অসম

assam

Ayurvedic Tips: স্মৃতিশক্তি বৃ্দ্ধি কৰিবলৈ আজিয়েই ট্ৰাই কৰক এই আয়ুৰ্বেদিক টিপছ

By

Published : Nov 22, 2022, 8:14 PM IST

আজিকালি বেয়া জীৱনশৈলীৰ বেয়া প্ৰভাৱ মানুহৰ স্বাস্থ্যৰ ওপৰতে নহয়, মানসিক স্বাস্থ্যৰ ওপৰতো পৰিবলৈ ধৰিছে । এনে পৰিস্থিতিত স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধিৰ বাবে আয়ুৰ্বেদিক কিছুমান টিপচ মানি চলিব পাৰে ৷ সবিশেষ পঢ়ক...

Ayurvedic Tips To Improve your Memory Power
স্মৃতিশক্তি বৃ্দ্ধি কৰিবলৈ আজিয়েই ট্ৰাই কৰক এই আয়ুৰ্বেদিক টিপছ

বৰ্তমান সময়ত মানুহৰ মাজত স্মৃতি বিভ্ৰাট খুব দ্ৰুতগতিত বৃদ্ধি পাবলৈ ধৰিছে । আন বস্তু মনত ৰাখি মানুহে প্ৰায়ে কিছুমান কথা পাহৰি যায় । ইয়াৰ উপৰিও মানুহে একাগ্ৰতাৰে কাম কৰিবলৈও অক্ষম(Ayurvedic Tips) । কিছুমান গৱেষণাৰ মতে এনে হোৱাৰ এটা কাৰণ হ’ল বেয়া জীৱনশৈলী(Ayurvedic Tips To Improve your Memory Power) ।

বৃদ্ধ বয়সত পাহৰি যোৱাৰ সমস্যাটো সাধাৰণ যদিও যুৱক-যুৱতীৰ মাজত এই সমস্যা দেখা গৈছে । আজিৰ দ্ৰুত গতিৰ জীৱনত মানসিকভাৱে সুস্থ হৈ থকাটো অতিকৈ প্ৰয়োজনীয়, নহ’লে ক’ৰবাত নহয় ক'ৰবাত আপুনি পিছ পৰি ৰ'ব । স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধিৰ বাবে কিছু আয়ুৰ্বেদিক বনৌষধিও সেৱন কৰিব পাৰে(Ayurvedic Tips to boosting memory power) । এই আয়ুৰ্বেদিক বনৌষধি কোন কোনবোৰ জানো আহক-

স্মৃতিশক্তি বৃ্দ্ধি কৰিবলৈ আজিয়েই ট্ৰাই কৰক এই আয়ুৰ্বেদিক টিপছ

ব্ৰাহ্মী(Brahmi)

ব্ৰাহ্মী এবিধ প্ৰাচীন বনৌষধি । ই বিভিন্ন ঔষধি গুণেৰে ভৰপূৰ । হাজাৰ হাজাৰ বছৰ ধৰি আয়ুৰ্বেদত ইয়াৰ ব্যৱহাৰ চলি আছে । ই মগজুৰ কাৰ্যক্ষমতা উন্নত কৰে । এই বনৌষধিটোৱে মানসিক চাপ আৰু উদ্বেগৰ পৰা সকাহ দিয়াৰ কাম কৰে । ই মানসিক স্বাস্থ্যৰ উন্নতিত সহায় কৰে । ব্ৰাহ্মী খোৱাৰ ফলত স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধি পাব পাৰে । ইয়াক সেৱনে স্মৃতিশক্তিৰ সৈতে জড়িত সমস্যাসমূহ আঁতৰোৱাত সহায় কৰে । ব্ৰাহ্মী গুড়ি গাখীৰ বা পানীৰ লগত মিহলাই খাব পাৰে ৷

শংখপুষ্পী(Shankhpushpi)

আয়ুৰ্বেদিক চিকিৎসাত শংখপুষ্পীক অতি শক্তিশালী বনৌষধি হিচাপে গণ্য কৰা হয় । বছৰ বছৰ ধৰি ইয়াক ঔষধ হিচাপে ব্যৱহাৰ কৰা হৈছে । মনক শান্ত কৰাৰ লগতে স্মৃতিশক্তি বৃদ্ধি কৰিবলৈ ব্যৱহাৰ কৰা হয় । ই মানসিক চাপ আৰু উদ্বেগ দূৰ কৰাৰ কাম কৰে । ইয়াৰ বাবে এই বনৌষধি গুড়ি এচামুচ কুহুমীয়া পানীত মিহলাই খাব পাৰে ।

অশ্বগন্ধা(Ashwagandha)

অশ্বগন্ধাই মানসিক আৰু শাৰীৰিক চাপ দূৰ কৰাৰ কাম কৰে । ই মগজুত অক্সিডেটিভ ষ্ট্ৰেছ হ্ৰাস কৰে । এইটো স্বাস্থ্যৰ বাবে বহুত ভাল । ই কেৱল স্মৃতিশক্তি বৃদ্ধি কৰাই নহয়, মগজুৰ ৰোগৰ সম্ভাৱনাও কমোৱাৰ কাম কৰে । গাখীৰ, পানী, মৌ, ঘিউৰ সৈতে মিহলাই ল'ব পাৰে ।

তুলসী(Basil)

তুলসীক অন্যতম শ্ৰেষ্ঠ বনৌষধি হিচাপে গণ্য কৰা হয় । আয়ুৰ্বেদত স্বাস্থ্য উপকাৰীতাৰ বাবে তুলসী পৰিচিত । এইটো স্বাস্থ্যৰ বাবে বহুত ভাল । ইয়াৰ এন্টিবায়টিক, এন্টি ভাইৰেল, এন্টিবেক্টেৰিয়েল, এন্টি কাৰ্চিনোজেনিক গুণ আছে । ই বহু স্বাস্থ্যজনিত সমস্যাৰ পৰা ৰক্ষা কৰিবলৈ কাম কৰে । ই স্মৃতিশক্তি আৰু একাগ্ৰতা বৃদ্ধিৰ কাম কৰে । ইয়াৰ বাবে ৫ৰ পৰা ১০টা তুলসীৰ পাত, ৫টা আলমণ্ড আৰু ৫টা ক’লা জলকীয়া মৌৰ সৈতে খাব পাৰে । ই স্মৃতিশক্তি বৃদ্ধি কৰাত সহায় কৰে ।

ধ্যান(Meditation)

নিয়মিত ধ্যান-ধাৰণেও আপোনাক মানসিকভাৱে সুস্থ কৰি ৰখাৰ কাম কৰে । মনটোক শান্ত কৰে । ধ্যান কৰিলে মানসিক চাপ কমি যায় । একাগ্ৰতা বৃদ্ধি কৰে ।

লগতে পঢ়ক:Hot Flashes: হৰম’নৰ ভাৰসাম্যহীনতা হ'ব পাৰে হট ফ্লেছৰ কাৰণ

ABOUT THE AUTHOR

...view details