Padma awards announced: চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

author img

By

Published : Jan 25, 2022, 9:47 PM IST

চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

ভাৰতৰ সৰ্বোচ্চ অসামৰিক সন্মান পদ্ম বঁটা । গণৰাজ্য দিৱসৰ প্ৰাক্ মূহুৰ্তত কেন্দ্ৰীয় চৰকাৰৰ গৃহ মন্ত্ৰণালয়ে প্ৰকাশ কৰিলে দেশৰ পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপক সকলৰ নামৰ তালিকা (Padma awards announced) ৷ দেশৰ চাৰিগৰাকী লোকক এইবাৰ পদ্মবিভূষণ সন্মানেৰে সম্মানিত কৰা হৈছে (4 padma vibhushan)। কলাৰ ক্ষেত্ৰখনত আগবঢ়োৱা অৱদানৰ বাবে মিছ প্ৰভা আত্ৰেক পদ্ম বিভূষণ বঁটা প্ৰদান কৰা হৈছে । সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা অৱদানৰ বাবে ৰাধেশ্যাম খেমকালৈ আগবঢ়োৱা হৈছে পদ্ম বিভূষণৰ সন্মান । প্ৰয়াত সেনা বিষয়া জেনেৰেল বিপিন ৰাৱাটক মৰণোত্তৰভাৱে প্ৰদান কৰা হ'ব পদ্মবিভূষণ । জেনেৰেল ৰাৱাট আছিল ভাৰতীয় সেনাৰ প্ৰথম গৰাকী সৰ্বাধিনায়ক ।

নিউজ ডেস্ক,25 জানুৱাৰী : গণৰাজ্য দিৱসৰ প্ৰাক্ ক্ষণত কেন্দ্ৰীয় চৰকাৰে ঘোষণা কৰিলে পদ্ম বিভূষণ, পদ্মভূষণ আৰু পদ্মশ্ৰী বঁটা প্ৰাপকৰ নামৰ তালিকা (padma awards announced) ৷ গৃহ মন্ত্ৰালয়ে জাৰি কৰা এক বিজ্ঞপ্তি অনুসৰি, চাৰিগৰাকী লোকক পদ্মবিভূষণ (Padma vibhushan), ১৭ গৰাকী লোকক পদ্মভূষণ(Padma bhushan) আৰু ১০৭ গৰাকী লোকক প্ৰদান কৰা হ'ব 2022 বৰ্ষৰ পদ্মশ্ৰী বঁটা (Padma shri) । বঁটা প্ৰাপক সকলৰ বহুকেইগৰাকী ব্যক্তিক মৰণোত্তৰভাৱে প্ৰদান কৰা হ’ব পদ্ম বঁটা (Posthumous Padma awards) ।

চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ
চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

দেশৰ প্ৰথম গৰাকী সেনা প্ৰধান জেনেৰেল বিপিন ৰাৱাটক অসামৰিক সেৱা খণ্ডত মৰণোত্তৰভাৱে পদ্ম বিভূষণ প্ৰদান কৰা হ'ব (CDS Gen Bipin Rawat Padma Vibhushan) । ইয়াৰ উপৰিও, ৰাজস্থানৰ প্ৰাক্তন ৰাজ্যপাল কল্যাণ সিঙকো পদ্মবিভূষণ প্ৰদান কৰা হৈছে (Kalyan Singh padma vibhushan) । ৰাজহুৱা পৰিক্ৰমাৰ শাখাত পদ্ম বিভূষণ বঁটা প্ৰাপক কল্যাণ সিং আছিল উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী ।

চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ
চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

ইয়াৰোপৰি জম্মু আৰু কাশ্মীৰৰ প্ৰাক্তন মুখ্যমন্ত্ৰী গুলাম নবী আজাদক প্ৰদান কৰা হ'ব পদ্মভূষণ বঁটা (Ghulam Nabi Azad Padma Bhushan) । প্ৰবীণ কংগ্ৰেছী নেতা গুলাম নবী আজাদক ৰাজহুৱা পৰিক্ৰমাৰ শাখাত প্ৰদান কৰা হৈছে পদ্মভূষণ (Congress leader Ghulam Nabi padma award) ।

চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ
চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

উল্লেখ্য যে, অসমৰ দুগৰাকী বিশিষ্ট ব্যক্তিলৈকো আগবঢ়োৱা হৈছে পদ্মশ্ৰী সন্মান । সামাজিক ক্ষেত্ৰখনলৈ আগবঢ়োৱা অনবদ্য অৱদানৰ স্বীকৃতি স্বৰূপে শকুন্তলা চৌধুৰীলৈ আৰু সাহিত্য আৰু শিক্ষাৰ ক্ষেত্ৰখনলৈ আগবঢ়োৱা অৱদানৰ বাবে ধনেশ্বৰ ইংতিলৈ পদ্মশ্ৰী সন্মান আগবঢ়োৱা হৈছে ।

চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ
চিডিএচ ৰাৱাট, কল্যান সিঙলৈ পদ্মবিভূষণ, গোলাম নবী আজাদলৈ পদ্মভূষণ

লগতে পঢ়ক: ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.