অসম

assam

হোজাইত আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত বিশাল শোভাযাত্ৰা

By

Published : Aug 14, 2022, 3:27 PM IST

Updated : Feb 3, 2023, 8:26 PM IST

৭৫ বছৰীয়া দেশৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে সাজু হৈছে দেশবাসী (75th Independence day of India)। চৰকাৰে ইতিমধ্যে স্বাধীনতাৰ অমৃত মহোৎসৱ পালন কৰিছে (Azadi Ka Amrit Mahotsav)। স্বাধীনতাৰ অমৃত মহোৎসৱৰ লগতে সংগতি ৰাখি বিভিন্ন দল-সংগঠনেও পৃথকে পৃথকে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে । পিছপৰি ৰোৱা নাই AIUDFৰ মুৰব্বী মৌলানা বদৰুদ্দিন আজমল । আজমল ফাউণ্ডেশ্যনৰ উদ্যোগত হোজাইত উলিওৱা হয় বৃহৎ শোভাযাত্ৰা (Ajmal Foundation procession in Hojai)। মটৰ চাইকেল, চাৰিচকীয়া বাহন আৰু বাছ লৈ বিভিন্নজনে এই শোভাযাত্ৰাত অংশগ্ৰহণ কৰে । ইফালে হোজাইৰ কেইবাখনো বিদ্যালয় আৰু মহাবিদ্যালয়ৰ শিক্ষাৰ্থীসকলেও শোভাযাত্ৰাত অংশ লয় । সমগ্ৰ হোজাই চহৰজুৰি উলিওৱা হয় এই শোভাযাত্ৰা । শোভাযাত্ৰাত উপস্থিত থাকি বদৰুদ্দিন আজমলে সকলোকে ঘৰে ঘৰে জাতীয় পতাকা উত্তোলন কৰিবলৈ আহ্বান জনায় (Badruddin Ajmal on Azadi Ka Amrit Mahotsav)। ইফালে দেশৰ প্ৰতিগৰাকী নাগৰিকক স্বাধীনতা দিৱসৰ শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে আজমল ফাউণ্ডেচনৰ তৰফৰ পৰা উলিওৱা শোভাযাত্ৰাই সমাজত বিশেষ বাৰ্তা প্ৰেৰণ কৰিব বুলি আশাবাদী আজমল । দেশৰ যুৱপ্ৰজন্মই যাতে সকলো ক্ষেত্ৰতে পাৰদৰ্শিতা আগবঢ়াই বিশ্বৰ ভিতৰতে সুনাম অৰ্জন কৰিব পাৰে তাৰ বাবেও বদৰুদ্দিন আজমলে বিশেষ মুহূৰ্তত আশা প্ৰকাশ কৰে ।
Last Updated :Feb 3, 2023, 8:26 PM IST

ABOUT THE AUTHOR

...view details