ETV Bharat / state

Boko Road Accident : দুটা পৃথক দুৰ্ঘটনাত নিহত 4

author img

By

Published : Nov 24, 2021, 2:21 PM IST

বকোৰ শাখাতিত মঙলবাৰে নিশা এখন ট্ৰাক আৰু টাটা চুম’ৰ মুখামুখি সংঘৰ্ষ(Boko Road Accident)ত মহিলাসহ তিনিজন লোক নিহত হয় । আনহাতে, বালাপাৰাত নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে এখন টাটা ডি আই বাহন । এই ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আহত হয় আন এজন লোক ৷

4 PERSON DIED IN TWO DIFFERENT ROAD ACCIDENT IN BOKO
বকোত পথ দুৰ্ঘটনা

বকো, 24 নৱেম্বৰ : বকোৰ শাখাতিত মঙলবাৰে নিশা সংঘটিত হয় এক ভয়াৱহ পথ দুৰ্ঘটনা(Boko Road Accident) । এখন ট্ৰাক আৰু টাটা চুম’ৰ মুখামুখি সংঘৰ্ষত মহিলাসহ তিনিজন লোক নিহত হয় । নিহত লোককেইগৰাকীৰ ক্ৰমে ৰূপচানা আহমেদ(২৪), চামচুল আলম (৪২) আৰু মেহবুব আলম (২৬) । টাটা চুম’খন গুৱাহাটীৰ পৰা বকো অভিমুখে গৈ থকাৰ পথত সংঘটিত হয় এই দুৰ্ঘটনা ।

দুৰ্ঘটনাত নিহত ৰূপচানা আহমেদৰ ঘৰ বঙাইগাঁৱৰ কাবাইতাৰীত আৰু চামচুল আলম(৪২) আৰু মেহবুব আলম(২৬)ৰ ঘৰ লক্ষীপুৰৰ লেজামত বুলি জানিব পৰা হৈছে । ৰূপচানা আহমেদ ঘটনাস্থলীত থিতাতে নিহত হোৱাৰ বিপৰীতে আন দুজনৰ ধূপধৰাৰ বেকালী আদৰ্শ হাস্পতালত মৃত্যু হয় ৷

এই ঘটনাত গুৰুতৰভাৱে আহত হয় টাটা চুম’খনৰ আন তিনিজন আৰোহী ৷ ইয়াৰে দুজনৰ অৱস্থা সংকটজনক বুলি জানিব পৰা হৈছে । আঘাতপ্ৰাপ্ত দুজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে । দুৰ্ঘটনাত পতিত টাটা চুম’খনৰ নম্বৰ AS 18 B 5774 আৰু ট্ৰাকখনৰ নম্বৰ NL 01 AE 3394 ।

আনহাতে, বকোৰ বালাপাৰাত মঙলবাৰে নিশা সংঘটিত হয় আন এক শোকাৱহ পথ দুৰ্ঘটনা ৷ বালাপাৰাত এখন টাটা ডি আই বাহন নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত বাগৰি পৰে । এই দুৰ্ঘটনাত এজন লোক নিহত হোৱাৰ লগতে আন এজন লোক গুৰুতৰভাৱে আহত হয় । নিহত লোকজন বকো আগছিয়াৰ তনুৰাম বড়ো (৩৪) আৰু আহত লোকজন প্ৰবাল বড়ো ৷ সম্প্ৰতি আঘাতপ্ৰাপ্ত লোকজনক উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হৈছে ।

লগতে পঢ়ক : Jayanagar Road accident : গাখীৰৰ ভানত উদণ্ড যুৱকৰ তীব্ৰবেগী বাহনৰ খুন্দা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.