ETV Bharat / state

ভংগ হ'ব পাৰে গুৱাহাটীৰ ৬৪ বছৰীয়া সৰ্বোচ্চ তাপমাত্ৰাৰ অভিলেখ ! - Heat Wave In Assam

author img

By ETV Bharat Assamese Team

Published : May 25, 2024, 7:16 PM IST

Updated : May 25, 2024, 8:57 PM IST

Heat Wave in Assam: অসমত তিনি মাহত বৰষুণৰ পৰিমাণ হ্ৰাস পাইছে ৪৪ শতাংশ । ইপিনে, অহা ৪৮ ঘণ্টাত ৰাজ্যজুৰি সৰ্বোচ্চ তাপমান স্বাভাৱিকতকৈ ৫-৭ ডিগ্রী চেলছিয়াছ পর্যন্ত বেছি হোৱাৰ সম্ভাৱনা । গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰাৰ অভিলেখ স্পৰ্শ কৰো কৰো ।

Heat Wave In Assam
ৰাজ্যত উৰ্দ্ধমুখী পাৰাস্তম্ভ (Regional Meteorological Centre Guwahati)

গুৱাহাটী, ২৫ মে': ৰাজ্যত পাৰাস্তম্ভ উৰ্দ্ধমুখী হোৱাত বিপন্ন হৈছে স্বাভাৱিক জনজীৱন । প্ৰচণ্ড গৰমৰ বাবে ঘৰৰ পৰা ওলাব নোৱৰা অৱস্থা । ৰাজ্য়ৰ বিভিন্ন ঠাইত তাপমাত্ৰাই জনজীৱন বিপন্ন কৰাৰ সময়তে শনিবাৰৰ দিনটোত গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা ৪০.১ ডিগ্ৰী চেলছিয়াছ স্পৰ্শ কৰিছে । ইয়াৰ লগে লগে গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰাৰ অভিলেখ স্থাপনৰ দিশে আগবাঢ়িছে । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰ,গুৱাহাটীৰ তথ্য় অনুসৰি ১৯৬০ৰ ১ মে'ত গুৱাহাটী মহানগৰীত সৰ্বোচ্চ তাপমাত্ৰা আছিল ৪০.৩ ডিগ্ৰী চেলছিয়াছ । যদি এই অভিলেখ ভংগ হয় তেতিয়াহ'লে ভয়ংকৰ হ'ব মহানগৰীৰ পৰিস্থিতি ।

আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা মতে, অহা ৪৮ ঘণ্টাত ৰাজ্যজুৰি সৰ্বোচ্চ তাপমান স্বাভাৱিকতকৈ ৫-৭ ডিগ্রী চেলছিয়াছ পর্যন্ত বেছি থাকিব । আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য় মতে, অহা ৪৮ ঘণ্টাত ৰাজ্যৰ দুই এঠাইত গ্ৰীষ্মপ্ৰবাহৰ সম্ভাৱনা আছে ।

বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য় মতে, শুকুৰবাৰে গুৱাহাটী আৰু শিলচৰত তাপমান স্বাভাৱিকতকৈ ৭.৪ ডিগ্রী চেলছিয়াছ বেছি আছিল । অর্থাৎ কালি গুৱাহাটী আৰু শিলচৰত স্বাভাৱিক তাপমান হ'ব লাগিছিল ৩২ ৰ পৰা ৩৩ ডিগ্রী চেলছিয়াছ । আজিও এনে অৱস্থা । সূৰ্যই যেন জুইহে বৰষিছে । প্রচণ্ড গৰমত কোনেও ক'তো ওলাব নোৱৰা অৱস্থা । গাঁৱৰ পৰা চহৰলৈ সকলোতে একেই অৱস্থা । গছৰ ছাঁৰ পৰা ফেন-এ চিৰ বতাহত গা শাত পেলোৱা, ঠাণ্ডা পানী, কুঁহিয়াৰৰ ৰস বা শীতল পানীয় খোৱাত বাদে অন্য উপায় নোহোৱা হৈছে ।

বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য মতে, কেইখনমান চহৰৰ কালি সৰ্বোচ্চ তাপমান এনে ধৰণৰ-গোৱালপাৰাত ৩৭.৪ ডিগ্রী চেলছিয়াছ, গোলাঘাটত ৩৭ ডিগ্রী চেলছিয়াছ, ডিব্ৰুগড়ত ৩৬.৮ ডিগ্রী চেলছিয়াছ, উত্তৰ লখিমপুৰত ৩৬.৮ ডিগ্রী চেলছিয়াছ । প্ৰতিখন চহৰতেই সর্বোচ্চ তাপমান স্বাভাৱিক তাপমানতকৈ বহু বেছি আছিল ।

বৰষুণৰ পৰিমাণ হ্ৰাস

মাথো যে উৎকট গৰমেই দহিছে এনে নহয়, বৰষুণো নাই । বতৰ বিজ্ঞান কেন্দ্ৰৰ তথ্য অনুসৰি ১ মাৰ্চৰ পৰা ২২ মে'লৈ অসমত ৪৪ শতাংশ কমকৈ বৰষুণ হৈছে । এই সময়ছোৱাত বৰষুণ হ'ব লাগিছিল ৪৫০.২ মিলিমিটাৰ, হৈছে মাত্ৰ ২৫২.৮ মিলিমিটাৰ । প্ৰাক মৌচুমী কালত (মার্চ-মে') অকল্পনীয়ভাৱে তাপমান বৃদ্ধি তথা কমকৈ বৰষুণ হোৱাত জনজীৱন বিপর্যস্ত হৈ পৰিছে । এনে সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ আৰু বেচৰকাৰী সংস্থা স্কাইমেটে দিয়া আগজাননী অনুসৰি প্রাণসঞ্চাৰী মৌচুমীৰ সময়ছোৱাত (জুন-ছেপ্টেম্বৰ) অসমত স্বাভাৱিকতকৈ কম বৰষুণ হ'ব । যদি সেয়াই হয়,তেন্তে তাৰ প্ৰভাৱ কৃষিৰ পৰা আৰ্থ-সামাজিক ক্ষেত্ৰ সকলোতে পৰিব ।

২৭ মে' ৰ পৰা ৰাজ্যত বৰষুণৰ আগজাননী

ইপিনে, আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, পূব আৰু মধ্য বঙ্গোপসাগৰত ২৪ মে' ত অতি নিম্ন চাপৰ সৃষ্টি হোৱাত এই নিম্ন চাপ উত্তৰ পূবলৈ গতি কৰিছে । ২৫ মে'ৰ পুৱা এই নিম্ন চাপ সামুদ্ৰিক ধুমুহালৈ পৰিৱৰ্তন হৈছে । এই সামুদ্ৰিক ধুমুহা ২৬ মে'ৰ নিশা পশ্চিম বংগৰ উপকুল আৰু বাংলাদেশৰ খেপোপাৰাৰ উপকুল অতিক্ৰম কৰি অসম তথা উত্তৰ-পূৰ্বাঞ্চলত প্ৰৱেশ কৰিব । যাৰ‌ বাবে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত ২৭ আৰু‌ ২৮ মে' ত মজলীয়াৰ পৰা প্ৰৱল বৰষুণ হোৱাৰ‌ সম্ভাৱনা আছে ।

প্ৰখৰ ৰ'দত কাম কৰা লোকৰ বাবে দিনটো নাযায় যেন অৱস্থা হৈছে । বাট-পথত মানুহৰ আহ-যাহ স্বাভাৱিকতকৈ হ্ৰাস পাইছে । এই উত্তাপ আৰু কেইদিনমানলৈ অব্যাহত থাকিলে মানুহৰ মাজত বিভিন্ন ৰোগে দেখা দিয়াৰ সম্ভাৱনা আছে ।

লগতে পঢ়ক:ৰাজ্যত কমিব গৰম; ঘূৰ্ণীবতাহৰ প্ৰভাৱত ধুমুহা-বৰষুণৰ সম্ভাৱনা - Weather Report Of Assam

গৰমৰ পৰা পৰিত্ৰাণ বিচাৰিছে নেকি ? শীতল বতাহ ল'বলৈ আহিব পাৰে শিলঘাটলৈ - Heat Wave In Assam

গৰমৰ বাবে ৰাজ্যত বিদ্যালয়ৰ পাঠদানৰ সময়সূচী সলনি - HEATWAVE IN ASSAM

Last Updated : May 25, 2024, 8:57 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.