আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰীৰ বিৰুদ্ধে ৰাইজৰ দলৰ গোচৰ

author img

By

Published : Sep 14, 2021, 10:25 PM IST

raijor-dal-files-case-against-iwtd-officers

আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰীৰ বিৰুদ্ধে আই পি চি ৩০৪ ধাৰাত গোচৰ ৰুজু ৷ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ বিষয়া সকলে পদবীৰ ক্ষমতা অপপ্ৰয়োগ কৰি দুর্নীতিত লিপ্ত হোৱাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হ’বলৈ পালে বুলি এই গোচৰ তৰিছে ৰাইজৰ দলে ৷

যোৰহাট, 14 ছেপ্টেম্বৰ : নিমাতীৰ শোকাৱহ দুর্ঘটনাই এটা সপ্তাহ অতিক্ৰম কৰাৰ পিছতো এই মর্মান্তিক ঘটনাৰ লগত জড়িত এজনো প্ৰধান দোষীক গ্ৰেপ্তাৰ নকৰা কার্যই সমগ্ৰ ঘটনাক চৰকাৰ তথা প্ৰশাসনে অন্য ৰূপ দিবলৈ যত্ন কৰা বুলি ব্যাপক চর্চা চলিছে ৷ এই সময়তে মঙলবাৰে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিয়ে চাৰিজনকৈ চৰকাৰী কর্মচাৰীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰা ঘটনাই বিশেষ তাৎপর্য বহন কৰিছে ৷

raijor-dal-files-case-against-iwtd-officers
আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ কর্মচাৰীৰ বিৰুদ্ধে ৰাইজৰ দলৰ গোচৰ

মঙলবাৰে ৰাইজৰ দলৰ যোৰহাট জিলা সমিতিৰ সভাপতি দিব্যজ্যোতি শর্মাৰ নেতৃত্বত দিয়া এজাহাৰত কোৱা হয় যে, আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উপ-সমণ্ডল বিষয়া মুকুট গগৈ, অভিযন্তা বিক্ৰমাদিত্য চৌধুৰী, কণিষ্ঠ অভিযন্তাদ্বয় ৰাতুল তামুলী আৰু অসীম বৰুৱাৰ দীর্ঘদিনীয়া কার্যৰ পৰিণতিত যোৱা ৮ ছেপ্টেম্বৰৰ নিমাতী ঘাটৰ নাও দুৰ্ঘটনা সংঘটিত হ’ল ৷ এই দুৰ্ঘটনা অসমৰ ইতিহাসতে বিৰল আৰু মর্মান্তিক ঘটনা ৰূপে ইতিমধ্যে প্ৰতিপন্ন হৈছে বুলিও কোৱা হয় ৷

উক্ত বিষয়া সকলে নিজৰ পদবীৰ ক্ষমতা অপপ্ৰয়োগ কৰি দুর্নীতিত লিপ্ত হোৱাৰ বাবেই এই কৰুণ ঘটনা সংঘটিত হ’বলৈ পালে ৷ এই দুর্নীতিগ্ৰস্ত বিষয়াসকলক দুর্নীতি নিবাৰক আইন, ৰাজহুৱা সম্পত্তি ধ্বংস, মৃত্যু সংঘটিত কৰা আদি গোচৰত গ্ৰেপ্তাৰ কৰি শাস্তি প্ৰদান কৰক ৷

এই এজাহাৰ দিয়াৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে ১৯৩৩/২১/ইউএছ ৩০৪ আইপিচি নম্বৰত এক গোচৰ পঞ্জীয়ন কৰে ৷ এজাহাৰত স্বাক্ষৰ প্ৰদান কৰে কার্যকৰী সভাপতি দিলীপ কুমাৰ বৰদলৈ আৰু সাধাৰণ সম্পাদক সূর্যমোহন দাসে, গোচৰৰ শাক্ষী হিচাপে জবানবন্দী দিয়ে ৰাইজৰ দলৰ মনজিৎ বৰুৱা, অমৃত শইকীয়া, ধ্ৰৱজ্যোতি বৰা, দেৱলোচন বুঢ়াগোঁহাই, প্ৰঞ্জল বৰাই ৷ দলে আৰক্ষীক শীঘ্ৰে দোষীসকলক গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনায় ৷

লগতে পঢ়ক : নিমাতীঘাটৰ পৰা প্ৰায় ৩০ কিলোমিটাৰ নিলগত উদ্ধাৰ বিক্ৰমজিৎ বৰুৱাৰ মৃতদেহ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.