিক আৰিকুছিৰ ভঠেলি উৎসৱ - BHOTHELI FESTIVAL 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.