অসম

assam

Thieves terror in Nalbari: স্বামীৰ সন্মুখৰ পৰাই মহিলাৰ ডিঙিৰ চেইন লৈ উধাও চিলনী চোৰ

By

Published : Oct 18, 2022, 10:13 PM IST

নলবাৰীত বৃদ্ধি পাইছে চিলনী চোৰৰ সন্ত্ৰাস (Thieves terror in Nalbari) । বাইকত অহা দুৰ্বৃত্তই কাঢ়ি নিলে মহিলাৰ ডিঙিৰ চেইন । নলবাৰী আৰক্ষী থানাৰ ১০০ মিটাৰ দূৰত্বৰ পৰাই চিলনী চোৰে মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিলে সোণৰ চেইন ।

robbers-snatched-gold-chain-from-womans-neck-in-nalbari
স্বামীৰ সন্মুখৰ পৰাই মহিলাৰ ডিঙিৰ চেইন লৈ উধাও হয় চিলনী চোৰ

নলবাৰী, ১৮ অক্টোবৰ: নলবাৰী চহৰত দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে চিলনী চোৰৰ সন্ত্ৰাস (Thieves terror in Nalbari)। বিগত কেইমাহত নলবাৰীত সংঘটিত হৈছে এনে বহুকেইটা চুৰিকাণ্ড ৷ কেতিয়াবা যদি মহিলাৰ ডিঙিৰ পৰা আন কেতিয়াবা হাতৰ পৰা টকা ভৰ্তি বেগ লৈ উধাও হৈছে চিলনী চোৰে ৷

এই চিলনী চোৰৰ সন্ত্ৰাসত এতিয়া মহিলাসকলে সোণৰ আ-অলংকাৰ পিন্ধিবলৈও ভয় কৰিবলগীয়া হৈছে ৷ কাৰণ কোনফালৰ পৰা আহি চিলনী চোৰে কাঢ়ি লৈ যাব অলংকাৰ তাৰ কোনো নিশ্চয়তা নাই ৷ চিলনী চোৰৰ সন্ত্ৰাসত এক প্ৰকাৰে নিৰাপত্তাহীনতাত ভুগিছে নলবাৰীবাসী ৰাইজ ৷ এই ক্ষেত্ৰত আৰক্ষী যে ব্যৰ্থ হৈছে সেই কথাও কিন্তু নুই কৰিব নোৱাৰি ৷

স্বামীৰ সন্মুখৰ পৰাই মহিলাৰ ডিঙিৰ চেইন লৈ উধাও হয় চিলনী চোৰ

মঙলবাৰে নলবাৰীত পুনৰ সংঘটিত হৈছে অনুৰূপ ঘটনা ৷ মঙলবাৰে সন্ধিয়া নলবাৰী সদৰ আৰক্ষী থানাৰ নিচেই সমীপত অৱস্থিত মেডিস্কেন ডাইগন'ষ্টিক চেন্টাৰৰ সন্মুখৰ পৰা বাইকত অহা দুই দুৰ্বৃত্তই এগৰাকী মহিলাৰ ডিঙিৰ সোণৰ চেইনডাল কাঢ়ি নিয়ে (Robbers snatched gold chain from womans neck in Nalbari) । নলবাৰী চহৰৰ হাজো ৰোডৰ নিবাসী সংগীতা দাস নামৰ মহিলা গৰাকীয়ে মেডিস্কেন ডাইগন'ষ্টিক চেন্টাৰত স্বামীৰ সৈতে বাইকত আহিছিল স্বাস্থ্য পৰীক্ষা কৰিবলৈ । কিন্তু অহাৰ সময়তে সংঘটিত হয় এই অঘটন ৷

বাইকত অহা দুৰ্বৃত্তই চলন্ত স্কুটিৰ পৰা কাঢ়ি লৈ যায় মহিলাগৰাকীৰ ডিঙিৰ চেইন (Thieves Stole Jewellery) ৷ এই ঘটনাৰ পিছতেই কান্দোনত ভাগি পৰে মহিলাগৰাকী ৷ এই ঘটনাৰ পিছতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হয় সমগ্ৰ অঞ্চলটোত ।

উল্লেখ্য যে নলবাৰী চহৰত চিলনী চোৰৰ সন্ত্ৰাস এয়াই প্ৰথম নহয় । পূৰ্বেও দিন দুপৰতে নলবাৰী চহৰৰ মাজমজিয়াৰ পৰা দুৰ্বৃত্তই বহু মহিলাৰ ডিঙিৰ পৰা কাঢ়ি নিছে ভিন্ন সোণৰ আ-অলংকাৰ । কিন্তু বৰ্তমানলৈ নলবাৰী আৰক্ষীয়ে এনে ঘটনা ৰোধ কৰিবলৈ সক্ষম হোৱা নাই । এতিয়া প্ৰশ্ন হয় চিলনী চোৰক আটক কৰিবলৈ সক্ষম হ’ব নে নলবাৰী আৰক্ষী ? নে এনেকৈয়ে মহিলাসকলে হেৰুৱাব লাগিব নিজৰ লগত কঢ়িয়াই নিয়া সম্পদ ?

লগতে পঢ়ক:ধনসহ মহিলাৰ বেগ কাঢ়ি নিয়া চিলনী চোৰক থপিয়াই আনিলে স্থানীয় ৰাইজে

ABOUT THE AUTHOR

...view details