ETV Bharat / state

চৰকাৰে কিয় অপ্ৰাসংগিক কৰিলে আভ্যন্তৰীণ জল পৰিবহণ বিভাগক ? - Inland Water Transport department

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 12:57 PM IST

INLAND WATER TRANSPORT COMPANY : ৰাজ্যৰ বিভিন্ন ঠাইত অচল হৈ পৰি থকা বহুকেইখন জাহাজ বিক্ৰী কৰা হৈছে পানীৰ দামত । একাধিক পাৰঘাট নিয়া হৈছে অসম আভ্যন্তৰীণ জল পৰিবহণ কোম্পানীৰ অধীনলৈ । সামান্য মেৰামতি কৰিলে ভাল হোৱা জাহাজ টুকুৰা-টুকুৰকৈ কাটি কৰা হৈছে বিক্ৰী । কোম্পানীৰ হাতত গতোৱা হৈছে কেইবাটাও পাৰঘাট । আভ্যন্তৰীণ জল পৰিবহণ বিভাগক ব্যক্তিগত খণ্ডক গটোৱাৰ পৰিকল্পনা চৰকাৰৰ । শংকিত বিভাগীয় কৰ্মচাৰী ।

Assam Inland Water Transport department
আভ্যন্তৰীণ জল পৰিবহণ বিভাগ (Google)

গুৱাহাটী, ২৬ মে': অসমৰ দৰে নদী প্ৰধান ৰাজ্যত জল পৰিবহণ ব্যৱস্থাটোৰ গুৰুত্ব অপৰিসীম যদিও চৰকাৰে ইয়াৰ বিকাশত বিশেষ গুৰুত্ব আৰোপ কৰা পৰিলক্ষিত হোৱা নাই । কেৱল দলং নিৰ্মাণতে গুৰুত্ব প্ৰদান কৰা চৰকাৰখনে নৈপৰীয়া জনগণক জল পৰিবহণৰ পৰ্যাপ্ত সুবিধা প্ৰদান কৰাৰ লগতে জল পৰিবহণৰ জৰিয়তে পৰ্যটনৰ বিকাশ ঘটোৱাত বিশেষ গুৰুত্ব দিয়া নাই ।

আভ্যন্তৰীণ জল পৰিবহণ বিভাগ বুলি এটা বিয়াগোম বিভাগ আছে যদিও এই বিভাগটোক উপযোগীকৈ গঢ়ি তোলাৰ পৰিৱৰ্তে বিভাগটোক ক্রমশঃ নিশকতীয়া কৰি তোলাৰ বাবেহে তৎপৰ হৈ পৰিছে ৰাজ্য চৰকাৰ ।

আনহাতে, কিবা এটা অঘটন সংঘটিত হ'লেহে বিভাগটোৰ কথা চৰ্চালৈ আহে । লক্ষণীয় বিষয় যে বিভাগটোৰ অন্তৰ্গত বহু সম্পত্তি পানীৰ দৰত বিক্ৰী কৰা হৈছে । নাম প্ৰকাশত অনিচ্ছুক একাংশ কৰ্মচাৰীয়ে সদৰী কৰা মতে, মেৰামতিৰ অভাৱত গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন ঠাইত অচল হৈ পৰি থকা বিভাগৰ বহুকেইখন জাহাজ ইতিমধ্যে পানীৰ দামত বিক্ৰী কৰা হৈছে । লগতে বিভাগৰ একাধিক পাৰঘাট অসম আভ্যন্তৰীণ জল পৰিবহণ কোম্পানীৰ অধীনলৈ নিয়া হৈছে ।

উত্থাপিত অভিযোগ অনুসৰি কেৱল গুৱাহাটীতে কোটি কোটি টকা মূল্যৰ দহখনতকৈও অধিক জাহাজ ইতিমধ্যে বিক্ৰী কৰা হৈছে । কেইবাখনো জাহাজ সামান্য মেৰামতি কৰিলেই পুনৰ চলাচলযোগ্য কৰিব পৰা গ'লহেঁতেন যদিও সংশ্লিষ্ট কর্তৃপক্ষই মেৰামতিৰ কোনো ব্যৱস্থা নকৰি পানীৰ দামত বিক্ৰী কৰি দিলে ।

কৰ্মচাৰীসকলে উল্লেখ কৰা মতে, পানীৰ দামত ক্ৰয় কৰা জাহাজসমূহ টুকুৰা-টুকুৰকৈ কাটি বিক্ৰী কৰিয়েই বুজন পৰিমাণৰ মুনাফা আদায় কৰিবলৈ সক্ষম জাহাজ ক্ৰয় কৰা ব্যৱসায়ীসকল । তেওঁলোকে উল্লেখ কৰা মতে, বিগত বছৰৰ ডিচেম্বৰৰ পৰা চলিত বৰ্ষৰ জানুৱাৰীৰ ভিতৰত অতি কম দামত বিক্ৰী কৰি দিয়া হৈছে ডি এল বি কেদাৰ, এম ভি চান্দৰ ডিঙা, এছ ডি চি বিক্রান্ত, এছ ডি বি তৰংগ, এছ বি টুনী, এম ভি পানীদিহিং, টি এফ উর্বশী, এছ বি চৰাইভঙা, এছ বিবগীনদী, এছ বি ৰঙানদী, টি এফ পণ্টুন-পাণ্ডুনাথ আদি জাহাজ ।

এছ ডি বি বিক্রান্ত নামৰ জাহাজখন ক্ৰয়ৰ দুবছৰতে পানীৰ দৰত বিক্ৰী কৰি দিয়া হয় । তদুপৰি টি এফ পাণ্ডুনাথ নামৰ জাহাজখন ২০২২ত মেৰামতি কৰা হৈছিল যদিও বিভিন্ন অজুহাতত বিক্ৰী কৰি দিয়া হয় । বিভাগৰ সম্পত্তি হৈ থকা এই জাহাজসমূহ টুকুৰা-টুকুৰকৈ কাটি ট্রাকত বোজাই কৰি উঠাই নিয়া দৃশ্য চকুৰ সন্মুখতে প্ৰত্যক্ষ কৰি বিভাগৰ শ্ৰমিক-কৰ্মচাৰীসকল স্বাভাৱিকতেই আবেগিক হৈ পৰে ।

লক্ষণীয় বিষয় যে ঊর্ধ্বতন কৰ্তৃপক্ষৰ ৰোষত পৰাৰ ভয়ত কোনোৱে ইয়াৰ বিৰুদ্ধে মাত মাতিবলৈ সাহস কৰা নাই । আনকি সন্মুখলৈ আহি ক'বলৈয়ো সাহস কৰা নাই । ইফালে, কৰ্মচাৰীসকলে জনোৱা মতে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগক ব্যক্তিগত খণ্ডক গতোৱাৰ পৰিকল্পনা কৰা হৈছে ।

লক্ষণীয় বিষয় যে বিভাগীয় শ্রমিক-কৰ্মচাৰীৰ অজ্ঞাতে ২০২২ৰ ১৪ জুলাইত চৰকাৰে একপক্ষীয়ভাৱে বিভাগটোক কোম্পানী আইন-২০১৩ৰ অধীনত অসম ৰাজ্যিক জল পৰিবহণ কোম্পানী লিমিটেড কৰিলে । শ্রমিক-কর্মচাৰীৰ আপত্তি, প্রতিবাদ সত্ত্বেও বিভাগৰ জাহাজ, ব'ট বার্জ আদিক কোম্পানীৰ অধীনলৈ নিয়াৰ যো-জা চলাই আছে চৰকাৰে ।

বিভাগৰ বাণিজ্যিক সেৱা আৰু গুৱাহাটী-উমানন্দ পাৰঘাটটো কোম্পানীৰ অধীনলৈ নিছে। কৌশলপূর্ণভাৱে আন কেইবাটাও পাৰঘাটৰ নিয়ন্ত্রণ ইতিমধ্যে কোম্পানীৰ অধীনলৈ নিয়া হৈছে। বিভাগটোক ক্ৰমশঃ নিশকতীয়া আৰু অপ্ৰাসংগিক কৰি তোলা হৈছে যাতে গটাই দিব পাৰে ব্যক্তিগত খণ্ডক।

লগতে পঢ়ক:ইটিভি ভাৰতৰ অভিযানত পোহৰলৈ আহিল আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ ফোঁপোলা স্বৰূপ

ফ্ৰেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব বগীবিলত নিৰ্মীয়মান অত্যাধুনিক জাহাজ বন্দৰ: সৰ্বানন্দ সোণোৱাল

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰীৰ বিৰুদ্ধে ৰাইজৰ দলৰ গোচৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.