ধনসহ মহিলাৰ বেগ কাঢ়ি নিয়া চিলনী চোৰক থপিয়াই আনিলে স্থানীয় ৰাইজে

author img

By

Published : Sep 20, 2022, 6:38 PM IST

ধনসহ মহিলাৰ বেগ কাঢ়ি নিয়া চিলনী চোৰক থপিয়াই আনিলে স্থানীয় ৰাইজে

মহানগৰীত চিলনী চোৰৰ উপদ্ৰৱ অব্যাহত আছে ৷ এইবাৰ নাৰেংগীত এগৰাকী মহিলাৰ পৰা ধনৰ টোপোলা লৈ পলাওতেই ৰাইজে কৰায়ত্ব কৰিলে চোৰক ৷ ত্ৰিপুৰাৰ চোৰটোক কৰায়ত্ব কৰি আৰক্ষীক গতালে স্থানীয় যুৱকৰ দলে (Snatcher caught in Guwahati)৷

গুৱাহাটী, ২০ ছেপ্টেম্বৰ: এ টি এম ৰ পৰা টকা উলিয়াবলৈ যাওঁতে আপুনি অলপ সাৱধান হোৱা উচিত । কিয়নো আপোনাৰ আশে পাশে থাকিব পাৰে চিলনী চোৰ (Snatch thief in Guwahati)। আপুনি এ টি এমৰ পৰা টকা উলিওৱাৰ পিছ মূহুৰ্ততে বাহিৰত খাপ পিটি থকা চিলনীৰ চোৰে থপিয়াই নিব পাৰে আপোনাৰ টকাভৰ্তি বেগটো । মহানগৰীত প্ৰায়ে সংঘটিত হ’বলৈ ধৰিছে এনেধৰণৰ ঘটনা ।

এইবাৰৰ ঘটনাৰ স্থান গুৱাহাটীৰ নাৰেংগী অঞ্চল । আৰক্ষী সূত্ৰে জানিব পৰা মতে বিৰকুচিৰ জয়া কলিতা নামৰ মহিলাগৰাকীয়ে নাৰেংগী ইউকো বেংকৰ সন্মুখত থকা এটা এ টি এমৰ পৰা প্ৰায় ২১ হাজাৰ টকা উলিয়ায় । ধনখিনি আৰু নিজৰ মোবাই ল ফোনটো বেগত ভৰাই বাহিৰলৈ ওলাই অহাৰ সময়তে পূৰ্বৰে পৰা খাপ পিটি থকা চিলনী চোৰে মহিলাগৰাকীৰ পৰা টকাৰ বেগটো কাঢ়ি পলায়ন কৰে (Snatched bag from woman at Narengy)।

ধনসহ মহিলাৰ বেগ কাঢ়ি নিয়া চিলনী চোৰক থপিয়াই আনিলে স্থানীয় ৰাইজে

ইয়াৰ পাছতে মহিলাগৰাকী চিঞৰ-বাখৰ কৰাত স্থানীয় একাংশ যুৱকে চোৰটোক খেদি খেদি নাৰেংগীৰ কেন্দুগুৰি ৰেল লাইনৰ ওচৰৰ পৰা বেগসহ চোৰটোক কৰায়ত্ত কৰি নুনমাটি আৰক্ষীক গতাই দিয়ে । ধৃত চোৰটো ত্ৰিপুৰাৰ শুভ দ্বীপ দত্ত(২০)বুলি জানিব পৰা গৈছে (Snatcher caught in Guwahati)।

লগতে পঢ়ক: নাজিৰাত সোপাধৰাৰ সন্দেহত এজনক গণ প্ৰহাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.