ETV Bharat / state

দুডাল বাঁহক পাউৰা সজাই আৰম্ভ ঐতিহাসিক আৰিকুছিৰ ভঠেলি উৎসৱ - BHOTHELI FESTIVAL 2024

author img

By ETV Bharat Assamese Team

Published : Apr 22, 2024, 6:38 PM IST

King Arimatta: ৰজা আৰিমত্তৰ দিনৰে পৰা চলি অহা আৰিকুছি ভঠেলি উৎসৱত দেখা যায় একতা-সম্প্ৰীতিৰ নিদৰ্শন । দুখন গাঁৱৰ লোকসকলে দুডাল বাঁহক ধৰ্মীয় শোভাযাত্ৰাৰে আৰিকুছিৰ ভঠেলি স্থানত প্ৰতিষ্ঠাপন কৰি আহিছে ।
Spring festival in Assam
ভঠেলি উৎসৱ

ভঠেলি উৎসৱ

নলবাৰী, ২২ এপ্ৰিল : একতা, স্নেহ, সম্প্ৰীতিৰ উদ্দেশ্যে নামনি অসমৰ ভিন্ন প্ৰান্তত আৰম্ভ হৈছে ভঠেলি উৎসৱ । ৰাজ্যৰ আন প্ৰান্তৰ লগতে নলবাৰীতো আৰম্ভ হৈছে এই ভঠেলি উৎসৱ । ৯ ব'হাগত প্ৰতিবছৰে নলবাৰীৰ আৰিকুছিতো পালন কৰি অহা হৈছে ভঠেলি উৎসৱ । আজি এই উপলক্ষে পাউৰা তোলা পৰ্ব আৰম্ভ হয় । ৰজা আৰিমত্তই নলবাৰীৰ আৰিকুছিলৈ অহাৰ পিচৰে পৰা অঞ্চলটোত ভঠেলি উৎসৱ পালন কৰি অহা হৈছে ।

উল্লেখযোগ্য যে যুগ যুগ ধৰি চলি অহা এই ঐতিহাসিক আৰিকুছিৰ ভঠেলি উৎসৱত দুখন গাঁৱৰ পৰা সজ্জিত কৰি দুডাল বাঁহক ধৰ্মীয় শোভাযাত্ৰাৰে লোকসকলে আৰিকুছিৰ ভঠেলি স্থানত প্ৰতিষ্ঠাপন কৰি আহিছে । এডাল দৰা সাজত আৰু আনডাল বাঁহক কইনা সজাই প্ৰতিষ্ঠা কৰি যুগ যুগ ধৰি চলি আহিছে পূজা অৰ্চনা । এই উৎসৱক পাউৰা উৎসৱেৰে নাম দি ৰাইজে পূজা-অৰ্চনা কৰি আহিছে ।

লোকবিশ্বাস অনুসৰি তেৰশ শতিকাত কামৰূপৰ ৰজা আৰিমত্তই যেতিয়া উত্তৰ কামৰূপৰ এই আৰিকুছিলৈ চিকাৰ কৰিবলৈ আহিছিল তেতিয়াৰে পৰাই এই আৰিকুছি গাঁওখনৰ জন্ম হোৱা বুলি অঞ্চলটোৰ জ্যেষ্ঠসকলে উল্লেখ কৰে । আনহাতে, এই ভঠেলি উৎসৱত সন্ধিয়ালৈ হাজাৰ হাজৰ লোকৰো সমাগম হয় । ভঠেলি উৎসৱৰ জৰিয়তে বিভিন্ন ঠাইত থকা লোকসকল একত্ৰিত হয় । সমান্তৰালভাৱে এই ভঠেলি উৎসৱত বিভিন্ন বিপণি আদিৰ সমাগম হোৱাৰ লগতে গ্ৰামাঞ্চলৰ শিমলু গছৰ তুলা বিক্ৰীৰো এক অভিলেখ হয় ভঠেলিৰ দিনা ।

উল্লেখযোগ্য যে,ভঠেলি হৈছে অতীতৰে পৰা বাঁহ গছক কৰা এক বিশেষ পূজা ৷ ব’হাগত পালন কৰা এই উৎসৱত গাঁৱৰ সকলোৱে জাতি বাঁহ এডাল আগলি নকটাকৈ মূঢ়াৰ সৈতে উভালি আনি গামোচা, ৰুমাল, চোৱৰ, ফুলৰ মালা, নানা ৰঙৰ বস্ত্ৰ আদিৰে সজায় ।

লগতে পঢ়ক:বাৰেৰহণীয়া সাংস্কৃতিক কাৰ্যসূচীৰে আৰম্ভ ডিব্ৰুগড় পূৰ্বাঞ্চল ৰঙালী বিহু সন্মিলন - Rangali Bihu Celebration 2024

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.