ETV Bharat / sukhibhava

সুৰা ত্যাগ কৰিলে লিভাৰৰ কি হয় কেতিয়াবা ভাবি চাইছেনে?

author img

By ETV Bharat Assamese Team

Published : Jan 17, 2024, 3:59 PM IST

সুৰাই যকৃতক চৰ্বিযুক্ত কৰি তোলে যাৰ ফলত যকৃতৰ প্ৰদাহ হয় । তাৰ পিচত নিজকে আৰোগ্য কৰাৰ বাবে যকৃতে দাগৰ কোষকলা প্ৰস্তুত কৰে । প্লাইমাউথ বিশ্ববিদ্যালয়ৰ অশ্বিন ধাণ্ডাই বিতংভাৱে লিভাৰৰ কাৰ্য বৰ্ণনা কৰাৰ লগতে সৰ্ববৃহৎ শৰীৰৰ অংগৰ ওপৰত সুৰাৰ প্ৰভাৱৰ বিষয়ে ব্যাখ্যা কৰিছে ।

What happens to your liver when you quit alcohol
সুৰাই কিদৰে প্ৰভাৱ পেলাই লিভাৰৰ ওপৰত

যকৃত হৈছে মানুহৰ শৰীৰৰ আটাইতকৈ ডাঙৰ আভ্যন্তৰীণ অংগ । মদৰ দৰে বিষাক্ত পদাৰ্থ নিঃশেষ কৰি পেলোৱাকে ধৰি বিভিন্ন ধৰণৰ শৰীৰৰ অন্তৰ্নিহিত কামৰ বাবে যকৃতৰ প্ৰয়োজন হয় । যকৃত হৈছে এনে এটা অংগ যিয়ে সেৱন কৰা সুৰা শৰীৰৰ ভিতৰত প্ৰথমে প্ৰত্যক্ষ কৰে, তেনেস্থলত মদ্যপানৰ প্ৰভাৱত ই আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হোৱাটো আচৰিত কথা নহয় । কিন্তু দীৰ্ঘদিন ধৰি অধিক মাত্ৰাত মদ্যপান কৰিলে মগজু আৰু হৃদযন্ত্ৰকে ধৰি অন্যান্য অংগসমূহো ক্ষতিগ্ৰস্ত হ’ব পাৰে ।

অশ্বিন ধাণ্ডাই কয়, ‘লিভাৰ বিশেষজ্ঞ হিচাপে মই প্ৰতিদিনে মদ্যপানজনিত যকৃতৰ ৰোগত আক্ৰান্ত লোকক লগ পাওঁ । ইয়াৰ মাজত fatty liver ৰ পৰা cirrhosis লৈকে সকলোধৰণৰ ৰোগেই থাকে ৷ মন কৰিবলগীয়া যে শেষৰ পৰ্যায় নোপোৱালৈকে এইবোৰৰ কোনো লক্ষণ দেখা নাযায় ।’

তেওঁ লগতে কয়, প্ৰথমে, সুৰাই যকৃতক চৰ্বিযুক্ত কৰি তোলে । এই চৰ্বিৰ ফলত যকৃত ফুলি যায় । ইয়াৰ প্ৰতিক্ৰিয়াস্বৰূপে, যকৃতে নিজকে আৰোগ্য কৰিবলৈ চেষ্টা কৰে আৰু scar tissue প্ৰস্তুত কৰে । চিৰ’ছিছৰ শেষৰ পৰ্যায়ত যকৃত বিকল হ’লে মানুহ হালধীয়া (জণ্ডিচ) হৈ পৰে আৰু তৰল পদাৰ্থৰ সৈতে ফুলি উঠে ৷ ইয়াৰ ফলত টোপনি আৰু বিভ্ৰান্তিৰ সৃষ্টি হ’ব পাৰে । এইটো গুৰুতৰ আৰু ই মাৰাত্মক হ’ব পাৰে ।

নিয়মীয়াকৈ প্ৰতি সপ্তাহত 14 ইউনিট সুৰাৰ অনুমোদিত সীমাতকৈ অধিক সুৰা পান কৰা বেছিভাগ লোকৰে ফেটী লিভাৰ হয় ৷ যেনে ধৰি লওক 8% ত কৈ অধিক এলকহলযুক্ত স্বাভাৱিক বিয়েৰ নতুবা 14% ত কৈ অধিক এলকহলযুক্ত 175 মিলি গিলাচৰ ৱাইন যদি আপুনি নিয়মীয়াকৈ সেৱন কৰে, তেন্তে আপোনাৰ ফেটী লিভাৰ হোৱাৰ সম্ভাৱনা আছে ৷ দীৰ্ঘম্যাদী আৰু মাত্ৰাধিক সুৰাৰ সেৱনে দাগ আৰু cirrhosis হোৱাৰ আশংকা বৃদ্ধি কৰে ।

পিছে ইমানৰ মাজত এটা ভাল খবৰো আছে । চৰ্বিযুক্ত যকৃত থকা লোকৰ ক্ষেত্ৰত সুৰা ত্যাগ কৰাৰ মাত্ৰ দুইৰ পৰা তিনি সপ্তাহৰ পিচতেই যকৃত আৰোগ্য হ’ব পাৰে আৰু নতুন যকৃতৰ দৰে সুচাৰুৰূপে কাম কৰিব পাৰে ।

যকৃতৰ প্ৰদাহ বা মৃদু দাগ থকা লোকৰ ক্ষেত্ৰত সুৰা ত্যাগ কৰাৰ সাত দিনৰ ভিতৰতে যকৃতৰ চৰ্বি, প্ৰদাহ আৰু দাগ লক্ষণীয়ভাৱে হ্ৰাস হোৱা দেখা যায় । কেইবামাহ ধৰি সুৰা সেৱন বন্ধ কৰিলে যকৃত আৰোগ্য হয় আৰু স্বাভাৱিক অৱস্থালৈ ঘূৰি আহে ।

অধিক গুৰুতৰ দাগ বা যকৃত বিকল হোৱা অত্যাধিক সুৰাপায়ীৰ ক্ষেত্ৰত কেইবা বছৰধৰি সুৰা ত্যাগ কৰিলে যকৃতৰ বিফলতা আৰু মৃত্যুৰ সম্ভাৱনা হ্ৰাস হয় । অৱশ্যে, যিসকলে অত্যাধিক সুৰাপান কৰে আৰু যিসকল শাৰীৰিকভাৱে সুৰাৰ ওপৰত নিৰ্ভৰশীল তেনেলোকে হঠাতে সুৰা ত্যাগ কৰিলে alcohol withdrawal হ’ব পাৰে ৷

যদি এয়া alcohol withdrawal মৃদু ৰূপত হয়, তেতিয়া ইয়াৰ ফলত কঁপনি হয় আৰু ঘাম ওলায় । কিন্তু যদি ই গুৰুতৰ ৰূপত হয়, তেন্তে ইয়াৰ ফলত সুৰাপায়ীজনে ভ্ৰম বকিব পাৰে, ফিট হৈ পৰিব পাৰে ৷ আনকি এজন ব্যক্তিৰ মৃত্যুৰ কাৰণো হ’ব পাৰে । অত্যাধিক সুৰাপান কৰা লোকসকলে সুৰা কেনেদৰে ত্যাগ কৰিব লাগে সেই বিষয়ে চিকিৎসকৰ পৰামৰ্শ লোৱা উচিত ।

সুৰাপান ত্যাগ কৰিলে টোপনি, মগজুৰ কাৰ্যক্ষমতা আৰু ৰক্তচাপৰ ওপৰতো ইতিবাচক প্ৰভাৱ পৰে । দীঘলীয়া সময়ৰ বাবে সুৰা পৰিহাৰ কৰিলে কেইবা প্ৰকাৰৰ কৰ্কট ৰোগ, যেনে যকৃত, অগ্নাশয় আৰু মলাশয়ৰ কৰ্কট ৰোগ হোৱাৰ সম্ভাৱনা কমি আহে আৰু হৃদৰোগ-ষ্ট্ৰোকৰ হোৱাৰো আশংকা হ্ৰাস হয় ।

অৱশ্যে, সুৰাই অসুস্থ স্বাস্থ্যৰ একমাত্ৰ কাৰণ নহয় । সুৰা ত্যাগ কৰাৰ বহু স্বাস্থ্য উপকাৰিতা আছে, কিন্তু ই ৰামবাণ নহয় । সুৰা ত্যাগ কৰাটো সুষম খাদ্য আৰু নিয়মীয়া শাৰীৰিক ব্যায়ামকে ধৰি সুস্থ জীৱনশৈলীৰ অংশ হিচাপে চোৱা উচিত৷ ক্ষতি হোৱাৰ পিচত যকৃতৰ নিজকে মেৰামতি কৰাৰ এক আচৰিত শক্তি আছে । কিন্তু গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হ’লে ই পুনৰাই নতুন হিচাপে নিজৰ আকাৰ ল’ব নোৱাৰে ৷

যদি আপুনি মদ্যপান বন্ধ কৰে আৰু কেৱল চৰ্বিযুক্ত যকৃত থাকে তেন্তে ই সোনকালে স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব পাৰে । কিন্তু যদি আৰম্ভণিতে cirrhosis হয়, তেন্তে মদ্যপান বন্ধ কৰিলে কিছু পৰিমাণে ভাল হ’ব আৰু কাৰ্য্যক্ষমতা উন্নত হ’ব যদিও ইতিমধ্যে মদ্যপানে কৰা সকলো ক্ষতি পুনৰ স্বাভাৱিক অৱস্থালৈ ঘূৰি আহিব নোৱাৰে ।

যদি আপুনি আপোনাৰ যকৃতৰ যত্ন ল’ব বিচাৰে তেন্তে সীমিত পৰিমাণে সুৰাপান কৰক আৰু প্ৰতি সপ্তাহত দুইৰ পৰা তিনিদিন মদ্যপানমুক্ত দিন হিচাপে পাৰ কৰক ।

লগতে পঢ়ক : সুস্বাস্থ্য বজাই ৰাখিবলৈ আজিয়েই ত্যাগ কৰক এই চাৰিবিধ পানীয়

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.