ETV Bharat / state

Assam Arunachal Land dispute: পুনৰ অসমৰ ভূমিত গছ কাটি বেদখলৰ চেষ্টা অৰুণাচলীৰ

author img

By

Published : Feb 6, 2023, 3:35 PM IST

ধেমাজিত এতিয়াও নুমুৱা নাই অসম অৰুণাচল সীমা সংঘাতৰ দাবানল ৷ পুনৰ জোনাইৰ মাজুলীপুৰ অঞ্চলত অৰুণাচলী লোকে বলপূৰ্বকভাৱে প্ৰৱেশ কৰি গছ কাটি তহিলং কৰাৰ লগতে ভূমি আগ্ৰাসনৰ চেষ্টা চলোৱা ঘটনা পোহৰলৈ আহিছে (Arunachal Pradesh invades Assamese territory again)৷

Arunachali tries to grab Assam land at Jonai
অসমৰ ভূমিত গছ কাটি ভূমি দখলৰ চেষ্টা অৰুণাচলীৰ

অসমৰ ভূমিত গছ কাটি ভূমি দখলৰ চেষ্টা অৰুণাচলীৰ

জোনাই, 6 ফেব্ৰুৱাৰী: অব্যাহত আছে অসম অৰুণাচলৰ সীমা সংঘাত (Assam Arunachal Border Conflict) ৷ শেহতীয়াকৈ অসম অৰুণাচলৰ মাজত সীমা সমস্যা সমাধান কৰাৰ বাবে দুয়োখন ৰাজ্যৰ চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰখাৰ সময়তে জোনাইত একাংশ অৰুণাচলী লোকে পুনৰ অসমৰ ভূমিত আগ্ৰাসনৰ চেষ্টা চলোৱাৰ কথা জানিব পৰা হৈছে(Arunachal Pradesh invades Assamese territory again) ৷ ধেমাজি জিলাৰ জোনাইৰ লাইমেকুৰী অঞ্চলৰ মাজুলীপুৰৰ অসমৰ ভূমিত প্ৰৱেশ কৰি একাংশ অৰুণাচলী লোকে বহু মূল্যবান গছ আৰু বাঁহ কাটি লৈ যোৱাৰ ঘটনা সংঘটিত হৈছে ৷

বিগত কেইবাদিনৰ পৰা অৰুণাচলৰ পশ্চিম চিয়াং জিলাৰ অন্তৰ্গত নাৰী অঞ্চলৰ লোকসকলে জোনাইৰ মাজুলীপুৰৰ অঞ্চলত প্ৰৱেশ কৰি বেআইনীভাৱে গছ কটাৰ লগতে মাটি দখল কৰিবলৈ লোৱা কাৰ্যত চিন্তিত হৈ পৰিছে জোনাইৰ সীমান্তবাসী ৰাইজ (Arunachali tries to grab Assam land) ৷ শেহতীয়াকৈ দেওবাৰে পুনৰ অৰুণাচলী লোকে বলপূৰ্বকভাৱে অসমৰ ভূমিত সোমাই গছ কাটি থকা সময়ত জোনাইৰ মাজুলীপুৰস্থিত সীমান্তৰক্ষী আৰক্ষীৰ লোকে বাধা প্ৰদান কৰাত উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি হয় ৷

এই ঘটনাৰ পিচতে দেওবাৰে উক্ত অঞ্চলটো পৰিদৰ্শনৰ বাবে জোনাইৰ অতিৰিক্ত সহ আয়ুক্ত, বনবিভাগৰ লোক তথা জোনাইৰ আৰক্ষী এক দল উপস্থিত হয় ৷ দলটোৱে পৰিদৰ্শনৰ সময়ত অসমৰ বহুতো মূল্যবান গছ আৰু বাঁহ কাটি থোৱা প্ৰত্যক্ষ কৰে ৷ ভৱিষ্যতে যাতে পৰিস্থিতি আৰু অধিক অৱনতি নঘটে তাৰপ্ৰতি লক্ষ্য ৰাখিবলৈ সীমান্তৰক্ষী বাহিনীক সষ্টম হৈ থাকিবলৈ নিৰ্দেশ দিয়ে জোনাই মহকুমা প্ৰশাসনে ৷

ইফালে সীমান্তৰক্ষী বাহিনীয়ে অৰুণাচলী লোকসকলক গছ নাকাটিবলৈ বাৰে বাৰে বাধা প্ৰদান কৰোঁতে ওলোটাই ভাবুকি দিয়ে ৷

উল্লেখ্য যে চলিত বৰ্ষৰ 9 জানুৱাৰীত মহানগৰীত অসম অৰুণাচলৰ সীমান্তৱৰ্তী ধেমাজি জিলাৰ বিবদমান 57 খন গাঁও সন্দৰ্ভত এক আলোচনাত মিলিত হৈছিল অসম চৰকাৰৰ মন্ত্ৰী জয়ন্তমল্ল বৰুৱা, মন্ত্ৰী ডাঃ ৰণোজ পেগু, বিধায়ক ভুৱন পেগু, অৰুণাচলৰ দুই মন্ত্ৰী আৰু কেইবাজনো বিধায়কে ৷ এই বৈঠকত 57 খন গাঁৱৰ স্থানীয় ৰাইজে কি বিচাৰে তাৰ ওপৰত গুৰুত্ব প্ৰদান কৰি এক পৰ্যালোচনা কৰা হৈছিল ৷ আগন্তুক সময়ত এই বিবদমান অঞ্চলসমূহৰ সন্দৰ্ভত দুই ৰাজ্যৰ মুখ্যমন্ত্ৰীয়ে আলোচনা কৰি কেন্দ্ৰীয় চৰকাৰলৈ প্ৰতিবেদন প্ৰেৰণ কৰাৰ কথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই জানিবলৈ দিছিল ৷

ইয়াৰ পূৰ্বেও অৰুণাচলৰ গাতে লাগি থকা লখিমপুৰ, বিশ্বনাথ, পাপুমপাৰে সংলগ্ন অসম আৰু অৰুণাচলৰ আন্তঃৰাজ্যিক সীমান্তৰ বিবদমান অংশৰ স্থায়ী সমাধানৰ বাবে কেইবাখনো আলোচনা অনুষ্ঠিত হৈছিল । দুয়োখন ৰাজ্যৰ মাজৰ আন্তঃৰাজ্যিক সীমা সমস্যা সমাধানৰ বাবে উভয় ৰাজ্যৰ মুখ্যমন্ত্ৰীৰ দ্বাৰা কেবিনেট মন্ত্ৰীৰ অধ্যক্ষতাত দুখন আঞ্চলিক সমিতি গঠন কৰি দিয়া হৈছিল (Regional committees for Assam Arunachal conflict)৷ ইয়াৰ পিচতে জানুৱাৰীত অনুষ্ঠিত হোৱা এই বৈঠকত আঞ্চলিক সমিতি দুখনৰ মাজত প্ৰায় 8 ঘণ্টাজোৰা আলোচনা অনুষ্ঠিত হৈছিল (Discussion on Assam Arunachal border conflict)৷

লগতে পঢ়ক: Sonowal Kachari Barmajhiri session: সোণোৱাল কছাৰীৰ বৰমাঝিৰী সঁচৰ নতুন সমিতি গঠন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.