অসম

assam

UNWTO ৰ শ্ৰেষ্ঠ পৰ্যটন গাঁৱৰ তালিকাত মেঘালয়ৰ কংথং

By

Published : Sep 16, 2021, 1:44 PM IST

দেশৰ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ 'শ্ৰেষ্ঠ পৰ্যটন গাঁও' বঁটাৰ বাবে দেশৰ পৰ্যটন মন্ত্ৰালয়ে তিনিখন গাঁও বাছনি কৰিছে । তাৰ ভিতৰত অন্যতম মেঘালয়ৰ কংথং গাঁও । উত্তৰ-পূৰ্বাঞ্চলৰ বাবে গৌৰৱৰ এই খবৰে সকলোকে আনন্দিত কৰি তুলিছে ।

Best Tourism Village
শ্ৰেষ্ঠ পৰ্যটন গাঁও বঁটাৰ বাবে বাছনি মেঘালয়ৰ কংথং গাঁও

তেজপুৰ, ১৬ ছেপ্টেম্বৰ : পুনৰ বিশ্ব পৰ্যটনত উত্তৰ-পূৰ্বাঞ্চলৰ জয়গান । এইবাৰ অসমৰ চুবুৰীয়া ৰাজ্য মেঘালয়ৰ পূব খাছী পাহাৰীয়া জিলাৰ কংথং গাঁও (Kongthong Village) নিৰ্বাচিত হৈছে শ্ৰেষ্ঠ পৰ্যটন গাঁও হিচাপে । দেশৰ ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাৰ (UNWTO) 'শ্ৰেষ্ঠ পৰ্যটন গাঁও' (Best Tourism Village) বঁটাৰ বাবে পৰ্যটন মন্ত্ৰালয়ে কংথং গাঁৱক বাছনি কৰিছে । কংথং গাঁৱক 'হুইচ্লিং ভিলেজ' (Whistling Village) বুলিও জনা যায় ।

শ্ৰেষ্ঠ পৰ্যটন গাঁও বঁটাৰ বাবে বাছনি মেঘালয়ৰ কংথং গাঁও

ইয়াৰ লগতে তেলেংগনাৰ পচমপল্লী গাঁও আৰু মধ্যপ্ৰদেশৰ লাধপুৰ গাঁৱকো উক্ত বঁটাৰ বাবে বাছনি কৰা হৈছে । মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই তেওঁৰ সামাজিক মাধ্যমত এই বিষয়ে পোষ্ট কৰি দেশবাসীক তথা পৰ্যটকক এই গাঁওখনৰ বিষয়ে অৱগত কৰিছে । মেঘালয়ৰ ৰাজধানী চহৰ শ্বিলঙৰ পৰা প্ৰায় ৬০ কিলোমিটাৰ দূৰত অৱস্থিত এই কংথং গাঁও । এই গাঁওখনৰ মানুহে আন গাঁওবাসীৰ সৈতে বাৰ্তা প্ৰেৰণ কৰাৰ পদ্ধতি হিচাপে হুইচিং ব্যৱহাৰ কৰে আৰু সেইকাৰণে ইয়াক 'হুইচ্লিং ভিলেজ' বুলি কোৱা হয় ।

ইয়াত গাঁওবাসীয়ে ইজনে সিজনক এক অনন্য সুৰেৰে মাতে । তেওঁলোকৰ প্ৰত্যেকৰে ইজনে সিজনক মাতিবলৈ এক অনন্য সুৰ আছে আৰু এই পৰম্পৰা বহু প্ৰজন্মৰ পৰা চলি আহিছে ।

শ্ৰেষ্ঠ পৰ্যটন গাঁও বঁটাৰ বাবে বাছনি মেঘালয়ৰ কংথং গাঁও
গাঁওবাসীয়ে এই সুৰটোক জিংগৰৱাই লবেই বুলি কয় যাৰ অৰ্থ হৈছে মাতৃ প্ৰেমৰ গীত । গাঁওখনৰ ই এটা অতি অনন্য পৰম্পৰা য'ত এগৰাকী মাতৃয়ে তেওঁৰ সন্তানক নামৰ সলনি সুৰেৰে মাতে । দৰাচলতে, ইয়াত গাঁওবাসীৰ দুটা নাম আছে, এটা নিয়মীয়া নাম আৰু আনটো গানৰ নাম ।
শ্ৰেষ্ঠ পৰ্যটন গাঁও বঁটাৰ বাবে বাছনি মেঘালয়ৰ কংথং গাঁও

গানৰ নাম দুটা সংস্কৰণৰ এটা দীঘল গান আৰু এটা চুটি গান আৰু চুটি গানটো সাধাৰণতে ঘৰত ব্যৱহাৰ কৰা হয় । মুঠ ৭,০০ জনবসতি থকা এই গাঁওখনত মাত্ৰ এখন বিদ্যালয় আছে । এই গাঁওখনৰ দায়িত্ব লৈছিল বিহাৰৰ এগৰাকী ৰাজ্য সভাৰ সাংসদ ৰাজেশ সিংহই আৰু তেওঁ এই গাঁওখনক ইউনেচকোৰ (UNESCO) টেগ লগাবলৈ চৰকাৰক অনুৰোধ কৰিছিল ।

শ্ৰেষ্ঠ পৰ্যটন গাঁও বঁটাৰ বাবে বাছনি মেঘালয়ৰ কংথং গাঁও

উল্লেখ্য যে উত্তৰ-পূৰ্বাঞ্চলৰ ভিতৰত মেঘালয়ৰ মাৱফালং গাঁও (Mawphlang) ২০১৬ চনত এছিয়াৰ ভিতৰতে শ্ৰেষ্ঠ স্বচ্ছ গাঁও হিচাপে পৰিগণিত হৈছিল । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে তেওঁৰ প্ৰথমটো কাৰ্যকালত পৰিদৰ্শন কৰি গাঁওখনৰ পৰিবেশ আৰু ৰীতি-নীতিৰ বিষয়ে বুজ লৈছিল । পৰৱৰ্তী সময়ত "মন কি বাত"ত দেশবাসীক তেওঁ এই বিষয়ে অৱগত কৰিছিল ।

লগতে পঢ়ক :অৱশেষত আৰক্ষীৰ জালত ডিব্ৰুগড়ৰ SBI কাণ্ডৰ অভিযুক্ত

ABOUT THE AUTHOR

...view details