ETV Bharat / state

Rare Indian Flag, ঢকুৱাখনাত সংৰক্ষিত হৈ আছে স্বাধীনতা আন্দোলনৰ দলিল

author img

By

Published : Aug 12, 2022, 6:51 PM IST

Updated : Aug 13, 2022, 12:00 PM IST

এখন বিশেষ পতাকা সংৰক্ষণ কৰি ৰখা হৈছে এটা বিশেষ পৰিয়ালত ৷ স্বাধীনতা আন্দোলনৰ সময়ত ব্যৱহৃত পতাকাখন সযতনে সংৰক্ষিত হৈ আছে ঢকুৱাখনাত ৷ কিন্তু এইক্ষেত্ৰত চৰকাৰে লোৱা নাই কোনো পদক্ষেপ ৷

Rare Indian Flag
ঢকুৱাখনাত সংৰক্ষিত হৈ আছে স্বাধীনতা আন্দোলনৰ দলিল

তেজপুৰ, ১২ আগষ্ট: এখন পতাকা । দেশৰ স্বাধীনতাৰ হকে ভাৰত ত্যাগ আন্দোলনৰ সময়ত ব্যৱহৃত বিশেষ পতাকা এইখন । পতাকাখন সুদীৰ্ঘ প্ৰায় চাৰি কুৰি বছৰ সযতনে ৰাখিছে এটা পৰিয়ালে ।

স্বাধীনতা সংগ্ৰামী শিৱ চন্দ্ৰ দেৱগোস্বামীয়ে(Freedom fighter Shiva Chandra Dev Goswami) স্বাধীনতা আন্দোলনত অংশগ্ৰহণ কৰাৰ সময়তে ব্যৱহাৰ কৰিছিল এই পতাকাখন (Flag used in pre independence period in India)। বোধহয় ১৯৩২-৪৬ চনৰ ভিতৰত এই পতাকাখন ব্যৱহাৰৰ কৰিছিল দেশ স্বাধীন হোৱাৰ পূৰ্বে স্বাধীনতা আন্দোলনত যোগ দিয়া লোকে । তেতিয়াৰে পৰা এই পতাকাখন সযতনে ৰাখিছে শিৱ চন্দ্ৰ দেৱগোস্বামীৰ পুত্ৰ আৰু নাতিয়ে । কিন্তু দুখৰ বিষয় যে, পতাকাখন সংৰক্ষিত কৰাক লৈ চৰকাৰৰ আগ্ৰহ দেখা নাই এই পৰ্যন্ত ।

Rare Indian Flag
ঢকুৱাখনাত সংৰক্ষিত হৈ আছে স্বাধীনতা আন্দোলনৰ দলিল

স্বাধীনতা সংগ্ৰামীসকলক সন্মানিত কৰিলে যদিও তেওঁলোকৰ আপুৰুগীয়া সম্পদসমূহ সংৰক্ষণ কৰাৰ বাবে চৰকাৰে গুৰুত্ব নিদিয়াৰ অভিযোগ উত্থাপিত কৰিলে শিৱ চন্দ্ৰ দেৱগোস্বামীৰ নাতি বিজু দেৱগোস্বামীয়ে । ইটিভি ভাৰতৰ লগত হোৱা টেলিফোনিক বাৰ্তাত তেওঁ কয় যে তেওঁলোকে কেইখনমান আপুৰুগীয়া পত্ৰ আৰু বিশেষ পতাকাখন সংৰক্ষণ কৰি ৰাখিছে । ১৮৮৯ চনত জন্ম গ্ৰহণ কৰা শিৱ চন্দ্ৰ দেৱগোস্বামী স্বাধীনতা আন্দোলনত সম্পূৰ্ণৰূপে জড়িত আছিল ।

১৯৪৩ চনৰ ব্ৰিটিছ শাসনৰ(British rule in India) সময়ত স্বাধীনতা আন্দোলনত যোগ দিয়া শ্বহীদ কুশল কোঁৱৰৰ মৃত্যুৰ পাচত এখন সভাত অংশগ্ৰহণ কৰাৰ বাবে দিয়া এক নিমন্ত্ৰণী পত্ৰ বৰ্তমানো সযতনে ৰাখিছে শিৱ চন্দ্ৰ দেৱ গোস্বামীৰ পৰিয়াবৰ্গই । ১৯৯৮ চনত হোৱা ভয়ানক বানৰ কৱলত সেই সময়ৰ স্বাধীনতা আন্দোলনৰ সামগ্ৰীসমূহ নিঃশেষ হৈ পৰে বুলি জানিবলৈ দিয়ে পৰিয়ালৰ লোকে ।

Rare Indian Flag
ঢকুৱাখনাত সংৰক্ষিত হৈ আছে স্বাধীনতা আন্দোলনৰ দলিল

উল্লেখ্য যে, ১৯৪৬ চনত আকস্মিকভাৱে মৃত্যু হোৱা লখিমপুৰ জিলাৰ ঢকুৱাখনাৰ নিবাসী স্বাধীনতা সংগ্ৰামী শিৱ চন্দ্ৰ দেৱগোস্বামীৰ পাঁচগৰাকী পুত্ৰ ধৱল চন্দ্ৰ দেৱগোস্বামী, ৰূপেন্দ্ৰ দেৱগোস্বামী, লীলা কান্ত দেৱগোস্বামী, মোহন দেৱগোস্বামী আৰু প্ৰফুল্ল নাৰায়ণ দেৱগোস্বামী । প্ৰথম আৰু দ্বিতীয় পুত্ৰৰ ইতিমধ্যে মৃত্যু হয় আৰু বৰ্তমান লীলাকান্ত দেৱগোস্বামী, মোহন দেৱগোস্বামী আৰু প্ৰফুল্ল নাৰায়ণ দেৱ গোস্বামী জীৱিত অৱস্থাত আছে ।

মোহন দেৱগোস্বামীৰ পুত্ৰ স্বাধীনতা সংগ্ৰামী শিৱ চন্দ্ৰ দেৱগোস্বামীৰ নাতি বিজু দেৱগোস্বামীয়ে পুনৰ কয় যে চৰকাৰৰ তৰফৰ পৰা আজিলৈকে এই পতাকাখনৰ বিষয়ে জানিবলৈ ইচ্ছা প্ৰকাশ নকৰিলে । পতাকাখনৰ দীৰ্ঘ ৪ ফুট আৰু প্ৰস্থ ১' ১০" ইন্সি ৷ পতাকাখনত লিখিত আছে "বন্দে মাতৰম, ভাৰত মাতা কি জয়, স্বাধীনতা লাগে "৷ অৱশ্যে পৰৱৰ্তী সময়ত এই পতাকাখনৰ আৰ্হিত বৰ্তমান আমাৰ জাতীয় পতাকাখন প্ৰস্তুত হোৱা বুলিও বহুতে মন্তব্য কৰে ।

Rare Indian Flag
স্বাধীনতা আন্দোলনৰ সময়ৰ কিছু নিমন্ত্ৰণী পত্ৰ

উল্লেখযোগ্য যে এনেধৰণৰ পতাকা হয়তো বহু ঠাইত সংৰক্ষণৰ অভাৱত পৰি ৰৈছে যদিও উদ্ধাৰ হোৱা নাই । এইসমূহ আপুৰুগীয়া সম্পদ চৰকাৰে সংগ্ৰহ কৰি সংৰক্ষণ কৰাৰ বাবে সচেতন মহলে আহ্বান জনাইছে ।

লগতে পঢ়ক: Har Ghar Tiranga: পতাকা নিকিনা হিতাধিকাৰীক বিনামূলীয়া চাউল নিদিয়ে সুলভ মূল্যৰ চাউল বিক্ৰেতাই !

Last Updated :Aug 13, 2022, 12:00 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.