ETV Bharat / state

Padma Award to Dhaneswar Engti: জানো আহক বালিমাহীৰ কবিৰ মনৰ কথা

author img

By

Published : Jan 26, 2022, 9:36 PM IST

Padma Shri award to Dhaneswar Engti
পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ মন্তব্য...

৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে অসমৰ দুগৰাকীকৈ বিশেষ ব্যক্তিলৈ আগবঢ়ালে ‘পদ্মশ্ৰী’ সন্মান ৷ কাৰ্বি আংলঙৰ বিশিষ্ট কবি, সাহিত্যক আৰু গীতিকাৰ ধনেশ্বৰ ইংতি (Padma Shri award to Dhaneswar Engti)য়ে দেশৰ সৰ্বোচ্চ অসামৰিক বঁটা লাভ কৰাৰ পিছতে ইটিভি ভাৰতৰ সাংবাদিকৰ সন্মুখত নিজৰ মত ব্যক্ত কৰিলে এইদৰে...

ডিফু, ২৬ জানুৱাৰী: ৭৩ সংখ্যক গণৰাজ্য দিৱসৰ প্ৰাকক্ষণত ভাৰত চৰকাৰে অসমৰ দুগৰাকীকৈ ব্যক্তিক ভাৰত চৰকাৰৰ সৰ্বোচ্চ অসামৰিক 'পদ্মশ্ৰী' বঁটাৰে বিভূষিত কৰিলে ৷ দুগৰাকী ব্যক্তিৰ এগৰাকী পাহাৰীয়া জিলা কাৰ্বি আংলঙৰ বিশিষ্ট কবি, সাহিত্যক আৰু গীতিকাৰ ধনেশ্বৰ ইংতি ৷ ধনেশ্বৰ ইংতিলৈ কেন্দ্ৰীয় চৰকাৰে আগবঢ়োৱা উক্ত বঁটাৰ বাবে জিলাখনত এতিয়া আনন্দৰ জোঁৱাৰ উঠিছে (Padma Shri award to Dhaneswar Engti) ৷

গণৰাজ্য দিৱসত বিশিষ্ট সাহিত্যিকগৰাকীৰ ডিফুস্থিত ইংলেংছেৰপৰ বাসভৱনত ইটিভিৰে হোৱা সাক্ষাৎকাৰত সাহিত্যিক ধনেশ্বৰ ইংতিয়ে ২০২২ ইংৰাজী বৰ্ষৰ বাবে ভাৰত চৰকাৰে তেওঁলৈ আগবঢ়োৱা 'পদ্মশ্ৰী বঁটা'ৰ বাবে ভাৰত চৰকাৰৰ ওচৰত কৃতজ্ঞতা প্ৰকাশ কৰে ৷ এই বিৰল সন্মানৰ বাবে তেওঁ চৰকাৰলৈ অশেষ ধন্যবাদ জ্ঞাপন কৰে (Dhaneswar engti reaction after conferred with most prestigious Padma Shri) ৷

পদ্মশ্ৰী ধনেশ্বৰ ইংতিৰ মন্তব্য...

পিছপৰা পাহাৰীয়া জিলা কাৰ্বি আংলং আৰু অসমৰ বাবে এয়া এক গৌৰৱৰ বিষয় বুলি কয় পদ্মশ্ৰী ধনেশ্বৰ ইংতিয়ে ৷ তেওঁৰ প্ৰয়াত পিতৃ-মাতৃ ক্ৰমে, মহৰি ইংতি আৰু বাছাপী ক্ৰ’ৰ শিক্ষাগত অৰ্হতা নথকাৰ পিছতো তেওঁক পানজুৰি পলাম ইংতি গাঁৱত প্ৰাইমেৰী স্কুলত নাম ভৰ্তি কৰি দিয়াৰ পিছত প্ৰাইমেৰী স্কুলৰ শিক্ষা সাং কৰি ডেনগাঁও চৰকাৰী হাইস্কুলৰ অসমীয়া মাধ্যমত অধ্যয়ন কৰি ডিফু চৰকাৰী মহাবিদ্যালয়ৰ পৰা স্নাতক ডিগ্ৰী গ্ৰহণ কৰে ৷ তেতিয়াৰ পৰাই তেওঁ কাৰ্বি, অসমীয়া আৰু ইংৰাজী তিনিটা ভাষাত কবিতা, প্ৰৱন্ধ, চুটি গল্প, গল্প আৰু কাৰ্বি গীত ৰচনা কৰা আৰম্ভ কৰে বুলি জানিবলৈ দিয়ে ৷

অসমীয়া মাধ্যমত পঢ়িয়েই এচিএছ পাছ কৰে যদিও তেওঁ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ যুটীয়া সচিবৰ কামতহে যোগদান কৰে ধনেশ্বৰ ইংতিয়ে ৷ ২০১৭ চনত চাকৰিৰ পৰা অৱসৰ গ্ৰহণ কৰি বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিয়ে সাহিত্যৰ ক্ষেত্ৰখনত নিজকে অধিক আত্মনিয়োগ কৰে বুলি জানিব দিয়ে ৷ অৱশেষত তেওঁ কেতিয়াও নভৱা সপোন বাস্তৱত পৰিণত হয় বুলিও মন্তব্য কৰে ৷

উল্লেখযোগ্য যে, ‘পদ্মশ্ৰী’ সন্মান প্ৰাপক বিশিষ্ট সাহিত্যিক ধনেশ্বৰ ইংতিয়ে ২০১৭ চনত কলকাতাৰ সুৰনন্দন ভাৰতীৰ পৰা 'কৃষ্টি নন্দন বঁটা, ২০১৮ চনত কাৰ্বি আংলং স্বায়ত্বশাসিত পৰিষদৰ তৰফৰ পৰা ছেমছনছিং ইংতি বঁটা, অসম চৰকাৰৰ পৰা 'সাহিত্যিক পেঞ্চন' লাভ কৰিবলৈ সক্ষম হৈছিল ৷ সাহিত্যিক ধনেশ্বৰ ইংতি ‘বালিমাহী‘ কবি ৰূপেও খ্যাত ৷ তেওঁ ইংৰাজী, অসমীয়া আৰু কাৰ্বি ভাষাত প্ৰায় কুৰিটা চুটি গল্প, কবিতা, প্ৰৱন্ধ আৰু বহুতো গীত ৰচনা কৰিছে ৷ ইয়াৰ ভিতৰত ' Candle of night, The carol tree, Myth bhind the name of Kaziranga, কাৰ্বি ভাষাত Nelunjir, Sipeng, অসমীয়াত বালিমাহী, শিলভেটাৰ সিপাৰে কাঁচিজোনৰ বৰষুণ, জুনেলি, ইসিৰ কণা' ইত্যাদি উল্লেখ্যণীয় ৷

লগতে পঢ়ক: পদ্মশ্ৰী গ্ৰহণ নকৰিলে বংগ সংগীতৰ কিংবদন্তি সন্ধ্যা মুখাৰ্জীয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.