ETV Bharat / state

বিশুদ্ধ পানী যোগান ধৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ব্যাপক তৎপৰতা - North East Fronier Railway

author img

By ETV Bharat Assamese Team

Published : May 26, 2024, 1:00 PM IST

HEAT WAVE HITS GUWAHATI : প্ৰচণ্ড গৰমে দহিছে দেশৰ অন্যান্য প্ৰান্তৰ লগতে অসমকো । গৰমত ৰে'লযাত্ৰীৰ সুবিধাৰ বাবে উত্তৰ-পূব সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই ব্যৱস্থা কৰিছে বিশুদ্ধ খোৱাপানীৰ ব্যৱস্থাৰ । কিদৰে লাভ কৰিব এই সুবিধাসমূহ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ।

North East Frontier Railway's massive efforts in providing pure drinking water
বিশুদ্ধ পানী যোগান ধৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ব্যাপক তৎপৰতা (ETV Bharat Assam)

গুৱাহাটী, ২৬ মে': বিগত কেইবাদিনো ধৰি বলি থকা গ্ৰীষ্ম প্ৰবাহে দেশৰ আন বহু ৰাজ্যৰ লগতে অসমতো স্বাভাবিক জনজীৱন ব্যাহত কৰি তোলা পৰিলক্ষিত হৈছে । ইফালে এই তীব্ৰ গৰমত ৰে'লযাত্ৰীৰ স্বাস্থ্যজনিত দিশটোৰ প্ৰতি লক্ষ্য ৰাখি উত্তৰ-পূৱ সীমান্ত ৰে'লৱে কৰ্তৃপক্ষই অধিক যাত্ৰী সমাগম হোৱা কেবাটাও ৰে'লৱে ষ্টেচন আৰু চলন্ত ৰে'লত ৰে'লযাত্ৰাৰ সময়ত যাত্ৰীসকলক বিশুদ্ধ খোৱাপানী যোগানৰ বাবে বিশেষ তৎপৰতা আৰম্ভ কৰিছে ।

North East Frontier Railway's massive efforts in providing pure drinking water
বিশুদ্ধ পানী যোগান ধৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ব্যাপক তৎপৰতা (ETV Bharat Assam)

উত্তৰ-পূৱ সীমান্ত ৰে'লৱেৰ মুখ্য জনসম্পৰ্কৰক্ষী বিষয়া সব্যসাচী দে'- এ জানিবলৈ দিয়া মতে কেইবাটাও ৰে'ল ষ্টেচন চৌহদত আৰু অনব'ৰ্ড ৰে'লত বিশুদ্ধ খোৱা পানী যোগান ধৰাৰ বাবে প্ৰচেষ্টা তীব্ৰতৰ কৰি তুলিছে । কেইবাটাও মুখ্য ৰে'ল ষ্টেচনত ৱাটাৰ ভেণ্ডিং মেচিন (ডব্লিউভিএম), ৱাটাৰ কুলাৰ আৰু ৱাটাৰ টেপৰ উপলব্ধতা নিশ্চিত কৰিছে । তদুপৰি, মনোনীত ষ্টেচনসমূহত নিয়মীয়া ব্যৱধানত বা প্রযোজন অনুসৰি কুইক ৱাটাৰিং চিষ্টেম পদ্ধতি ব্যৱহাৰ কৰি সকলো দীর্ঘ দূৰত্বৰ ৰে'লত পানী পুনৰ ভৰোৱা কাৰ্য নিশ্চিতকৰণ কৰা হৈছে ।

কেইবাটাও মুখ্য ষ্টেচনৰ প্লেটফর্মত ১০০টা তকৈ অধিক ৱাটাৰ ভেন্ডিং মেচিনৰ সেৱা আগবঢ়াই আছে । কাটিহাৰ জংচন, নিউ জলপাইগুৰি, ৰায়গঞ্জ, ছামসী, নিউ কোচবিহাৰ, কোকৰাঝাৰ, হাচিমাৰা ষ্টেচনত স্থাপন কৰা ৱাটাৰ ভেণ্ডিং মেচিনসমূহে বটলত আৰু বহনযোগ্য পাত্ৰত ভৰোৱাৰ বাবে বিশুদ্ধ আৰু স্বাস্থ্যসম্মত পানী প্ৰদান কৰে । এই মেচিনসমূহৰ জৰিয়তে যাত্রীসকলে উচিত মূল্যত খোৱাপানী ক্ৰয় কৰিব পাৰিব ।

এই সুবিধাটো ২৪ ঘণ্টাই ষ্টেচনত উপলব্ধ থাকিব । যাত্রীসকলে ৰিফিলিঙৰ বাবে মাত্র ৫ টকা আৰু এক লিটাৰৰ কঢ়িয়াই নিব পৰা কণ্টেইনাৰ বটলৰ বাবে ৮ টকাত পৰিষ্কাৰ আৰু বিশুদ্ধ খোৱাপানী লাভ কৰিব । একেদৰে, ৫ লিটাৰ পানীৰ ক্ষমতাসম্পন্ন বটলসমূহৰ ৰিফিলৰ বাবে ২০ টকা আৰু কঢ়িয়াই নিয়া পাত্রসহ পানীৰ ব্যয় মাত্ৰ ২৫ টকা আদায় দিব লাগিব ।

North East Frontier Railway's massive efforts in providing pure drinking water
বিশুদ্ধ পানী যোগান ধৰাৰ ক্ষেত্ৰত উত্তৰ-পূৱ সীমান্ত ৰেলৱেৰ ব্যাপক তৎপৰতা (ETV Bharat Assam)

ষ্টেচন আৰু ৰে'লত যাত্রীসকলক খোৱাপানী যোগান ধৰাৰ এই সমন্বিত প্রচেষ্টাই হাইড্ৰেচন বৃদ্ধি কৰাৰ উপৰিও যাত্ৰীসকলৰ বাবে সামগ্রিক ভ্ৰমণৰ অভিজ্ঞতা বৃদ্ধি কৰিব । উত্তৰ-পূৱ সীমান্ত ৰে'লৱেয়ে প্রতিকূল বতৰৰ পৰিস্থিতিতো সদায়ে যাত্ৰীৰ কল্যাণ আৰু আৰামক অগ্ৰাধিকাৰ দিয়াৰ ক্ষেত্ৰত কাম কৰি আহিছে বুলি জনসম্পৰ্কৰক্ষী বিষয়াজনে সদৰী কৰে ।

লগতে পঢ়ক: ডিজিপিৰ আহ্বানৰ প্ৰতি সঁহাৰি : আৰক্ষীৰ লোকক যোগান ধৰিলে পানী - Water Supply To On Duty Police

ভংগ হ'ব পাৰে গুৱাহাটীৰ ৬৪ বছৰীয়া সৰ্বোচ্চ তাপমাত্ৰাৰ অভিলেখ ! - Heat Wave In Assam

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.