অসম

assam

Raising Day of the 11 Para Special Forces : সেনাক উচ্চ প্ৰশংসা পেমা খাণ্ডুৰ

By

Published : Feb 6, 2023, 7:44 PM IST

Updated : Feb 6, 2023, 8:38 PM IST

শোণিতপুৰ জিলাৰ মিছামাৰী সেনা ষ্টেচনত ভাৰতীয় সেনাৰ ১১ পেৰা (বিশেষ বাহিনী) গোটৰ ১১ তম প্ৰতিষ্ঠা দিৱসৰ আয়োজন কৰা হয় (Raising Day of the 11 Para Special Forces)। অনুষ্ঠানত অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডু উপস্থিত থাকে । পেৰা বিশেষ বাহিনীয়ে ব্যৱহাৰ কৰা বিভিন্ন অত্যাধুনিক মাৰণাস্ত্ৰ তেওঁ পৰিদৰ্শন কৰে । সেনা বাহিনীক প্ৰশংসাও কৰে মুখ্যমন্ত্ৰীয়ে ।

Raising Day of the 11 Para Special Forces
১১ পেৰা বিশেষ বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অৰুণাচলৰ মুখ্যমন্ত্ৰী

তেজপুৰ,৬ ফেব্ৰুৱাৰী :অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে সোমবাৰে শোণিতপুৰ জিলাৰ মিছামাৰী সেনা ষ্টেচনত ভাৰতীয় সেনাৰ ১১ পেৰা (বিশেষ বাহিনী) গোটৰ ১১ তম প্ৰতিষ্ঠা দিৱসত অংশগ্ৰহণ কৰে (11th raising Day of the 11 Para Special Forces)। অনুষ্ঠানত ভাষণ প্ৰদান কৰি খাণ্ডুৱে পেৰা গোটসমূহৰ দক্ষতা, পেছাদাৰীতা আৰু সাহসিকতাক প্ৰশংসা কৰে । তেওঁ কয় যে বিশেষ অভিযানৰ বাবে ই সেনাৰ এক অবিচ্ছেদ্য অংশ হৈ পৰিছে ।

তেওঁ ভাষণ প্ৰসংগত উল্লেখ কৰা মতে অৰুণাচল প্ৰদেশৰ সৈতে ১১ পেৰা গোটৰ সম্পৰ্ক অতি শক্তিশালী । গোটটোৰ কাৰ্যকৰী ক্ষেত্ৰৰ বাবে ই অৰুণাচলৰ নিজা গোট যেন অনুভৱ হয় বুলি তেওঁ উল্লেখ কৰে । খাণ্ডুৱে চীনৰ সৈতে আন্তঃৰাষ্ট্ৰীয় সীমান্তত নিযুক্ত ভাৰতীয় সেনাৰ প্ৰশংসা কৰে (CM Pema Khandu praises Indian Army)। কিয়নো প্ৰতিকূল বতৰ আৰু ভৌগোলিক পৰিস্থিতিৰ সৈতে সেইসকল সেনা জোৱানে অৰুণাচল প্ৰদেশৰ এটাৰ পৰা আনটো প্ৰান্তলৈ বিস্তৃত এলেকাটোত নিযুক্ত হৈ আছে ।

১১ পেৰা বিশেষ বাহিনীৰ প্ৰতিষ্ঠা দিৱসত অৰুণাচলৰ মুখ্যমন্ত্ৰী

মুখ্যমন্ত্ৰীগৰাকীৰ মতে অৰুণাচলৰ তেওঁৰ নিজৰ বিধানসভা সমষ্টিটো সীমান্তৰ আটাইতকৈ স্পৰ্শকাতৰ অঞ্চলত আছে সেয়ে তেওঁ বছৰত কমেও এবাৰ সকলো সীমান্ত চকী পৰিদৰ্শন কৰে বুলিও উল্লেখ কৰে । চৰম পৰিস্থিতি স্বত্বেও হাঁহিমুখেৰে দেশৰ সীমান্ত ৰক্ষা কৰাৰ বাবে তেওঁ সেনাক অভিবাদন জনায় । যেতিয়াই তেওঁ সীমান্ত চকীবোৰত জোৱানসকলক সাক্ষাৎ কৰে সদায়ে তেওঁলোকৰ উছাহ শীৰ্ষত থাকে বুলিও কয় মুখ্যমন্ত্ৰীগৰাকীয়ে (Arunachal CM at 11 Para raising Day program)।

তেওঁ লগতে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নেতৃত্বত কেন্দ্ৰীয় চৰকাৰে শেহতীয়া বছৰবোৰত পথ সংযোগৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে । শেহতীয়াকৈ বাতৰিত প্ৰকাশ পোৱা য়াংটছে খণ্ডৰ কথা উল্লেখ কৰি তেওঁ কয় যে দুটা দিশৰ পৰা পথ সংযোগ সম্পূৰ্ণ কৰা হৈছে যাৰ ফলত প্ৰয়োজনৰ ক্ষেত্ৰত তাৎক্ষণিক শক্তিবৃদ্ধি সক্ষম হৈ উঠিব ।

তেওঁ লগতে শেহতীয়াকৈ ভাৰতৰ পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰালয়ৰ দ্বাৰা অনুমোদিত ফ্ৰণ্টিয়াৰ ঘাইপথৰ দ্বাৰা সীমান্তত সেনা বাহিনী আৰু অসামৰিক লোকৰ চলাচলত সহায় হ'ব বুলি আশা প্ৰকাশ কৰে । খাণ্ডুৱে উল্লেখ কৰা মতে অৰুণাচল প্ৰদেশৰ লোকসকলৰ বিশেষকৈ সীমান্তৱৰ্তী জিলাসমূহত বাস কৰা লোকসকলৰ ভাৰতীয় সেনাৰ সৈতে অতি সৌহাৰ্দ্যপূৰ্ণ সম্পৰ্ক আছে ।

১১ পেৰা বিশেষ বাহিনীৰ ১১ তম প্ৰতিষ্ঠা দিৱসত অৰুণাচলৰ মুখ্যমন্ত্ৰী

অৰুণাচল প্ৰদেশৰ মুখ্যমন্ত্ৰীগৰাকীয়ে উল্লেখ কৰা মতে ভাৰতীয় লোকসকল গভীৰ দেশপ্ৰেমী আৰু ভাৰতীয় সেনাৰ প্ৰতি তেওঁলোকৰ অপৰিসীম সন্মান আছে । মুখ্যমন্ত্ৰীয়ে আশ্বাস দি কয় যে অৰুণাচল চৰকাৰে ১১ পেৰা গোটৰ সৈতে সহায় আৰু সহযোগিতা কৰিবলৈ সদায় সাজু আৰু অনুৰোধ কৰিলে আন্তঃগাঁথনিমূলক বা আন যিকোনো ধৰণৰ সহায় আগবঢ়াব । অনুষ্ঠানত খাণ্ডুৱে কৰ্তব্যৰত অৱস্থাত প্ৰাণ হেৰুওৱা দুগৰাকী সৈনিকৰ পৰিয়ালক 'বীৰনাৰী' সন্মানৰে সন্মানিত কৰে ।

পেৰা গোটে ব্যৱহাৰ কৰা অত্যাধুনিক সঁজুলিসমূহ পৰিদৰ্শন কৰাৰ লগতে সৈনিক আৰু তেওঁলোকৰ পৰিয়ালৰ সৈতে বাৰ্তালাপ কৰে (Arunachal CM inspected equipment used by Para unit)।

২০১১ চনৰ ১ ফেব্ৰুৱাৰীত আগ্ৰাত ইষ্টাৰ্ণ থিয়েটাৰত সেনাৰ মুখ্য কাৰ্যালয়ৰ বাবে ১১ পেৰা (বিশেষ বাহিনী) গঠন কৰা হৈছিল (11 Para Special Forces of India)। বেটেলিয়নটো ২০১২ চনৰ ১ এপ্ৰিলত উমৰোই সামৰিক কেন্দ্ৰত ইষ্টাৰ্ণ কমাণ্ডত অন্তৰ্ভুক্ত কৰা হৈছিল । পাছত ২০১৬ চনৰ ১ মাৰ্চত ৪ কৰ্পছৰ মুখ্য কাৰ্যালয়ৰ অধীনলৈ অনা হয় আৰু মিছামাৰীৰ লামা কেম্পলৈ স্থানান্তৰিত কৰা হয় । তাৰ পাছত বেটেলিয়নটো ২০২১ চনৰ জানুৱাৰীত মিছামাৰী সামৰিক কেন্দ্ৰত ইয়াৰ স্থায়ী কাৰ্যালয়লৈ স্থানান্তৰিত হয় । এই বেটেলিয়নে ২০২২ চনৰ ২৩ ফেব্ৰুৱাৰীত ৰেজিমেন্টেল ৰং লাভ কৰিছিল ।

এতিয়ালৈকে অ'পি হিফাজত (মণিপুৰ), অ'পি ৰাইনো (অসম), অ'পি ফালকন (অৰুণাচল প্ৰদেশ), অ'পি স্ন' লেপ'ৰ্ড (অৰুণাচল প্ৰদেশ) আৰু অ'পি অৰ্কিড (অৰুণাচল প্ৰদেশ)ৰ দৰে সফল অভিযান চলাইছে । ১১ পেৰা বিশেষ বাহিনীক 'ভাইপাৰ' বুলিও অভিহিত কৰা হয় আৰু ই জংঘলৰ অভিযান আৰু বিদ্ৰোহ প্ৰতিৰোধ তথা সন্ত্ৰাসবাদ বিৰোধী অভিযানত বিশেষ ভূমিকা গ্ৰহণ কৰে ।

লগতে পঢ়ক :Assam Arunachal Land dispute: পুনৰ অসমৰ ভূমিত গছ কাটি বেদখলৰ চেষ্টা অৰুণাচলীৰ

Last Updated :Feb 6, 2023, 8:38 PM IST

ABOUT THE AUTHOR

...view details