ETV Bharat / bharat

পদ্মভূষণ প্ৰত্যাখান বুদ্ধদেৱ ভট্টাচাৰ্যৰ

author img

By

Published : Jan 26, 2022, 12:47 PM IST

Buddhadeb Bhattacharya rejects Padma award
Buddhadeb Bhattacharya rejects Padma award

সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বুদ্ধদেৱ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছিল পদ্মভূষণ সন্মান (Buddhadeb Bhattacharya rejects Padma award)৷ কিন্তু এই সন্মান গ্ৰহণ নকৰে বুলি জানিবলৈ দিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে ৷

নিউজ ডেস্ক, 26 জানুৱাৰী : পদ্মভূষণ সন্মান অস্বীকাৰ কৰিছে পশ্চিমবংগৰ প্ৰাক্তন মুখ্যমন্ত্ৰী বুদ্ধদেৱ ভট্টাচাৰ্যই (Buddhadeb Bhattacharya rejects Padma award) ৷ সামাজিক ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে বুদ্ধদেৱ ভট্টাচাৰ্যলৈ আগবঢ়োৱা হৈছিল পদ্মভূষণ সন্মান ৷ কিন্তু এই সন্মান গ্ৰহণ নকৰে বুলি জানিবলৈ দিছে তেওঁ ৷

কেন্দ্ৰীয় চৰকাৰৰ সচিবালয়ৰ পৰা পৰা প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ বাসগৃহলৈ ফোন কৰাত পৰিয়ালৰ লোকে প্ৰাথমিকভাৱে সন্মতি জনায় ৷ কিন্তু মোদী চৰকাৰে প্ৰদান কৰা পদ্ম ভূষণ তেওঁ গ্ৰহণ কৰিব নে নাই সেই বিষয়ত ইতিমধ্যেই সন্দেহ আছিল ৷ পৰৱৰ্তী সময়তো বুদ্ধদেৱ ভট্টাচাৰ্যই এই সন্মান গ্ৰহণৰ কথা দুবাৰ চিন্তা নকৰিলে ৷ তেওঁ কয় যে, ‘‘পদ্মভূষণৰ কথা মোক কোনেও একো জনোৱা নাই ৷ যদি মোক পদ্মভূষণ সন্মান দিয়া হৈছে, তেন্তে মই সেয়া প্ৰত্যাখ্যান কৰিছোঁ’’ ৷

পদ্ম সন্মান সম্পৰ্কত প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীৰ পৰিয়ালৰ সৈতে ইতিমধ্যে আলোচনা কৰিছিল চি পি আই এমৰ ৰাজ্যিক সম্পাদক সূৰ্যকান্ত মিশ্ৰই ৷ চি পি আই এমৰ কেন্দ্ৰীয় কমিটীৰ সদস্য সুজন চক্ৰবৰ্তীয়ে কয় যে, এই বিষয়ত দলীয় সিদ্ধান্তকেই গুৰুত্ব দিয়া হৈছে ৷

একেধৰণৰ বক্তব্য আগবঢ়াইছে তন্ময় ভট্টাচাৰ্যয়ো ৷ তেওঁ কয় যে, যিখন চৰকাৰে বুদ্ধদেৱ ভট্টাচাৰ্যৰ নাম পদ্ম সন্মানৰ বাবে মনোনীত কৰিছে, সেই একেখন চৰকাৰ গৌৰী লংকেশ হত্যাকাণ্ডৰ সন্দৰ্ভত মৌন হৈ আছে ৷ যিখন চৰকাৰে মন্দিৰ-মছজিদ-গীৰ্জাৰ বাবে মানুহক মানুহৰ দ্বাৰা হত্যা কৰোৱাই, তেনে চৰকাৰৰ কোনো পুৰস্কাৰ কমিউনিষ্টে স্বীকাৰ নকৰে ৷ এই সিদ্ধান্ত একান্তই ব্যক্তিগত বুলিও তেওঁ উল্লেখ কৰে ৷

লগতে পঢ়ক : Padma awards announced: চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.