Saikia dynamic: টেলেন্ট চাৰ্চ পৰীক্ষাৰ নামত জালিয়াতি কৰা দেবাংগ শইকীয়া মাজুলী আৰক্ষীৰ জালত

By ETV Bharat Assamese Team

Published : Oct 16, 2023, 12:04 PM IST

thumbnail

মাজুলী, 16 অক্টোবৰ : বিতৰ্কত থকা শইকীয়া ডাইনেমিক প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী দেবাংগ শইকীয়াক অৱশেষত মাজুলী গড়মূৰ আৰক্ষীয়ে ধৰা পেলায় । গোপন তথ্যৰ পম খেদি মাজুলী গড়মূৰ সদৰ আৰক্ষীয়ে ধেমাজি জিলাৰ কুলাজানৰ পৰা আটক কৰিবলৈ সক্ষম হয় দেৱাংগ শইকীয়াক ।

টেলেন্ট চাৰ্চ পৰীক্ষাৰ নামত জালিয়াতি কৰি পলাই আছিল দেবাংগ শইকীয়া । কিছুদিনৰ পূৰ্বে আৰক্ষীয়ে অভিযান চলাই শইকীয়া ডাইনেমিকৰ কাৰ্যালয়ৰ পৰা বৃহৎ পৰিমাণৰ নথি পত্ৰ জব্দ কৰিবলৈ সক্ষম হৈছিল । শইকীয়া ডাইনেমিক প্ৰতিষ্ঠানৰ শপত নামাত মাজুলীত ইছলামিক স্কুল কলেজ ধৰ্মীয় উপাসনাস্থলী আৰু গৱেষণা কেন্দ্ৰ প্ৰতিষ্ঠা কৰা হ’ব বুলি উল্লেখ থকা যি তথ্য পোহৰলৈ আহিছিল সেই প্ৰসংগত কৰা প্ৰশ্নৰ উত্তৰত ‘নহয়’ বুলি মন্তব্য কৰে দেৱাংগ শইকীয়াই । আৰক্ষীৰ জেৰাৰ পিচতহে প্ৰকৃত তথ্য পোহৰলৈ আহিব ।

দেৱাংগ শইকীয়াৰ পৰা এখন ইগনিছ বিলাসী বাহন, ৪ টা মবাইল ফোন, ১ টা লেপটপৰ লগতে বহু আপত্তি জনক বস্তু পাবলৈ সক্ষম হৈছে আৰক্ষী ।

লগতে পঢ়ক : Talent search exam: পোহৰলৈ আহিছে শইকীয়া ডাইনেমিক প্ৰতিষ্ঠানৰ শপতনামাৰ ভয়ংকৰ তথ্য...

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.