HSLC result 2023 : ভৱিষ্যতে এগৰাকী পদাৰ্থ বিজ্ঞানী হোৱা মন প্ৰথম স্থান প্ৰাপক হৃদম ঠাকুৰীয়াৰ

By

Published : May 22, 2023, 4:52 PM IST

thumbnail

গুৱাহাটী, ২২ মে’ : সদ্য ঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল কৰিবলৈ সক্ষম হ’ল শোণিতপুৰ জিলাৰ ঢেকীয়াজুলিৰ হৃদম ঠাকুৰীয়া (Hridam Thakuria got 1st position in HSLC 2023) । ঢেকীয়াজুলিৰ শংকৰদেৱ শিশু নিকেতনৰ ছাত্ৰ হৃদম ঠাকুৰীয়াই ৫৯৬ নম্বৰ লাভ কৰি শীৰ্ষ দহৰ ভিতৰত প্ৰথম স্থান দখল কৰি পিতৃ-মাতৃ, বিদ্যালয়ৰ লগতে ঢেকীয়াজুলিৰ বাবে গৌৰৱ কঢ়িয়াই আনিছে (HSLC result 2023) ।

ৰাজ্যৰ ভিতৰত প্ৰথম স্থান প্ৰাপক হৃদম ঠাকুৰীয়াৰৰ সপোন ভৱিষ্যতে এগৰাকী পদাৰ্থ বিজ্ঞানী হোৱাৰ । সংবাদ মাধ্যমৰ সৈতে হোৱা বাৰ্তালাপত হৃদম ঠাকুৰীয়াই কয়, ‘‘স্থান দখল কৰিম বুলি ভাবিছিলো যদিও প্ৰথম স্থান পাম বুলি আশা কৰা নাছিলোঁ । পঢ়ি ভালপাওঁ কাৰণে পঢ়িয়ে আছিলোঁ । এই সফলতাৰ বাবে পৰিয়াল বৰ্গ আৰু শিক্ষাগুৰুক ধন্যবাদ জনাইছো’’।

তেওঁ আৰু কয়, ‘‘বৰ্তমান এলেন কোচিং চেন্টাৰত কোচিং কৰি আছো । স্নাতক বেগাংলুৰুত কৰিম আৰু তাৰ পিচত ভাল এখন বিশ্ববিদ্যালয়ত স্নাতকোত্তৰ কৰিম’’ । উল্লেখ্য যে, শীৰ্ষ দহ স্থানৰ ভিতৰত এইবেলি মুঠ ৬১ গৰাকী ছাত্ৰ-ছাত্ৰীয়ে নিজৰ নাম দখল কৰিবলৈ সক্ষম হৈছে ।

লগতে পঢ়ক : HSLC exam results 2023 : ভৱিষ্যতে এগৰাকী চিকিৎসক হোৱাৰ সপোন HSLC ত চতুৰ্থ স্থান প্ৰাপক ৰাজীৱৰ

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.