Platinum Jubilee Celebration of GU: গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ তম্‌ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

author img

By

Published : Jan 26, 2022, 9:09 PM IST

ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চসপ্ততিতম্‌ প্ৰতিষ্ঠা দিৱস তথা মহাৰজত জয়ন্তী উদযাপন বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বুধবাৰে বিশ্ববিদ্যালয়খনৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে ৰাইজে সৃষ্টি কৰা উচ্চ শিক্ষাৰ এক পৱিত্ৰ মন্দিৰ (CM attends Gauhati University foundation day celebration programme) ৷

গুৱাহাটী, 26 জানুৱাৰী: ঐতিহ্যমণ্ডিত গুৱাহাটী বিশ্ববিদ্যালয়ৰ পঞ্চসপ্ততিতম্‌ প্ৰতিষ্ঠা দিৱস তথা মহাৰজত জয়ন্তী উদযাপন বৰ্ষৰ উদ্বোধনী অনুষ্ঠান বুধবাৰে বিশ্ববিদ্যালয়খনৰ বিৰিঞ্চি কুমাৰ বৰুৱা প্ৰেক্ষাগৃহত অনুষ্ঠিত হয় (Platinum Jubilee Celebration) । অনুষ্ঠানত মুখ্য অতিথি হিচাপে অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড॰ হিমন্ত বিশ্ব শৰ্মাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে ৰাইজে সৃষ্টি কৰা উচ্চ শিক্ষাৰ এক পৱিত্ৰ মন্দিৰ ৷ অসমীয়া মানুহৰ উচ্চ শিক্ষাৰ প্ৰতি থকা প্ৰৱল আকৰ্ষণৰ বাবে জন্মলাভ কৰা এই বিশ্ববিদ্যালয়খন সঁচা অৰ্থত ৰাইজৰ সম্পদ ৷ ৰাজ্যখনত উচ্চ শিক্ষাৰ ন ন প্ৰতিষ্ঠান গঢ় লৈ উঠাৰ পাছতো এই বিশ্ববিদ্যালয়ে স্বকীয় মৰ্যাদাৰে আজিও মূৰ তুলি আছে ৷

অনুষ্ঠানত ভাষণ প্ৰদান কৰি মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে গুৱাহাটী বিশ্ববিদ্যালয় হৈছে উত্তৰ-পূব ভাৰতৰ শিক্ষাৰ নৱজাগৰণৰ প্ৰাণকেন্দ্ৰ৷ আন আন উচ্চ শিক্ষা প্ৰতিষ্ঠানতকৈ বহুবোৰ দিশত এই বিশ্ববিদ্যালয়ৰ কিছু সুকীয়া বৈশিষ্ট্য আছে ৷ বহু সংখ্যক জ্ঞানান্বেষী পুৰোধা ব্যক্তিৰ অশেষ ত্যাগ আৰু দীঘলীয়া আন্দোলনৰ ফচল এই বিশ্ববিদ্যালয়ৰ প্ৰাপ্তিৰ এক অনন্য আনন্দ আছে৷ গুৱাহাটী বিশ্ববিদ্যালয় প্ৰতিষ্ঠাৰ আঁৰৰ ইতিহাস আলোকপাত কৰি মুখ্যমন্ত্ৰীয়ে কয় যে ১৯১৭ চনতে অসমত এখন বিশ্ববিদ্যালয় স্থাপনৰ বাবে আন্দোলনৰ সূচনা হৈছিল ৷ সত্যনাথ বৰা, ঘনশ্যাম বৰুৱা, নবীনচন্দ্ৰ বৰদলৈ, গোপীনাথ বৰদলৈ, ৰঘুনাথ চৌধুৰী, তৰুণ ৰাম ফুকন, কৃষ্ণকান্ত সন্দিকৈ, শৰৎ চন্দ্ৰ গোস্বামী আদি পুৰোধা ব্যক্তিৰ নিৰন্তৰ প্ৰয়াস আৰু অশেষ ত্যাগৰ বিনিময়ত ৰাইজৰ দান-বৰঙনি তথা স্বাধীনতাৰ পিছৰ অসমৰ প্ৰথমখন চৰকাৰৰ সহযোগত এই বিশ্ববিদ্যালয় স্থাপন হৈছিল বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে ৷

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ তম্‌ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ
গুৱাহাটী বিশ্ববিদ্যালয়ৰ ৭৫ তম্‌ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ মুখ্যমন্ত্ৰীৰ

অসমৰ প্ৰথমগৰাকী মুখ্যমন্ত্ৰী লোকপ্ৰিয় গোপীনাথ বৰদলৈৰ নেতৃত্বত গঠিত হোৱা চৰকাৰে ১৯৪৭ চনত প্ৰণয়ন কৰা গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধিনিয়মৰ জৰিয়তে এই বিশ্ববিদ্যালয় স্থাপন কৰা হৈছিল ৷ ১৯৪৮ চনৰ ২৬ জানুৱাৰীত কটন কলেজৰ চুডমাৰ্ছন হলত প্ৰথমবাৰৰ বাবে বিশ্ববিদ্যালয়ৰ ক’ৰ্ট সভা বহাৰ প্ৰসংগ উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে, এই দিনটোতেই উত্তৰ-পূব ভাৰতে অঞ্চলটোৰ প্ৰথমখন বিশ্ববিদ্যালয় লাভ কৰি অঞ্চলটোৰ শৈক্ষিক ইতিহাসৰ এক নতুন যুগৰ পাতনি মেলিলে ৷ ভাৰতবৰ্ষই স্বাধীনতাৰ অমৃত মহোৎসৱ উদযাপন কৰাৰ এই পৱিত্ৰ বৰ্ষটোতেই গুৱাহাটী বিশ্ববিদ্যালয়েও ইয়াৰ মহাৰজত জয়ন্তী বৰ্ষত পদাৰ্পণ কৰাটো আমাৰ সকলোৰে বাবে গৌৰৱৰ কথা বুলি উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয় যে প্ৰযুক্তি, উদ্ভাৱন আৰু সাহসক মূলধন কৰি এই মহাৰজত জয়ন্তী বৰ্ষৰ পৰাই বিশ্ববিদ্যালয়খনে সমাজৰ বাবে নতুন কিবা এটা কৰাৰ সংকল্প ল’ব লাগিব ৷

ৰাজ্যত এক ষ্টাৰ্ট আপ আন্দোলনৰ নেতৃত্ব দিয়াৰ বাবে এয়াই বিশ্ববিদ্যালয়খনৰ বাবে উপযুক্ত সময় বুলি মন্তব্য কৰি তেওঁ কয় যে নতুন চিন্তা তথা উদ্ভাৱনীমূলক কাম-কাজৰ বাবে ৰাজ্য চৰকাৰৰ ৰাজকোষত পুঁজিৰ কেতিয়াও অভাৱ নহয় ৷ এই দিশত উপযুক্ত প্ৰস্তাৱ যুগুত কৰি চৰকাৰৰ ওচৰত দাখিল কৰিলে ৰাজ্য চৰকাৰে প্ৰয়োজনীয় সকলো সহযোগিতা বিনা দ্বিধাই আগবঢ়াব বুলি মুখ্যমন্ত্ৰীয়ে জানিবলৈ দিয়ে ৷ মুখ্যমন্ত্ৰী ড॰ শৰ্মাই কয় যে জ্ঞান আৰু প্ৰজ্ঞাৰ সাধনাই হৈছে ভাৰতীয় সভ্যতাৰ মৌলিক উপলব্ধি ৷ তক্ষশিলা আৰু নালন্দাই দেখুৱাই যোৱা পথেৰে অগ্ৰসৰ হৈ জ্ঞান আৰু প্ৰজ্ঞাৰ এক অবিৰাম যাত্ৰাৰে ভাৰতীয় সভ্যতাই আজি উৎকৰ্ষতাৰ পূৰ্ণ পৰ্যায়ত উপনীত হৈছে ৷ বিবিধতাৰ মাজত একতাৰ জয়গান গাই পাঁচ হাজাৰ বছৰীয়া এক দূৰন্ত যাত্ৰাপথ অতিক্ৰমি আমাৰ সভ্যতাই আজিও গৌৰৱৰে মূৰ দাঙি থাকিবলৈ সমৰ্থ হৈছে বুলি তেওঁ মন্তব্য কৰে ৷

মুখ্যমন্ত্ৰীয়ে কয় যে কেৱল শিক্ষক বা আমোলা সৃষ্টি কৰাই বিশ্ববিদ্যালয় এখনৰ উদ্দেশ্য হ’ব নোৱাৰে ৷ বিশ্ববিদ্যালয়ৰ মজিয়াৰ পৰা ওলাই আহোতে আমি মানৱীয় গুণেৰে সমৃদ্ধ হৈ এগৰাকী পূৰ্ণ মানুহ হিচাপে পৰিচিত হ’ব লাগিব ৷ শিক্ষাৰ্থীৰ চিন্তা আৰু মানসিকতাৰ পৰিৱৰ্তন সাধনেই শিক্ষাৰ মূল্য উদ্দেশ্য হ’ব লাগিব ৷ দেশে আজি গ্ৰহণ কৰা নতুন শিক্ষা নীতিৰ মূল তাৎপৰ্যও ইয়েই বুলি মন্তব্য কৰি তেওঁ কয় যে ৰাষ্ট্ৰীয় শিক্ষা নীতিৰ এই অন্তৰ্নিহিত তাৎপৰ্য কথাই-কামে ৰূপায়ণ কৰিব পাৰিলেহে ইয়াৰ মূল উদ্দেশ্য সাৰ্থক হ’ব ৷ ৰাজ্যত এই শিক্ষানীতিৰ উপযুক্ত ৰূপত ৰূপায়ণৰ ক্ষেত্ৰত গুৱাহাটী বিশ্ববিদ্যালয়ে নেতৃত্বৰ ভাৰ গ্ৰহণ কৰিব লাগিব বুলিও মুখ্যমন্ত্ৰীয়ে কয় ৷

বিশ্ববিদ্যালয়ৰ পঞ্জীয়ক হেমন্ত কুমাৰ নাথে আদৰণী ভাষণ প্ৰদান কৰা অনুষ্ঠানত ৰাজ্য চৰকাৰৰ শৈক্ষিক উপদেষ্টা অধ্যাপক ননীগোপাল মহন্ত, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উপাচাৰ্য অধ্যাপক প্ৰতাপজ্যোতি সন্দিকৈ আৰু বিশ্ববিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিৰ কাৰ্যকৰী সভাপতি অধ্যাপক দিলীপ কুমাৰ কলিতাইও ভাষণ প্ৰদান কৰে ৷ ৭৫ তম্‌ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত বিশ্ববিদ্যালয়খনৰ প্ৰাক্তন আৰু বৰ্তমানৰ বহু সংখ্যক ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক-শিক্ষয়িত্ৰীয়ে অংশগ্ৰহণ কৰে ৷ ইয়াৰ পিছতে মুখ্যমন্ত্ৰীয়ে গুৱাহাটী বিশ্ববিদ্যালয় চৌহদত অৱস্থিত একুৱা কালচাৰ আৰু বায়’ডাইভাৰচিটি কেন্দ্ৰত স্থাপন কৰা ফ্ৰেছ ৱাটাৰ অৰ্ণামেণ্টেল ফিছ ব্ৰুড বেংকো আনুষ্ঠানিকভাৱে উদ্বোধন কৰে ৷ হায়দৰাবাদস্থিত ৰাষ্ট্ৰীয় মীন উন্নয়ন ব’ৰ্ডৰ পৃষ্ঠপোষকতাত তথা ৰাজ্য চৰকাৰৰ মীন বিভাগৰ সহযোগত স্থাপন কৰা এই প্ৰতিষ্ঠানে বিশ্ববিদ্যালয়খনৰ প্ৰাণী বিজ্ঞান বিভাগৰ ছাত্ৰ-ছাত্ৰীসকলক বিশেষভাৱে উপকৃত কৰাৰ লগতে আলংকৰিক মাছৰ গৱেষণা আৰু প্ৰতিপালনৰ দিশতো নতুনত্বৰ সন্ধান দিবলৈ সক্ষম হ’ব বুলি মুখ্যমন্ত্ৰীয়ে আশা প্ৰকাশ কৰে ৷

লগতে পঢ়ক: অপহৃত অৰুণাচলী যুৱকক ঘুৰাই দিব চীনা সৈন্যই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.