অসম

assam

Ajanta Neog in 74 th Republic day: শিৱসাগৰত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰিলে বিত্ত মন্ত্ৰী অজন্তা নেওগে

By

Published : Jan 26, 2023, 1:51 PM IST

আজি দেশজুৰি পালন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day) ৷ শিৱসাগৰত বিত্ত মন্ত্ৰী অজন্তা নেওগে উত্তোলন কৰিলে ত্ৰিৰংগ পতাকা (Finance minister Ajanta Neog hoisted the national flag in Sivsagar)৷

৭৪ সংখ্যক গণৰাজ্য দিৱস
শিৱসাগৰত গণৰাজ্য দিৱস পালন

শিৱসাগৰত গণৰাজ্য দিৱস পালন

শিৱসাগৰ, ২৬ জানুৱাৰী : বৃহস্পতিবাৰে দেশজুৰি উদযাপন কৰা হৈছে ৭৪ সংখ্যক গণৰাজ্য দিৱস (74th Republic Day)। অসমৰো প্ৰতিখন জিলাতে জিলা প্ৰশাসনৰ উদ্যোগত ৰূপায়ণ কৰা হৈছে গণৰাজ্য দিৱসৰ বিশেষ কাৰ্যসূচী (Republic Day celebration in Assam)। গণৰাজ্য দিৱসৰ কাৰ্যসূচী উপলক্ষে পুৱাই পতাকা উত্তোলনেৰে পালন কৰা হৈছে এই দিৱসটোৰ ।

ৰাজ্যখনৰ বাকী জিলাসমূহৰ দৰে শিৱসাগৰ জিলাতো প্ৰশাসনে আয়োজন কৰিছে ৭৪ সংখ্যক গণৰাজ্য দিৱসৰ ৷ সমগ্ৰ দেশৰ লগতে শিৱসাগৰটো আজি ৭৪ সংখ্যক গণৰাজ্য দিৱস উদযাপন কৰা হয় ৷ ঐতিহ্যমণ্ডিত শিৱসাগৰ নগৰৰ ঐতিহাসিক বৰ্ডিং খেলপথাৰত শিৱসাগৰ জিলা প্ৰশাসনৰ উদ্যোগত কেন্দ্ৰীয় ভাৱে অনুষ্ঠিত গণৰাজ্য দিৱসৰ পতাকা উত্তোলন কৰে ৰাজ্যৰ বিত্ত মন্ত্ৰী অজন্তা নেওগে (Finance minister Ajanta Neog hoisted the national flag in Sivsagar) ৷

ব্যাপক উৎসাহ উদীপনাৰ মাজত অনুষ্ঠিত গণৰাজ্য দিৱস উপলক্ষে বিত্ত মন্ত্ৰী অজন্তা নেওগে আৰক্ষীৰ কুচকাৱাজ পৰিদৰ্শন কৰাৰ পাছতে সেনাবাহিনীৰো অভিবাদন গ্ৰহণ কৰে ৷ ইয়াৰ পাছতে ভাষণ প্ৰদান কৰে বিত্ত মন্ত্ৰীগৰাকীয়ে ৷ নিজৰ ভাষণত দেশৰ স্বাধীনতাৰ বাবে প্ৰাণ আহুতি দিয়া শ্বহীদ আৰু সংগ্ৰামী সকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি প্ৰদান কৰে আৰু বিগত সময়ত জিলা খনত ৰূপায়ণ কৰা বিভিন্ন চৰকাৰী বিভাগৰ সফলতাৰ খতিয়ান দাঙি ধৰে মন্ত্ৰী অজন্তা নেওগে (74 th Republic day celebration in Sivsagar)।

নিজৰ ভাষণত মন্ত্ৰী নেওগে ডঃ হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰে ৰাইজক আস্থাত লৈ ক্ৰমশঃ প্ৰগতিৰ দিশত আগুৱাই নিবলৈ সক্ষম হৈছে বুলি মুখ্যমন্ত্ৰীগৰাকীৰ কামক শলাগে (Ajanta Neog in 74 th Republic day)। লগতে শিৱসাগৰ জিলাক নৱৰূপ প্ৰদান কৰাৰ উদ্দেশ্যৰে অসম চৰকাৰৰ উদ্যোগত এক অভিলাসী প্ৰকল্প গ্ৰহণ কৰা হৈছে বুলি ভাষণ প্ৰসংগত জানিবলৈ দিয়ে । এই প্ৰকল্পৰ কাম শীঘ্ৰে মুখ্যমন্ত্ৰী ড৹ শৰ্মাই আনুষ্ঠানিকভাৱে শুভাৰম্ভ কৰিব বুলি প্ৰকাশ কৰে (Assam CM Himanta Biswa Sarma)।

ইয়াৰ উপৰি মন্ত্ৰী নেওগে নিজৰ ভাষণত শিক্ষা, স্বাস্থ্য, কৃষি আদিকে ধৰি বিভিন্ন বিভাগৰ উন্নয়নৰ খতিয়ান দাঙি ধৰে । অনুষ্ঠানত দেশৰ স্বাধীনতাৰ বাবে আত্ম বলিদান দিয়া মুক্তি যুঁজাৰু সকলক স্মৰণ কৰাৰ লগতে স্বাধীনতা সংগ্ৰামীসকললৈ জিলা প্ৰশাসনৰ তৰফৰ পৰা সম্বৰ্ধনা জ্ঞাপন কৰা হয় ।অনুষ্ঠানটোৰ সৈতে সংগতি ৰাখি বহু কেইটা সাংস্কৃতিক গোষ্ঠীয়ে সাংস্কৃতিক কাৰ্যসূচী পৰিৱেশন কৰে আৰু বিভিন্ন চৰকাৰী বিভাগে প্ৰতীক পট প্ৰদৰ্শন কৰে ।

গণৰাজ্য দিৱসৰ অনুষ্ঠানটোৰ কুচকাৱাজত ছাত্ৰ ছাত্ৰী, ৰাষ্ট্ৰীয় শিক্ষাৰ্থী বাহিনী, স্কাউট এণ্ড গাইড আদিৰ লগতে CRPF ,অসম আৰক্ষী আদিকে ধৰি বহু কেইটা দলে অংশগ্ৰহণ কৰে ।

লগতে পঢ়ক :BJP Internal conflict in Hojai: ফলকে উদঙালে হোজাই বিজেপিৰ আভ্যন্তৰীণ কন্দল

ABOUT THE AUTHOR

...view details