অসম

assam

চাহ বাগিচাত স্মাৰ্টফোন-চাইকেল বিতৰণ

By

Published : Feb 16, 2021, 1:50 PM IST

বাহাদুৰ চাৰিআলিৰ দক্ষিণ তিনিচুকীয়া ৰংগমঞ্চত চাহ বাগিচাৰ চৰ্দাৰসকলক স্মাৰ্টফোন আৰু লাইন চকীদাৰসকলক চাইকেল প্ৰদান কৰা হয় । বিতৰণ কাৰ্যসূচীত উপস্থিত থাকে মন্ত্ৰী সঞ্জয় কিষাণ ।

চাহ বাগিচাৰ চৰ্দাৰক স্মাৰ্টফোন আৰু লাইন চকীদাৰক চাইকেল বিতৰণ
চাহ বাগিচাৰ চৰ্দাৰক স্মাৰ্টফোন আৰু লাইন চকীদাৰক চাইকেল বিতৰণ

তিনিচুকীয়া,১৬ ফেব্ৰুৱাৰী:তিনিচুকীয়াৰ চাহ বাগিচাৰ কৰ্মচাৰীসকলৰ বাবে বিশেষ পদক্ষেপ গ্ৰহণ জিলা প্ৰশাসন তথা অসম চৰকাৰৰ চাহ জনজাতি কল্যাণ সঞ্চালকালয়ৰ । জিলাখনৰ বাহাদুৰ চাৰিআলিৰ দক্ষিণ তিনিচুকীয়া ৰংগমঞ্চত চাহ বাগিচাৰ চৰ্দাৰসকলৰ মাজত স্মাৰ্টফোন আৰু লাইন চকীদাৰসকলক চাইকেল প্ৰদান কৰা হয় ।

অনুষ্ঠানত অসমৰ চাহ শ্ৰম আৰু চাহ জনজাতি কল্যাণ মন্ত্ৰী তথা তিনিচুকীয়াৰ বিধায়ক সঞ্জয় কিষাণ উপস্থিত থাকে । আগন্তুক দিনত চাহ জনজাতিৰ উন্নয়নৰ স্বাৰ্থত কাম কৰি যোৱাৰ প্ৰতিশ্ৰুতি দিয়ে মন্ত্ৰীগৰাকীয়ে । ইফালে মন্ত্ৰীগৰাকীয়ে আদিবাসী সংগীত পৰিৱেশন কৰি উপস্থিত ৰাইজক আমোদ দিয়া দেখা যায় । সমান্তৰালকৈ মন্ত্ৰীগৰাকীয়ে বিৰোধী কংগ্ৰেছ দলক তীব্ৰ সমালোচনা কৰি কয় যে, কংগ্ৰেছ চৰকাৰে কেৱল আঁঠুৱা আৰু কম্বলৰ ৰাজনীতিতে সীমাৱদ্ধ আছিল । কিন্তু মন্ত্ৰীগৰাকীৰ মতে, বিজেপি চৰকাৰৰ দিনত অসমৰ প্ৰতিটো জাতি-জনগোষ্ঠীৰ সৰ্বাংগীণ উন্নয়ন সম্ভৱ হৈছে ।

লগতে পঢ়ক:বিটিআৰত নিযুক্তি পত্ৰ বিতৰণ প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details