অসম

assam

NDRF Mock Drill : শিৱসাগৰত এন ডি আৰ এফৰ বিশেষ ম’ক ড্ৰিল

By

Published : Nov 24, 2021, 7:09 PM IST

ৰাইজে ভূমিকম্প আৰু আন দুৰ্যোগৰ মুখামুখি কেনেদৰে হ'ব তাৰ সজাগতাৰ বাবে শিৱসাগৰত NDRFৰ বিশেষ ম'ক ড্ৰিল (NDRF mock drill conducted at Sivsagar) । NDRFৰ উপৰিও এছ.ডি.আৰ.এফ, জিলা প্ৰশাসন, অগ্নি নিৰ্বাপক বাহিনী, স্বাস্থ্য বিভাগ, অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱকসকলে এই অনুশীলনত অংশগ্ৰহণ কৰে ।

Mock Drill
NDRFৰ উদ্যোগত শিৱসাগৰত Mock Drill

শিৱসাগৰ,২৪ নৱেম্বৰ :ৰাষ্ট্ৰীয় দুৰ্যোগ সঁহাৰি বাহিনীৰ উদ্যোগত শিৱসাগৰত আয়োজন কৰা হয় ম'ক ড্ৰিলৰ (NDRF conducts mock drill at Sivsagar)। ৰাজ্যৰ দুৰ্যোগ প্ৰশমন বিভাগ আৰু জিলা প্ৰশাসনৰ উদ্যোগত জিলা পৰিষদৰ কাৰ্যালয়ত এই বিশেষ অনুশীলন চলাই NDRF এ । যিহেতু উত্তৰ-পূৰ্বাঞ্চলক ভূমিকম্প প্ৰৱণ অঞ্চল হিচাপে জনা যায়( NE India known as Sismic Zone) । সেয়ে এই ক্ষেত্ৰত ৰাইজক সজাগ কৰাৰ উদ্দেশ্যে এই অনুশীলন চলাই NDRF এ ।

NDRFৰ উদ্যোগত শিৱসাগৰত Mock Drill

ভূমিকম্পৰ লগতে প্ৰাকৃতিক দুৰ্যোগ আৰু মানৱসৃষ্ট বিভিন্ন জৰুৰীকালীন অৱস্থাত কি দৰে দুৰ্যোগৰ পৰা নিজকে ৰক্ষা কৰিব পাৰি আদি বিভিন্ন দিশ এই অনুশীলনত সামৰি লোৱা হয় । এই অনুশীলনৰ জৰিয়তে অগ্নি নিৰ্বাপক বাহিনী, স্বাস্থ্য বিভাগ, অসামৰিক প্ৰতিৰক্ষা, জিলা প্ৰশাসন আদিকে ধৰি বিভিন্ন বিভাগক সাজু কৰাৰ লগতে প্ৰথম সঁহাৰি দিয়া সংস্থা ৰূপে তেওঁলোকৰ ভূমিকা সন্দৰ্ভত বিতং ভাৱে প্ৰশিক্ষণ প্ৰদান কৰা হয় । অৰুণাচল প্ৰদেশৰ দৈমুখৰ পৰা অহা ১২ নং NDRF বাহিনীয়ে এই অনুশীলনৰ নেতৃত্ব দিয়ে ।

অনুশীলন কাৰ্যসূচীত আপদা মিত্ৰ, SDRF, অসামৰিক প্ৰতিৰক্ষাৰ স্বেচ্ছাসেৱক আদিয়ে অংশগ্ৰহণ কৰে । অনুশীলনত অংশগ্ৰহণ কৰি শীৰ্ষ বিষয়াসকলে ৰাইজক সজাগ হ'বলৈ আহ্বান জনায় । দুৰ্যোগৰ সময়ত দুৰ্যোগ প্ৰশমন বিভাগক সহায় কৰিবলৈও ৰাইজক আহ্বান জনাই বিষয়াসকলে ।

লগতে পঢ়ক:Boko Road Accident : দুটা পৃথক দুৰ্ঘটনাত নিহত 4

ABOUT THE AUTHOR

...view details