অসম

assam

Assam HSLC Results 2023: চিকিৎসক হোৱাৰ সপোন দ্বিতীয় স্থানপ্ৰাপ্ত আদিত্য অনুপম কোঁৱৰৰ

By

Published : May 22, 2023, 4:44 PM IST

চিকিৎসক হোৱাৰ সপোন দ্বিতীয় স্থানপ্ৰাপ্ত আদিত্য অনুপম কোৱঁৰৰ

ডিব্ৰুগড়, ২২ মে‘: সদ্যঘোষিত উচ্চ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত অসমৰ ভিতৰতে দ্বিতীয় স্থান লাভ কৰিলে সোণাৰিৰ ছেইণ্ট যোচেফ হাইস্কুলৰ আদিত্য অনুপম কোঁৱৰে (Assam HSLC Results 2023) । আদিত্য অনুপম কোঁৱৰে সৰ্বমুঠ ৫৯৩ লাভ কৰি দ্বিতীয় স্থান লাভ কৰে । সোণাৰিৰ ৰজাধাপ নিবাসী সোণাৰি মহাবিদ্যালয়ৰ প্ৰৱক্তা মনোৰঞ্জন কোঁৱৰ আৰু মীনাক্ষী গগৈ কোঁৱৰৰ পুত্ৰ আদিত্য ৷

আদিত্যই হাইস্কুল শিক্ষান্ত পৰীক্ষাত সৰ্বমুঠ ৫৯৩ লাভ কৰি ৰাজ্যৰ ভিতৰত দ্বিতীয় স্থান লাভ কৰে । দৈনিক ১১ ঘন্টাকৈ অধ্যয়ন কৰা ছাত্ৰজনে ভবিষ্যতে এজন ভাল চিকিৎসক হোৱাৰ সপোন আছে বুলি জানিবলৈ দিয়ে (HSLC Exam 2023)। উল্লেখ্য যে, এইবাৰ ফলাফলত প্ৰথম স্থানত জিলিকিল শোণিতপুৰৰ ঢেকিয়াজুলিৰ শংকৰদেৱ শিশু নিকেতন ছাত্ৰ হৃদম ঠাকুৰীয়া (HSLC Topper 2023)। 

লগতে পঢ়ক:HSLC Results 2023: হাইস্কুল শিক্ষান্ত পৰীক্ষাত প্ৰথম দহটা স্থান প্ৰাপকসকল

ABOUT THE AUTHOR

...view details