অসম

assam

9 বজাৰ শীৰ্ষ 10টা বাতৰি

By

Published : Jan 27, 2022, 9:05 AM IST

top-10-at-9-am

9 বজাৰ শীৰ্ষ 10টা বাতৰি

PhD Scholar Found Dead: IIT গুৱাহাটীত পুনৰ গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু

আই আই টি গুৱাহাটীত গৱেষক ছাত্ৰৰ ৰহস্যজনক মৃত্যু(IIT Guwahati student mysteriously found dead in hostel room) ৷ IIT গুৱাহাটীৰ হোষ্টেলৰ বিচনাত মুৰ্মূষু অৱস্থাত উদ্ধাৰ ছাত্ৰজনৰ মৃতদেহ ৷

Road Accidet at Sonitpur: শোণিতপুৰত ভয়াৱহ পথ দুৰ্ঘটনাত থিতাতে নিহত দুজন

গণৰাজ্য দিৱসৰ দিনা শোণিতপুৰত সংঘটিত এক ভয়াৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱালে দুই বাইক আৰোহীয়ে (Road accident at Sonitpur)৷ নিহত যুৱকদ্বয় উদয় তাঁতী আৰু সৌৰভ তাঁতী ৷

Bandh-Free Republic Day: কূটাঘাত অবিহনে ৰাজ্যত পাৰ হ’ল গণতন্ত্ৰ দিৱস

দেশৰ বিভিন্ন প্ৰান্তৰ লগতে গুৱাহাটী মহানগৰীতো উলহ মালহেৰে পালন কৰা হয় গণৰাজ্য দিৱস (Republic Day celebration in Guwahati)। পুৱাই পত্নী পুত্ৰসহ শ্ৰদ্ধাঞ্জলি কাননত উপস্থিত হৈ শ্বহীদলৈ শ্ৰদ্ধাঞ্জলি জনায় মুখ্যমন্ত্ৰী ড৹ শৰ্মাই ।

সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ হিমন্ত ৰজা হৈছে : ভূপেন বৰা

অসমৰ ৰাইজে হিমন্ত বিশ্ব শৰ্মাক মুখ্যমন্ত্ৰী পতা নাছিল, সৰ্বানন্দ সোণোৱালকহে পাতিছিল ৷ সোণোৱালক সাগৰৰ পাৰত বান্ধি থৈ ৰজা হ’ল হিমন্ত বিশ্ব শৰ্মা ৷ এই মন্তব্য ভূপেন বৰাৰ (Bhupen Bora on Assam CM)৷

Platinum Jubilee Celebration of GU: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ তম্‌ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চসপ্ততিতম্‌ প্ৰতিষ্ঠা দিৱস তথা মহাৰজত জয়ন্তী উদযাপন বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বুধবাৰে বিশ্ববিদ্যালয়খনৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে ৰাইজে সৃষ্টি কৰা উচ্চ শিক্ষাৰ এক পৱিত্ৰ মন্দিৰ (CM attends Gauhati University foundation day celebration programme) ৷

Lali Gur Racket Busted: তিনিচুকীয়া আৰক্ষীয়ে জব্দ কৰিলে বুজন পৰিমানৰ নিষিদ্ধ লালিগুৰ

তিনিচুকীয়াত বৃহৎ পৰিমাণৰ নিষিদ্ধ লালিগুড় মজুত (Lali Gur Racket Busted) । চকুমুদা কুলিৰ ভাওত তিনিচুকীয়া জিলা প্ৰশাসনকে ধৰি খাদ্য সুৰক্ষা বিভাগ । চহৰখনত কাৰ ছত্ৰ-ছায়াত অসাধু চক্ৰই চলাই আহিছে নিষিদ্ধ লালিগুৰৰ ৰমৰমীয়া বেহা ?

RSS Chief in Tripura: আগৰতলাৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ মোহন ভাগৱতৰ

চাৰিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত হোৱা আৰএছএছ মুৰব্বী মোহন ভাগৱতে অংশ ল'লে আগৰতলাৰ গণৰাজ্য দিৱসত । খাইৰপুৰৰ সেৱা ধামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰএছএছ প্ৰধানগৰাকীয়ে (RSS Chief hoists the national flag in Tripura)। ভাৰতৰ জনসাধাৰণক প্ৰাচীন গণৰাজ্যসমূহৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান মোহন ভাগৱতৰ ।

ভূমিৰ অধিকাৰ বিচাৰি মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকৰ প্ৰতিবাদ

মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকে ভূমিৰ অধিকাৰ বিচাৰি আজিও অব্যাহত ৰাখিছে প্ৰতিবাদ ৷ গণৰাজ্য দিৱসৰ পুৱা নগাঁও চহৰৰ মাজমজিয়াত প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰে মিকিৰ বামুণী গ্ৰাণ্টৰ কৃষকসকলে ৷ সংযুক্ত কৃষক মৰ্চা, নিখিল ভাৰত কৃষক সভা, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নগাঁও জিলা সমিতিৰ সহযোগত কৃষকসকলে সাব্যস্ত কৰে প্ৰতিবাদ ৷ এই কৃষক আন্দোলনত অংশগ্ৰহণ কৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা কৃষ্ণ গগৈয়ে ৷ এই সন্দৰ্ভত সাংবাদিক ৰকিবুল ৱাহিদৰ এক প্ৰতিবেদন ৷

Former CM Tests Covid Positive: ক'ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল (Former CM Tests Covid Positive) । তাৰ পাছত তেওঁৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ । ইয়াৰ পূৰ্বেও ২০২০ চনৰ ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কৰ'ণাত আক্ৰান্ত হৈছিল ।

Arunachal boy missing case: অপহৃত অৰুণাচলী যুৱকক ঘুৰাই দিব চীনা সৈন্যই

পিপলচ্ লিবাৰেশ্যন আৰ্মীয়ে ঘুৰাই দিব অৰুণাচলৰ নিৰুদ্দিষ্ট যুৱকক ৷ ইতিমধ্যেই সম্পন্ন হৈছে Hotline Exchange প্ৰক্ৰিয়া (Hotline exchanged between Indian Army and PLA) ৷ গণৰাজ্য দিৱসৰ দিনাই এই কথা জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷

ABOUT THE AUTHOR

...view details