অসম

assam

Majuli College:মাজুলীত গুণ্ডাৰ ৰূপত ABVP ৰ নেতা কৰ্মী

By

Published : Aug 15, 2023, 7:28 PM IST

গুণ্ডাৰ ৰূপত ABVP ৰ নেতা

মাজুলী, 15 আগষ্ট :মাজুলীত ABVP ৰ নেতা কৰ্মীয়ে মাজুলী মহাবিদ্যালয়ৰ ব্যক্তিগত ছাত্ৰাবাসত সোমাই মাৰধৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে ৷ মহাবিদ্যালয় খনৰ সাধাৰণ সম্পাদক মিগম কুলিক ABVP ৰ নেতা কৰ্মীয়ে মাৰধৰ কৰাৰ অভিযোগ । মাজুলী মহাবিদ্যালয়ৰ তৰফৰ পৰা স্বাধীনতা দিৱস পালন কৰা আয়োজনস্থলীত AVBP সদস্য উপস্থিত হৈ তথা ফটো তুলি ABVP তৰফৰ পৰা স্বাধীনতা দিৱস পালন কৰা বুলি সামাজিক মাধ্যমত প্ৰচাৰ কৰাক লৈ সংঘটিত হয় এই ঘটনা ।

মহাবিদ্যালয় কৰ্তৃপক্ষই অনুষ্ঠিত কৰা স্বাধীনতা দিৱসৰ ফটো তুলি AVBP সদস্যই সেই অনুষ্ঠান নিজে অনুষ্ঠিত কৰা বুলি ছ’চিয়েল মিডিয়াত আপলোড কৰিছিল ৷ মহাবিদ্যালয়ৰ অধ্যক্ষই কথাটো জানিব পাৰি সাধাৰণ সম্পাদকক ফোনযোগে তেওঁলোকক এই পোষ্ট আঁতৰাই দিবলৈ ক’বলৈ কয় ৷ তাতেই অগ্নিশৰ্মা হৈ পৰে ABVP ৰ সদস্যসকল ৷

ABVP ৰ নেতা কৰ্মীয়ে মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকগৰাকীক মাৰপিট কৰাৰ লগতে প্ৰাণে মৰা ভাবুকি প্ৰদান কৰে বুলি অভিযোগ তুলিছে মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকগৰাকীয়ে । ABVP ৰ মাজুলী জিলা সংযোজক আলোক তামুলী, প্ৰাক্তন জিলা সংযোজক আকাশ পেগুৰ লগতে ভাৰ্গব বৰুৱা, শৰ্মিল বৰুৱা লগতে শ্বাস্বত শইকীয়াই আজি আক্ৰমণৰ লক্ষ্য কৰি লয় মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদকজনক । আক্ৰমণকাৰী কেইজনৰ বিৰুদ্ধে মাজুলী মহাবিদ্যালয়ৰ সাধাৰণ সম্পাদক মিগম কুলিয়ে মাজুলী থানাত এক গোচৰ ৰুজু কৰিছে ।

লগতে পঢ়ক :Teachers involving in student politics :শিক্ষকে ৰাজনৈতিক মোহৰ থকা ছাত্ৰ সংগঠনত যোগদান কৰাটো গ্ৰহণযোগ্য নহয়; শংকৰজ্যোতি বৰুৱা

ABOUT THE AUTHOR

...view details