অসম

assam

Women Protest in Tinsukia:ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীলৈ নিমন্ত্ৰণ নোপোৱাত জিলা আয়ুক্তৰ কাৰ্যালয় ঘেৰাও

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 1:28 PM IST

অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ ২০২১' ৰ অধীনত ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীলৈ নিমন্ত্ৰণ নোপোৱাত সৃষ্টি হৈছে ক্ষোভ । জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী' ৰূপায়ণ কৰে বঞ্চিত মহিলাই ।

Assam Microfinance Incentives and Relief Scheme 2021
নাৰী মুক্তি সংগ্ৰাম সমিতি

নাৰী মুক্তি সংগ্ৰাম সমিতি

তিনিচুকীয়া, ১৬ অক্টোবৰ:নাৰী মুক্তি সংগ্ৰাম সমিতি তিনিচুকীয়া জিলা সমিতিৰ উদ্যোগত জিলাখনৰ বিভিন্ন আঞ্চলিক সমিতিৰ সহযোগত 'অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ ২০২১' ৰ অধীনত তিনিচুকীয়াৰ জানমুখ খেলপথাৰত ঋণমুক্ত প্ৰমাণপত্ৰ বিতৰণ কাৰ্যসূচীলৈ নিমন্ত্ৰণ নোপোৱা ঋণগ্ৰস্ত মহিলাসকলে সোমবাৰে 'জিলা আয়ুক্ত কাৰ্যালয় ঘেৰাও কাৰ্যসূচী' ৰূপায়ণ কৰে ৷

জিলাখনৰ কেইবা শতাধিক মহিলাৰ উপস্থিতিত মাইক্ৰ'ফাইনেন্স ঋণগ্ৰস্ত মহিলাসকলক অসম চৰকাৰে অতিসোনকালে ঋণৰ পৰা ৰেহাই দিয়া, তাৎক্ষণিকভাৱে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ পৰা ঋণৰ কিস্তি বিচাৰি যোৱা কাৰ্য বন্ধ কৰা, আদালতৰ পৰা জাননী পঠোৱা কাৰ্য বন্ধ কৰা, কেতিয়ালৈ ঋণগ্ৰস্ত মহিলাসকলক সকাহ দিব দিন/বাৰ ঘোষণা কৰা আৰু মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ওপৰত থকা আইন কঠোৰভাৱে বলবৎ কৰি তোলাৰ দাবী উত্থাপন কৰে ৷

ইফালে, এক ঘণ্টা জিলা আয়ুক্ত কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰাৰ পাছতো যদি কোনো গুৰুত্ব প্ৰদান নকৰে তেন্তে জানমুখ খেলপথাৰত আয়োজন কৰা 'অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ ২০২১' অনুষ্ঠানত উপস্থিত হৈ প্ৰতিবাদ সাব্যস্ত কৰাৰ হুংকাৰ প্ৰদান কৰে ৷

উল্লেখ্য় যে যোৱা ২৩ ছেপ্টেম্বৰ জনতা ভৱনত আয়োজন কৰা এক অনুষ্ঠানত অসম মাইক্ৰ'ফাইনেন্স উদগনি আৰু সকাহ আঁচনিৰ অধীনত তৃতীয় পৰ্যায়ত প্ৰায় ২.২ লাখ হিতাধিকাৰীলৈ সকাহ প্ৰদান কৰা হয় । তৃতীয় পৰ্যায়ত ৰাজ্য চৰকাৰৰ তৰফৰ পৰা প্ৰায় ২৯১ কোটি টকা প্ৰদানেৰে মাইক্ৰ'ফাইনেন্স ঋণৰ বোজাৰ পৰা ঋণ ধাৰকসকলক সকাহ প্ৰদান কৰা হয় । অনুষ্ঠানত তৃতীয় পৰ্যায়ৰ হিতাধিকাৰী সকললৈ 'No Due Certificate' প্ৰদান কৰা হয় ।

উল্লেখ্য যে তৃতীয় পৰ্যায়ৰ অধীনত প্ৰায় ৩০০ কোটি টকাৰ সুদ ৰেহাই দিয়ে মাইক্ৰ'ফাইনেন্স প্ৰতিষ্ঠানসমূহে । ঋণৰ পৰা মুক্তি লাভ কৰা মহিলাসকলক ১১ অক্টোবৰৰ পৰা জিলাই জিলাই গৈ No Dues Certificate প্ৰদান কৰিছে ।

লগতে পঢ়ক:Saikia dynamic: টেলেন্ট চাৰ্চ পৰীক্ষাৰ নামত জালিয়াতি কৰা দেবাংগ শইকীয়া মাজুলী আৰক্ষীৰ জালত

ABOUT THE AUTHOR

...view details