Former CM Tests Covid Positive: ক'ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

author img

By

Published : Jan 26, 2022, 10:37 PM IST

ক'ভিডত আক্ৰান্ত হৈছে প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত

মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল (Former CM Tests Covid Positive) । তাৰ পাছত তেওঁৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ । ইয়াৰ পূৰ্বেও ২০২০ চনৰ ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কৰ'ণাত আক্ৰান্ত হৈছিল ।

গুৱাহাটী,২৬ জানুৱাৰী: প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত ক'ভিডত আক্ৰান্ত হৈছে (Former Chief Minister of Assam Prafulla Kumar Mahanta Tests Positive For Covid) । মঙলবাৰে প্ৰাক্তন মুখ্যমন্ত্ৰী গৰাকীৰ আৰটি-পিচিআৰ টেষ্ট কৰা হৈছিল । তাৰ পাছত তেওঁৰ দেহত ধৰা পৰে ক'ভিড পজিটিভ । ইয়াৰ পূৰ্বেও ২০২০ চনৰ ২৫ আগষ্টত প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰফুল্ল কুমাৰ মহন্ত কৰ'ণাত আক্ৰান্ত হৈছিল ।

উল্লেখ যে বিগত কেইদিন ধৰি ৰাজ্যত ক'ভিড আক্ৰান্তৰ হাৰ ক্ৰমাৎ হ্ৰাস পাব ধৰিছে (Covid positive report) । আজিৰ দিনটোত অসমত ১৯৫১ জন লোকৰ ক'ভিড পজিটিভ হৈছে । ইয়াৰে ৪২২ জন কামৰূপ মহানগৰ জিলাৰ, ১৩৯ জন যোৰহাটৰ, ৯১জন লখিমপুৰৰ আৰু ৮৭ জন ডিব্ৰুগড়ৰ । লক্ষণীয়ভাৱে ৰাজ্যত বুধবাৰে কৰ'ণাত আক্ৰান্ত ২১জনকৈ লোকে হেৰুৱাইছে প্ৰাণ । বৰ্তমান সময়ত ৰাজ্যত পজিটিভিটীৰ হাৰ ৯.৮৫ শতাংশ । ইফালে বুধবাৰৰ দিনটোত ৰাজ্যত সুস্থ হৈছে ৭৩৬৫ জন লোক ।

লগতে পঢ়ক: Padma Award to Dhaneswar Engti: জানো আহক বালিমাহীৰ কবিৰ মনৰ কথা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.