ETV Bharat / state

AASAA protest against Ashok Singhal: গৃহ সমষ্টিতেই মন্ত্ৰী অশোক সিংহালক পহু খেদা !

author img

By

Published : Mar 3, 2023, 8:23 AM IST

শোণিতপুৰ জিলাৰ ঢেঁকীয়াজুলি সমষ্টিৰ বিধায়ক তথা ৰাজ্য চৰকাৰৰ মন্ত্ৰী অশোক সিংহালৰ দিন বেয়া চলিছে গৃহ সমষ্টিত ৷ বৃহস্পতিবাৰে গৃহ সমষ্টিৰ ঢেঁকিয়াজুলিৰ প্ৰজা পথাৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰিবলৈ যোৱাৰ সময়তে মন্ত্ৰী অশোক সিংহালক পহু খেদা দিলে আছাই (AASAA protest against Ashok Singhal) ৷

protest against Minister Ashok Singhal
ঢেঁকিয়াজুলিবাসীক লৈ অশোক সিংহালে বেপাৰ কৰিছে :আছা

ঢেঁকিয়াজুলিবাসীক লৈ অশোক সিংহালে বেপাৰ কৰিছে :আছা

তেজপুৰ, 3 মাৰ্চ : ‘‘এয়া ঢেঁকীয়াজুলি সমষ্টি হয় ৷ ইয়াত জাতি-জনগোষ্ঠীৰ মাজত আৱেগ-অনুভূতি আছে ৷ অৱশ্যে এই কথা বুজি পোৱা নাই অসম চৰকাৰৰ মন্ত্ৰী অশোক সিংঘালে ৷ এইবাৰ এই সমষ্টিৰ পৰা তেওঁক পহু খেদা দিয়া হ’ব ৷’’ বৃহস্পতিবাৰে ঢেঁকিয়াজুলিৰ প্ৰজা পথাৰত এক কাৰ্যসূচীত অংশগ্ৰহণ কৰাৰ পাচতে মন্ত্ৰী অশোক সিংহালে মন্তব্য কৰা কিছু ব্যক্তব্যৰ প্ৰসংগত সংবাদ মাধ্যমৰ আগত এনেদৰে গৰজি উঠিল সদৌ অসম আদিবাসী ছাত্ৰ সন্থা চমুকৈ আছা (AASAA protest against Ashok Singhal)৷

লগতে প্ৰতিবাদী ছাত্ৰ সংগঠনটোৱে কয়, ‘‘ঢেঁকীয়াজুলি বেপাৰৰ ঠাই নহয়, আপুনি গুৱাহাটীত বেপাৰ কৰক ৷ বিগত 10 টা বছৰে আপুনি ঢেঁকীয়াজুলিত জাতি-জনগোষ্ঠীৰ লগত বেপাৰ কৰি আছে ৷ গতিকে আপোনাক আৰু এই বেপাৰ কৰিব দিয়া নহ’ব’’ ৷

উল্লেখ্য যে, দৰং জিলাৰ ধূলাকাণ্ডত মৃত্যু হোৱা দুৰ্ভগীয়া বনকৰা কিশোৰী আৰতি তুৰিৰ বাসগৃহত বৃহস্পতিবাৰে উপস্থিত হৈছিল মন্ত্ৰী অশোক সিংহাল (Minister Ashok Singhal in Sonitpur) ৷ উদ্দেশ্য মুখ্যমন্ত্ৰীৰ নিৰ্দেশ মৰ্মে আৰতি তুৰিৰ ঘৰৰ পৰিয়ালটোলৈ প্ৰদান কৰা নৱ-নিৰ্মিত ঘৰটিৰ উদ্বোধন কৰা ৷ ইমানলৈকে সকলো ঠিকেই আছিল ৷ কিন্তু গৃহটো উদ্বোধন হোৱাৰ পিচতেই লাগিল খেল-মেলি ৷

ৰাজ্য চৰকাৰে কৰা BTR চুক্তিক সমৰ্থন জনাইছে মন্ত্ৰী অশোক সিংহালে ৷ এই চুক্তি অনুসৰি ঢেঁকীয়াজুলি সমষ্টিৰ অন্তর্গত কেবাখনো গাঁও BTR ত অন্তৰ্ভুক্ত হ’ব ৷ যাক লৈ এতিয়া ক্ষোভিত হৈ পৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থা ৷ সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ মতে, BTR চুক্তিৰ ফলত গোটেই অসমখন ভাগ-ভাগ হৈ যাব ৷ যিটো আছাই কেতিয়াও বিচৰা নাই ৷ আনকি বিটিআৰ চুক্তিৰ ফলত কেৱল বড়োসকলৰহে উন্নতি হ’ব ৷ আনৰ নহয় - এইবুলি অভিযোগ উত্থাপন কৰে প্ৰতিবাদী আছাই ৷

লগতে আছাই অভিযাগ কৰে যে কোনো দল-সংগঠনৰ সৈতে আলোচনা নকৰাকৈয়ে BTR ত অন্তৰ্ভুক্ত কৰিবলৈ লৈছে শোণিতপুৰৰ কেবাখনো গাঁও ৷ সেয়ে অসম চৰকাৰৰ মন্ত্ৰীগৰাকীক কাষতে পাই পহু খেদা দিলে আছাৰ লগতে সমষ্টিবাসী ৰাইজে ৷

লগতে আছাই সকিয়নী প্ৰদান কৰে যে BTR ৰ প্ৰসংগত কোনো আলোচনা নকৰাকৈ আগবাঢ়িলে অনাগত দিনত পুনৰ এই পৰিস্থিতিৰ সন্মুখীন হ’বলগীয়া হ’ব মন্ত্ৰীগৰাকীয়ে ৷ এয়া মাথোঁ আৰম্ভণিহে বুলি মন্তব্য কৰে আছাৰ কৰ্মকাৰ্তাসকলে ৷ এই লৈ বৃহস্পতিবাৰে শোণিতপুৰ জিলাৰ চাৰিদুৱাৰ আৰু ঢেঁকীয়াজুলিত এক উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

লগতে পঢ়ক : Lok Sabha Election 2024: লোকসভা নিৰ্বাচনত বহু ভাল দেখুৱাব বিজেপিয়ে: ভৱেশ কলিতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.