অসম

assam

শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

By

Published : Nov 22, 2021, 4:59 PM IST

হাতী-মানুহৰ সংঘাত(elephant-man conflict)ত ৰাজ্যত পুণৰ প্ৰাণ হেৰুৱালে এজন ব্যক্তিয়ে ৷ শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন
শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ৰঙাপৰা, 22 নৱেম্বৰ: ৰাজ্যত অব্যাহত আছে হাতী-মানুহৰ সংঘাত(elephant-man conflict)৷ বনৰীয়া হাতীৰ আক্ৰমণত পুণৰ প্ৰাণ গ'ল এজন ব্যক্তিৰ ৷ দেওবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰাত সংঘটিত হয় এই শোকাৱহ ঘটনা ৷

ৰাজ্যত অব্যাহত থকা হাতী-মানুহৰ সংঘাতৰ ফলত দেওবাৰে নিশা শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ ঘইৰালিত পুণৰ এজন ব্যক্তি নিহত হোৱাৰ ঘটনাই অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ ৰঙাপৰা আৰক্ষী থানাৰ (Rangapara Police Station) অন্তৰ্গত ঘইৰালি চাহ বাগিচা (Ghoirali Tea Estate)ৰ প্ৰজা লাইনৰ নিৱাসী জিতেন প্ৰজা নামৰ ব্যক্তিজন বৰজুলিৰ দিশৰ পৰা নিজ গৃহ অভিমুখে গৈ থকাৰ অৱস্থাত অন্ধকাৰত বনৰীয়া হাতীৰ সৈতে মুখামুখি হোৱাত লোকজনক আক্ৰমণ কৰাত থিতাতে নিহত হয় ব্যক্তিজন ৷

শোণিতপুৰৰ ৰঙাপৰাত বনৰীয়া হাতীৰ আক্ৰমণত নিহত এজন

ঘটনাৰ খবৰ পোৱাৰ মাত্ৰকে ঘটনাস্থলীত ৰঙাপৰা আৰক্ষী থানাৰ বিষয়া দেৱেন বৰাৰ লগতে আমাৰাবাৰী বনাঞ্চলিক কাৰ্যালয় (Amarabari Forest Office), তেজপুৰ সদৰ কাৰ্যালয় আৰু চাৰিদুৱাৰ বনাঞ্চলিক কাৰ্যালয়ৰ বনকৰ্মীসকল উপস্থিত হয় ৷ ঘটনাস্থলীৰ পৰা আৰক্ষীয়ে মৃতদেহটো উদ্ধাৰ কৰি ৰঙাপৰা আৰক্ষী থানালৈ লৈ যায় ৷

শোণিতপুৰ জিলাৰ ৰঙাপৰাত ক্ৰমাৎ বৃদ্ধি পোৱা হাতী-মানুহৰ সংঘাতত সম্প্ৰতি অধিক শংকিত হৈ পৰিছে অঞ্চলবাসী ৷

লগতে পঢ়ক:পোন প্ৰথমবাৰৰ বাবে বনৰীয়া হাতীৰ ডিঙিত Radio Caller সংস্থাপন

ABOUT THE AUTHOR

...view details