অসম

assam

Tiranga Yatra in Tinsukia, তিনিচুকীয়াত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ত্ৰিৰংগা যাত্ৰা

By

Published : Aug 12, 2022, 9:28 PM IST

Updated : Aug 13, 2022, 11:52 AM IST

শুকুৰবাৰে তিনিচুকীয়াত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ণ কৰা হয় (Rally in Tinsukia on the occasion of Azadi ka Amrit Mahotsav) ৷ এই অনুষ্ঠানত শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণ উপস্থিত থাকে ৷

Rally in Tinsukia on the occasion of Azadi ka Amrit Mahotsav
তিনিচুকীয়াত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ত্ৰিৰংগা যাত্ৰা

তিনিচুকীয়া, 12 আগষ্ট: দেশৰ ৭৫ সংখ্যক স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত (75th Independence Day) 'স্বাধীনতাৰ অমৃত মহোৎসৱ'ৰ (Azadi ka Amrit Mahotsav) লগত সংগতি ৰাখি শ্ৰম মন্ত্ৰী সঞ্জয় কিষাণে (Labour Minister Sanjay Kishan) তিনিচুকীয়াত শুকুৰবাৰে প্ৰভাত ফেৰী কাৰ্যসূচী ৰূপায়ণ কৰে (Rally in Tinsukia on the occasion of Azadi ka Amrit Mahotsav) । এই কাৰ্যসূচীত মন্ত্ৰীগৰাকীয়ে অংশ গ্ৰহণ কৰি ভাৰত ত্যাগ আন্দোলনৰ শ্বহীদসকলৰ স্বদেশপ্ৰম, ত্যাগ আৰু আত্ম বলিদানৰ কথা স্মৰণ কৰে ৷

লগতে ৰঘুপতি ৰাঘৱ ৰাজাৰাম ভজন আৰু বন্দে মাতৰম গীত গাই উলিয়াই ত্ৰিৰংগা যাত্ৰা(Triranga Yatra in Tinsukia) ৷ লগতে তেওঁ স্বাধীনতাৰ অমৃত মহোৎসৱৰ অংশ স্বৰূপে "ঘৰে ঘৰে জাতীয় পতাকা" (Har Ghar Tiranga) অভিযান কাৰ্যসূচী সফল কৰি তোলাৰ উদ্দেশ্যে ৰাজ্যখনৰ প্ৰতিজন নাগৰিকক নিজৰ ঘৰত দেশৰ স্বাভিমান আৰু গৌৰৱৰ প্ৰতীক ৰাষ্ট্ৰীয় পতাকাখন উৰুৱাবলৈ আহ্বান জনায় ৷

তিনিচুকীয়াত স্বাধীনতাৰ অমৃত মহোৎসৱ উপলক্ষে ত্ৰিৰংগা যাত্ৰা

আনহাতে আগন্তুক 15 আগষ্টৰ স্বাধীনতা দিৱসত তিনিচুকীয়া ঔদ্যোগিক প্ৰশিক্ষণ প্ৰতিষ্ঠানৰ (ITI) খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া দিনযোৰা কাৰ্যসূচীত তিনিচুকীয়াবাসীক উপস্থিতি থাকিবলৈ আহ্বান জনায় মন্ত্ৰীগৰাকীয়ে ৷ ইয়াকে লৈ ৰাইজক সজাগ কৰাৰ লক্ষ্যৰে এই প্ৰভাত ফেৰী কাৰ্যসূচী গ্ৰহণ কৰা হৈছে বুলি মন্ত্ৰীগৰাকীয়ে জানিবলৈ দিয়ে ৷

কার্যসূচীত তিনিচুকীয়া পৌৰসভাৰ পৌৰপতি নাৱনিতা আগৰৱালা, বিজেপি জিলা সমিতিৰ উপ-সভাপতি পুলক চেতিয়া, তিনিচুকীয়া জিলা যুৱ মৰ্চাৰ বিষয়-ববীয়া সকলৰ লগতে দলীয় কাৰ্যকর্তাসকলে অংশ গ্ৰহণ কৰে ।

লগতে পঢ়ক:Rare Indian Flag: ঢকুৱাখনাত সংৰক্ষিত হৈ আছে স্বাধীনতা আন্দোলনৰ দলিল

Last Updated :Aug 13, 2022, 11:52 AM IST

ABOUT THE AUTHOR

...view details