Arunachal boy missing case: অপহৃত অৰুণাচলী যুৱকক ঘুৰাই দিব চীনা সৈন্যই

author img

By

Published : Jan 26, 2022, 4:49 PM IST

Missing Arunachal boy

পিপলচ্ লিবাৰেশ্যন আৰ্মীয়ে ঘুৰাই দিব অৰুণাচলৰ নিৰুদ্দিষ্ট যুৱকক ৷ ইতিমধ্যেই সম্পন্ন হৈছে Hotline Exchange প্ৰক্ৰিয়া (Hotline exchanged between Indian Army and PLA) ৷ গণৰাজ্য দিৱসৰ দিনাই এই কথা জনালে কেন্দ্ৰীয় মন্ত্ৰী কিৰেন ৰিজিজুৱে ৷

তেজপুৰ, ২৫ জানুৱাৰী: গণৰাজ্য দিৱসৰ দিনটোতে আহিল এক সুখবৰ ৷ অৰুণাচলৰ নিৰুদ্দিষ্ট যুৱকক চীনা সৈন্যই গটাই দিব ভাৰতক ৷ ইতিমধ্যে পিপলচ্ লিবাৰেশ্যন আৰ্মীৰে আৰতীয় সেনাৰ হৈছে হটলাইন এক্সচেঞ্জ (Hotline exchanged between Indian Army and PLA)৷

অৰুণাচল প্ৰদেশৰ উজনি চিয়াঙৰ অপহৃত মিৰাম টেৰোনক চীনা সৈন্যই ভাৰতীয় সেনাৰ লগত হটলাইন এক্সচেঞ্জ যোগে ভাৰতক গটাই দিব বুলি জানিবলৈ দিছে কেন্দ্ৰীয় আইন মন্ত্ৰী কিৰেন ৰিজিজুৱে (Kiran Rijiju tweet on Arunachal boy missing case) ৷ গণৰাজ্য দিৱসৰ দিনটোত কেন্দ্ৰীয় আইন মন্ত্ৰী তথা অৰুণাচল প্ৰদেশৰ সাংসদ কিৰেন ৰিজিজুৱে এক টুইটযোগে এই কথা জানিবলৈ দিয়ে ৷ ৰিজিজুৱে কয় যে, গণৰাজ্য দিৱসৰ দিনা চীনা সৈন্যৰ ভাৰতীয় সেনাৰ লগত Hotline Exchange হৈছে ৷

  • Hotline exchanged on Republic Day by Indian Army with Chinese PLA. PLA responded positively indicating handing over of our national and suggested a place of release. They are likely to intimate date and time soon. Delay attributed to bad weather conditions on their side. https://t.co/CX7pu2jIRV

    — Kiren Rijiju (@KirenRijiju) January 26, 2022 " class="align-text-top noRightClick twitterSection" data=" ">

বৰ্তমান চীনৰ দিশে বতৰ বেয়া হোৱাৰ বাবে অৰুণাচলী যুৱকজনক হস্তান্তৰ কৰিব পৰা হোৱা নাই যদিও অতি সোনকালে সময় আৰু ঠাই নিৰ্ধাৰণ কৰি যুৱকজনক গটাই দিব চীনা সৈন্যই । যোৱা ১৮ জানুৱাৰীৰ পৰা নিৰুদ্দেশ হৈ থকা যুৱকজনক ভাৰতক চমজাই দিয়াৰ বাবে নিৰুদ্দেশৰ নৱম দিনটোত চীনা সৈন্যই এই হটলাইন এক্সচেঞ্জ কৰে । পূৰ্বে ভাৰতৰ প্ৰতিৰক্ষা বিভাগে চুবুৰীয়া দেশখনৰ লগত হটলাইনযোগে যোগাযোগৰ ব্যৱস্থা স্থাপন কৰিছিল ।

অপহৃত অৰুণাচলী যুৱকৰ পৰিয়ালৰ ভাষ্য

আনহাতে চীনত আৱদ্ধ হৈ থকা যুৱকজনৰ পিতৃ অপাং টেৰোনে ইটিভি ভাৰতক জনাইছিল যে, গণতন্ত্ৰ দিৱসৰ দিনটোত তেওঁলোকৰ পুত্ৰ ঘৰলৈ অহাটো বিচাৰিছিল । অৰুণাচল প্ৰদেশৰ উজনি চিয়াং জিলাৰ যদৌ গাঁৱৰ পৰা প্ৰায় ৩৫ কিলোমিটাৰ নিলগৰ Lungtazor নামৰ সীমান্ত siyungla এলেকাৰ পৰা ১৮ জানুৱাৰীত মিৰাম টেৰোন নামৰ ১৭ বছৰীয়া যুৱক জনক চীনা সৈন্যই লৈ যায় । এজন বন্ধুৰ সৈতে ঘৰৰ পৰা চিকাৰ কৰিবলৈ বুলি ভাৰত-চীন সীমান্তলৈ গৈছিল যুৱকজন । তাতে অথন্তৰ লাগি লগৰজনে প্ৰাণ ৰক্ষা কৰি পলাবলৈ সক্ষম হয় যদিও মিৰাম টেৰোনক লৈ যায় পিপলচ্ লিবাৰেশ্যন আৰ্মীয়ে (Chinese soldiers abducted Arunachal youth)।

ইটিভি ভাৰতে অপহৃত মিৰাম তেৰাঙৰ পিতৃ অপাঙ টেৰোনৰ লগত যোগাযোগ কৰাত পিতৃয়ে জনায় যে, চীনে যুৱকজনক ভাৰতলৈ ঘূৰাই পঠোৱাৰ খবৰ পাই তেওঁ অতি আনন্দিত হৈছে ৷ ঘৰখনলৈ এক অনন্য শান্তি ঘূৰি আহিব । পূৰ্বৰ দৰে তেওঁ দেশৰ গণৰাজ্য দিৱসৰ দিনা পুনৰ ৰাষ্ট্ৰীয় পতাকা উত্তোলন কৰিব পাৰিব । মাতৃ কুটজিতে শোকৰ মাজেৰে চাৰিটাকৈ দিন অতিবাহিত কৰা বুলি জানিবলৈ দিয়ে ।

লগতে পঢ়ক: ভাৰতীয় সেনাৰ ইষ্টাৰ্ণ কমাণ্ডৰ নতুন মুৰব্বী অসম সন্তান লেঃ জেনেৰেল ৰাণা প্ৰতাপ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.