ফ্ৰেব্ৰুৱাৰীত সম্পূৰ্ণ হ’ব বগীবিলত নিৰ্মীয়মান অত্যাধুনিক জাহাজ বন্দৰ: সৰ্বানন্দ সোণোৱাল

By ETV Bharat Assamese Team

Published : Dec 26, 2023, 8:50 AM IST

Updated : Dec 26, 2023, 12:24 PM IST

thumbnail

ডিব্ৰুগড়, 26 ডিচেম্বৰ : ডিব্ৰুগড়ৰ বগীবিলৰ ব্ৰহ্মপুত্ৰৰ পাৰত নিৰ্মীয়মান অত্যাধুনিক জাহাজ বন্দৰ কামৰ অগ্ৰগতি বুজ ল’বলৈ সোমবাৰে সন্ধিয়া নিৰ্মাণস্থলীত উপস্থিত হয় কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱাল । মালবাহী আৰু যাত্ৰীবাহী দুই ধৰণৰ জাহাজৰ অহা-যোৱাৰ সুবিধা থাকিব এই অত্যাধুনিক বন্দৰত ।

উল্লেখ্য যে, ভাৰত চৰকাৰৰ আভ্যন্তৰীণ জল পৰিবহণ বিভাগৰ উদ্যোগত নিৰ্মাণ কৰি থকা হৈছে অত্যাধুনিক বন্দৰটো । অহা ফ্ৰেব্ৰুৱাৰী মাহৰ মাজভাগত বন্দৰটোৰ নিৰ্মাণ সম্পূৰ্ণ হৈ উঠিব বুলি কয় কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ৷

প্ৰায় 51 কোটি টকাৰ ব্যয় সাপেক্ষে বগীবিলত নিৰ্মাণ হৈ আছে উক্ত বন্দৰটো ৷ জৰিয়তে জল পৰিবহনৰ যোগেদি বাণিজ্যিক ক্ষেত্ৰখনত অসমক উত্তৰ-পূৰ্বাঞ্চলৰ ভিন্ন স্থানৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ বাংলাদেশৰ লগত সংযোগ কৰাৰ লগতে পৰ্যটনৰ ক্ষেত্ৰত অভূতপূৰ্ব পৰিৱৰ্তন সাধন হ’ব বুলি আশা ব্যক্ত কৰিছে মন্ত্ৰীগৰাকীয়ে ৷

লগতে পঢ়ক : ফেচবুক পোষ্টত আলফাৰ সমৰ্থনত কমেণ্ট কৰি গ্ৰেপ্তাৰ হ’ল অসমীয়া যুৱক

Last Updated : Dec 26, 2023, 12:24 PM IST

ABOUT THE AUTHOR

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.