অসম

assam

বিশেষজ্ঞ‌ৰ কথাই সত্য প্ৰমাণিত হ’ল: ৰাজ্যজুৰি NHPC ৰ বিৰুদ্ধে আছুৰ গণ হুংকাৰ

By

Published : Sep 30, 2022, 10:06 PM IST

ৰাজ্যজুৰি NHPC ৰ বিৰুদ্ধে আছুৰ গণ হুংকাৰ

বিশেষজ্ঞ‌ৰ কথাই যেন সত্য প্ৰমাণিত হ’ল ৷ প্ৰায় 15-20 বছৰ পূৰ্বে কৰা ভৱিষ্যত বাণী এতিয়া চকুৰ সন্মুখত ভাঁহি উঠা পৰিলক্ষিত হৈছে ৷ কিয়নো সকলোৰে জ্ঞাত যে, নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই বৰ্তমান অসমৰ বিশেশকৈ নামনিবাসীৰ বাবে কঢ়িয়াই আনিছে বিপদ ৷ গেৰুকামুখৰ থুনুকা পাহাৰত নিৰ্মাণৰত অৱস্থাত থকা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প বৰ্তমান খহিবলৈ আৰম্ভ কৰিছে ৷ যাৰ বিৰুদ্ধে এতিয়া গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা (ASSU protest against NHPC) ৷ শুকুৰবাৰে NHPC ৰ বিৰুদ্ধে ৰাজ্যজুৰি প্ৰতিবাদ সাব্যস্ত কৰে আছুৱে ৷

নিউজ ডেস্ক, 30 ছেপ্টেম্বৰ :নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংকৰ (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প

চলিত মাহৰ 24 তাৰিখে নিশা খহিছিল মূল বান্ধৰ কাষৰ দেৱাল (Landslide at Subansiri hydroelectric project site) । তাৰ পাচৰ পৰাই শংকিত হৈ উঠিছে নামনিবাসী, বিশেষকৈ ধেমাজি, মাজুলী আৰু লখিমপুৰবাসী ৰাইজ ৷ ভাঙি পৰা সেই অংশৰে বৰ্তমান পৰ্যন্ত হোৰা-হোৰে বৈ আছে পানী ৷

ইফালে বিশেষজ্ঞ‌সকলে পূৰ্বতে উল্লেখ কৰিছিল যে, গেৰুকামুখৰ থুনুকা পাহাৰত কেতিয়াও হ’ব নোৱাৰে বৃহৎ নদী বান্ধৰ কাম । এই বান্ধে ভৱিষ্যতে ভয়ংকৰ বিপদ কঢ়িয়াই আনিব পাৰে ৷ যাৰ ফলত 2000 মেগৱাট সম্পন্ন বৃহৎ এই বৃহৎ নদীবান্ধ প্ৰকল্পৰ বিৰুদ্ধে বিভিন্ন সময়ত ভিন্ন দল-সংগঠনে প্ৰতিবাদ কৰি আছিল ৷ কিন্তু বিভিন্ন দল-সংগঠনৰ বাধাকো নেওচি নদীবান্ধ নিৰ্মাণ কৰা কৰিছিল NHPC য়ে ৷

আৰু অৱশেষত বিশেষজ্ঞ‌ৰ কথাই যেন সত্য প্ৰতিফলিত হ’ল ৷ হোৰা-হোৰে খহিছে এতিয়া গেৰুকামুখৰ পাহাৰ । ভূমিস্খলনৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে শ্ৰমিক তথা নামনিবাসী । প্ৰায় 6000 অস্থায়ী কৰ্মচাৰীক প্ৰকল্পস্থলী এৰাৰ নিৰ্দেশ জাৰি কৰা হৈছে NHPC ৰ ফালৰ পৰা ৷

ৰাজ্যজুৰি NHPC ৰ বিৰুদ্ধে আছুৰ গণ হুংকাৰ

লগতে পঢ়ক :NHPC প্ৰকল্পৰ পাৱাৰ হাউছত প্লাৱন

ইফালে শুকুৰবাৰে NHPC ৰ কৰ্মকাণ্ডৰ বিৰোধিতাৰে পুনৰ গৰজি উঠিছে সদৌ অসম ছাত্ৰ সন্থা (ASSU protest against NHPC) ৷ কি উজনি, কি নামনি - আছুৰ আহ্বান মৰ্মে সমগ্ৰ ৰাজ্যত শুকুৰবাৰে আছুৱে NHPC ৰ পুত্তলিকা দাহ কৰি বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সাব্যস্ত কৰে প্ৰতিবাদ ৷

প্ৰতিবাদকাৰীৰ দাবী, শীঘ্ৰে বন্ধ কৰক নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ কাম ৷ অন্যথা আগন্তুক সময়ত আছুৱে আৰু অধিক সক্ৰিয় ৰূপত তীব্ৰ আন্দোলন গঢ়ি তোলাৰ হুংকাৰ প্ৰদান কৰে ৷ এনেদৰেই এতিয়া দুৰ্গা পূজাৰ প্ৰাকক্ষণত বৃহৎ নদী বান্ধৰ বিৰুদ্ধে সমুখ সমৰত যুঁজ দিবলৈ উলাই আহিছে আছু ৷

শুকুৰবাৰে বৃহৎ সোৱণশিৰি নদীবান্ধ প্ৰকল্প বন্ধ কৰাৰ বিৰোধীতাৰে আছুৱে NHPC মুৰ্দাবাদ, অসম চৰকাৰ হায় হায় আদি ধ্বনিৰে উত্তাল কৰে অসমৰ ৰাজপথ ৷

লগতে পঢ়ক :নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আকৌ খহিছে দেৱাল

ABOUT THE AUTHOR

...view details