অসম

assam

Assam forest minister on eviction: বনাঞ্চলত বেদখল নচলিব; বন মন্ত্ৰীৰ হুংকাৰ

By

Published : Mar 3, 2023, 1:48 PM IST

অসমত বেদখলকৃত ভূমিত উচ্ছেদ চলিব (Eviction in Assam)। এই ঘোষণা বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ । বনাঞ্চলৰ ভূমিত বেদখল কৰিব নোৱাৰিব বুলিও স্পষ্ট কৰি দিয়ে মন্ত্ৰীগৰাকীয়ে ।

Assam forest minister on eviction
বনাঞ্চলত বেদখল নচলিব

বনাঞ্চলত বেদখল নচলিব

তেজপুৰ, ৩ মাৰ্চ :বেদখলকাৰীৰ বিৰুদ্ধে অসম চৰকাৰৰ উচ্ছেদ অভিযান অব্যাহত আছে (Eviction in Assam)। কেতিয়াবা যদি সত্ৰৰ ভূমিত কেতিয়াবা আকৌ বনাঞ্চলৰ ভূমিত চলে প্ৰশাসনৰ উচ্ছেদ । শেহতীয়াকৈ গুৱাহাটী মহানগৰীৰ শিলসাঁকোত চলিছিল প্ৰশাসনৰ উচ্ছেদ অভিযান । এই অভিযানক লৈ ৰাজ্যজুৰি তীব্ৰ চৰ্চা চলি আছে । বিৰোধীয়ে শাসকীয় পক্ষক তীব্ৰ সমালোচনা কৰি থকাৰ মাজতে এইবাৰ মুখ খুলিলে বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে (Chandra Mohan Patowary reacts over eviction)।

বন মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীৰ মতে বেদখল কৰি থকা সকলো ভূমিতে উচ্ছেদ চলিব । বন বিভাগৰ মাটি বেদখল কৰা সকলৰ বিৰুদ্ধেও অভিযান চলিব । আনহাতে কোনো লোকে চৰকাৰী বা বন বিভাগৰ ভূমি বেদখল কৰিব নোৱাৰিব বুলি তেওঁ হুংকাৰ দিয়ে । তেজপুৰত বৃহস্পতিবাৰে ভাৰতীয় জনতা পাৰ্টীৰ সংখ্যালঘু মৰ্চাৰ এক বৈঠকত অংশগ্ৰহণ কৰি সাংবাদিকৰ আগত এই মন্তব্য কৰে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে ।

তেওঁ স্পষ্টভাৱে কয় যে চৰকাৰে উচ্ছেদ বন্ধ নকৰে । উচ্ছেদ বিজেপি চৰকাৰৰ দিনত চলি থাকিব । শিলসাঁকোৰ উচ্ছেদত সাময়িকভাৱে উচ্চ ন্যায়ালয়ে স্থগিতাদেশ জাৰি কৰিছে যদিও উচ্ছেদ অভিযান বন্ধ নহয় বুলি তেওঁ উল্লেখ কৰে ৷ তেজপুৰৰ উচ্ছেদ সম্পৰ্কে ৰাজ্য চৰকাৰৰ স্থিতি স্পষ্ট কৰি দিয়ে মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰীয়ে (Assam Forest Minister warns encroachers) ৷ আনহাতে মন্ত্ৰী পাটোৱাৰীয়ে লগতে কয় যে উচ্ছেদ ধৰ্মৰ ভিত্তিত নহয়, বনাঞ্চলসমূহত চলা বেদখলৰ বিৰুদ্ধেহে চলিব ৷

ওৰাং ৰাষ্ট্ৰীয় উদ্যানত (Orang National Park) শীঘ্ৰেই উচ্ছেদ অভিযান চলাৰ কথাও উল্লেখ কৰে মন্ত্ৰীগৰাকীয়ে । আনহাতে শোণিতপুৰৰ সোণাই-ৰূপাইতো উচ্ছেদ চলিব বুলি মন্ত্ৰীগৰাকীয়ে কয় । মন্ত্ৰীগৰাকীৰ মতে বাকী স্থানসমূহৰ লগতে গোৱালপাৰা আৰু কৰিমগঞ্জ আদি জিলাতো ৰাজ্য চৰকাৰে উচ্ছেদ অভিযান চলাব ।

উল্লেখ্য যে শোণিতপুৰ জিলাৰ বৰছলাৰ চিতলমাৰীত জিলা প্ৰশাসনে পুনৰ উচ্ছেদ অভিযান আৰম্ভ কৰিছে । যোৱা ৩ ছেপ্টেম্বৰত শোণিতপুৰ জিলা প্ৰশাসনে ৩ নং চিতলমাৰীত প্ৰায় ৩০০ পৰিয়ালক উচ্ছেদ কৰিছিল (Eviction in Borsola)। বৃহৎ চৰকাৰী ভূমি বেদখলমুক্ত কৰিছিল যদিও একাংশ পৰিয়ালে পুনৰ সেই স্থানত ঘৰ সাজি লৈছে । ফলস্বৰূপে জিলা প্ৰশাসনে পুনৰ উচ্ছেদ আৰম্ভ কৰিছে ।

লগতে পঢ়ক :AASAA protest against Ashok Singhal: গৃহ সমষ্টিতেই মন্ত্ৰী অশোক সিংহালক পহু খেদা !

ABOUT THE AUTHOR

...view details