NHPC প্ৰকল্পৰ পাৱাৰ হাউছত প্লাৱন

author img

By

Published : Sep 26, 2022, 6:59 PM IST

Lower Subansiri hydropower project

গেৰুকামুখস্থিত নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ পাৱাৰ হাউছত প্লাৱন (Lower Subansiri hydropower project) । 30 ফুট তলত থকা পাৱাৰ হাউছলৈ নামিছে অশনি সংকেত । ইতিমধ্যে বিচ্ছিন্ন হৈছে মূলবান্ধলৈ যোৱা পথচোৱা ।

জোনাই, 26 ছেপ্টেম্বৰ : বিগত কেবাদিন ধৰি নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পই সৃষ্টি কৰিছে আতংকৰ (Lower Subansiri hydropower project) ৷ ইটোৰ পিছত সিটো অঘটনে লগ এৰা নাই গেৰুকামুখস্থিত দুহেজাৰ মেগাৱাট সম্পন্ন নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পক ৷ ৰুষ্ট প্ৰকৃতিৰ ৰোষত পৰিছে নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্প ।

শনিবাৰে নিশা নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পৰ খহিল মূল বান্ধৰ কাষৰ দেৱাল । ফলত এতিয়া এই প্ৰকল্পৰ পাৱাৰ হাউছত হৈছে প্লাৱন । 30 ফুট তলত থকা পাৱাৰ হাউছলৈ নামিছে অশনি সংকেত । ইতিমধ্যে মূলবান্ধলৈ যোৱা পথচোৱা বিচ্ছিন্ন হৈ পৰিছে ৷ আতংকিত এতিয়া বিশেষকৈ ধেমাজি, মাজুলী আৰু লখিমপুৰবাসী ৰাইজ ৷

উল্লেখ্য যে, এক প্ৰকাৰে বৰ্তমান মুখথেকেচা খাইছে 2000 মেগৱাট সম্পন্ন বৃহৎ এই বৃহৎ নদীবান্ধ প্ৰকল্পই ৷ বিভিন্ন দল-সংগঠনৰ বাধাকো নেওচি নদীবান্ধ নিৰ্মাণ কৰা NHPC এতিয়া প্ৰকৃতিৰ ৰোষত পৰিছে (Landslide at Subansiri hydroelectric project site) ৷ বিভিন্ন দল-সংগঠনৰ বিপৰীতে হয়তো এইবাৰ ৰুষ্ট প্ৰকৃতিয়ে বাধা প্ৰদান কৰিব জলবোমা নিৰ্মাণকাৰী সংস্থা NHPC ক ৷

লগতে পঢ়ক : নামনি সোৱণশিৰি জলবিদ্যুৎ প্ৰকল্পত আকৌ খহিছে দেৱাল

হয়তো প্ৰকৃতিৰ ওচৰত হাৰ মানিবলগীয়া হ’ব পাৰে ৰাষ্ট্ৰৰ কোটিপতি কোম্পানী NHPC ৷ আনহাতে, কেন্দ্ৰীয় শক্তি মন্ত্ৰীয়ে ঘোষণা কৰা মতে, জানুৱাৰী মাহত আৰম্ভ কৰিব পাৰিবনে বিদ্যুৎ উৎপাদনৰ কাম ? NHPC কৰ্তৃপক্ষৰ মতে, এই প্ৰকল্পটো নিৰ্মাণ হ’লে কাৰো একো ক্ষতি নহয় ৷

কিন্তু বিশেষজ্ঞ‌সকলৰ মতে, গেৰুকামুখৰ থুনুকা পাহাৰত কেতিয়াও হ’ব নোৱাৰে বৃহৎ নদী বান্ধৰ কাম । ফলত ভৱিষ্যতে ভয়ংকৰ বিপদ হ’ব অঞ্চলবাসীৰ ৷ বিশেষজ্ঞ‌ৰ কথাই যেন সত্য প্ৰতিফলিত হ’ল ৷ হোৰা-হোৰে খহিছে এতিয়া গেৰুকামুখৰ পাহাৰ । ভূমিস্খলনৰ ফলত নিৰাপত্তাহীনতাত ভুগিছে শ্ৰমিক তথা নামনিবাসী । প্ৰায় 6000 অস্থায়ী কৰ্মচাৰীক প্ৰকল্পস্থলী এৰাৰ নিৰ্দেশ ৷

সুৰংগ খহি ইতিমধ্যে সোৱণশিৰি নদীৰ পানীয়ে বাধা সৃষ্টি কৰি আহিছে প্ৰকল্পৰ কামত । ইমানৰ পাচতো NHPC কৰ্তৃপক্ষই ক’ব নেকি এই নদীবান্ধ সুৰক্ষিত বুলি ?

লগতে পঢ়ক : NHPC প্ৰকল্পৰ ২ নং টানেলৰ ওপৰেৰে হুৰহুৰাই বাগৰিছে পানী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.