RSS Chief in Tripura: আগৰতলাৰ গণৰাজ্য দিৱসত অংশগ্ৰহণ মোহন ভাগৱতৰ

author img

By

Published : Jan 26, 2022, 6:51 PM IST

RSS Chief in Tripura

চাৰিদিনীয়া কাৰ্যসূচীৰে ত্ৰিপুৰাত উপস্থিত হোৱা আৰএছএছ মুৰব্বী মোহন ভাগৱতে অংশ ল'লে আগৰতলাৰ গণৰাজ্য দিৱসত । খাইৰপুৰৰ সেৱা ধামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰএছএছ প্ৰধানগৰাকীয়ে (RSS Chief hoists the national flag in Tripura)। ভাৰতৰ জনসাধাৰণক প্ৰাচীন গণৰাজ্যসমূহৰ আদৰ্শ অনুসৰণ কৰিবলৈ আহ্বান মোহন ভাগৱতৰ ।

আগৰতলা,২৬ জানুৱাৰী : দেশৰ ভিন্ন প্ৰান্তত গণৰাজ্য দিৱসৰ বিভিন্ন কাৰ্যসূচী পালন কৰা হৈছে (Republic Day 2022)। ত্ৰিপুৰাৰ গণৰাজ্য দিৱসৰ এক বিশেষ কাৰ্যসূচীত অংশগ্ৰহণ কৰে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ মুৰব্বী ড০ মোহন ৰাও ভাগৱতে । পশ্চিম ত্ৰিপুৰা জিলাৰ আগৰতলাৰ সমীপৰ খাইৰপুৰৰ সেৱা ধামত ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰে আৰএছএছ প্ৰধানগৰাকীয়ে (RSS Chief hoists the national flag in Tripura)। ক'ভিড বিধিৰ মাজেৰে আয়োজিত এই অনুষ্ঠান পুৱা ৮ বজাৰ পৰা আৰম্ভ হয় ।

উল্লেখ্য যে আৰএছএছ প্ৰধান মোহন ভাগৱত চাৰিদিনীয়া কাৰ্যসূচীৰে ২৪ জানুৱাৰীত ত্ৰিপুৰাত উপস্থিত হৈছিল । এই ভ্ৰমণৰ অংশস্বৰূপে তেওঁ গণৰাজ্য দিৱসৰ কাৰ্যসূচীত অংশ লয় । ইফালে ভাষণৰ সময়ত তেওঁ ভাৰতৰ প্ৰাচীন গণৰাজ্যসমূহৰ কথা উল্লেখ কৰি গণতন্ত্ৰ দিৱসৰ গুৰুত্বৰ ওপৰত আলোকপাত কৰে । ভাষণ প্ৰসংগত তেওঁ কয় যে, ভাৰতৰ প্ৰাচীন গণৰাজ্য যেনে বৈশালী, লিচাবী আদিৰ গণতান্ত্ৰিক ব্যৱস্থাক ভাৰতৰ বৰ্তমানৰ গণতন্ত্ৰই অনুসৰণ কৰাৰ প্ৰয়োজন আছে ।

তেওঁ কয় যে আমাৰ ৰাষ্ট্ৰীয় পতাকাৰ শীৰ্ষত থকা গেৰুৱা ৰঙে সাহস, ত্যাগ আৰু উৎসাহক প্ৰতিনিধিত্ব কৰে যিটো আমাৰ প্ৰাচীন ৰজাসকলৰ লগতে স্বাধীনতা সংগ্ৰামীসকলৰ জীৱন-দৰ্শনত দেখা যায় । তেওঁৰ মতে ভাৰত এখন শান্তিপূৰ্ণ দেশ । ভাৰতে ভাতৃত্ববোধ, সম্প্ৰীতি আৰু শান্তিৰ বাৰ্তা বাকী বিশ্বলৈ প্ৰচাৰ কৰি আহিছে । তেওঁ লগতে কয় যে ভাৰতে প্ৰকৃতিৰ উপাসনা কৰে ।

তেওঁ জাতীয় পতাকাৰ সেউজীয়া ৰঙৰ গুৰুত্বৰ কথা উল্লেখ কৰি কয় যে এই ৰঙ দেৱী লক্ষ্মীৰ অগ্ৰগতিৰ প্ৰতীক । যিহেতু ভাৰত বৃদ্ধ বয়সৰ পৰাই আধ্যাত্মিক দেশ হিচাপে পৰিগণিত হৈ আহিছে সেয়ে তেওঁৰ মতে জাতীয় পতাকাৰ মাজত থকা ধৰ্মচক্ৰত আমাৰ সামাজিক-সাংস্কৃতিক দৰ্শনৰ বিষয়ে দেখুওৱা হৈছে । তেওঁ লগতে কয় যে ভাৰতৰ বৰ্তমানৰ গণতন্ত্ৰ ব্যৱস্থাত বৈশালীৰ দৰে প্ৰাচীন গণৰাজ্যসমূহৰ প্ৰচলিত দৰ্শন প্ৰয়োগ কৰাটো আমাৰ সকলোৰে সংকল্প হোৱা উচিত ।

লগতে পঢ়ক :পদ্মভূষণ প্ৰত্যাখান বুদ্ধদেৱ ভট্টাচাৰ্যৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.