অসম

assam

Nalbari Medical College: গৰু বিহুৰ দিনাই নলবাৰীবাসীক বিশেষ উপহাৰ দিব প্ৰধানমন্ত্ৰীয়ে

By

Published : Mar 28, 2023, 9:58 PM IST

অহা 14 এপ্ৰিলত দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী উদ্বোধন কৰিব নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Nalbari Medical College Hospital inauguration)৷ ইয়াৰ পূৰ্বে চিকিৎসা মহাবিদ্যালয়খন পৰিদৰ্শন কৰে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত(Health Minister Keshab Mahanta) আৰু নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)।

Minister Keshab Mahanta and Jayanta Malla Baruah visited Nalbari Medical College
বিহুৰ দিনাই নলবাৰীবাসীলৈ বিশেষ উপহাৰ প্ৰধানমন্ত্ৰীৰ

বিহুৰ দিনাই নলবাৰীবাসীলৈ বিশেষ উপহাৰ প্ৰধানমন্ত্ৰীৰ

নলবাৰী, 28 মাৰ্চ : নলবাৰীবাসীৰ বাবে সুখবৰ ৷ অহা 14 এপ্ৰিল গৰু বিহুৰ দিনটোতেই নলবাৰীবাসীৰ বাবে উপহাৰ দিব নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (Nalbari Medical College Hospital inauguration) ৷ দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ভাৰ্চুৱেলী ৰাইজৰ বাবে মুকলি কৰিব নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল (PM inaugurated Nalbari Medical College Hospital) ৷ উদ্বোধনৰ পূৰ্বে মঙলবাৰে নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখন পৰিদৰ্শন কৰি বুজ লয় ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্ত (Health Minister Keshab Mahanta) আৰু নলবাৰীৰ বিধায়ক তথা মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই (Minister Jayanta Malla Baruah)।

দুয়োগৰাকী মন্ত্ৰীয়ে চিকিৎসা মহাবিদ্যালয়খনৰ সকলো বিভাগ, কক্ষ পৰিদৰ্শন কৰে ৷ ৰাজ্যৰ স্বস্থ্য খণ্ডত নৱ সংযোজন ঘটাই নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালত অহা ছেপ্টেম্বৰ মাহৰ ভিতৰতেই পাঠ্যক্ৰম আৰম্ভ কৰিব পৰা যাব বুলি মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই সংবাদমাধ্যমক সদৰী কৰে । শেহতীয়াকৈ নেশ্যনেল মেডিকেল কাউঞ্চিলৰ পৰিদৰ্শনৰ পিচতেই 100 খন আসনৰ বাবে স্বীকৃতি প্ৰদান কৰা হৈছে নলবাৰী চিকিৎসা মহাবিদ্যালয়ক ৷ উত্তৰ কামৰূপৰ নামনি অসমৰ অন্যতম স্বাস্থ্য সেৱাৰ কেন্দ্ৰ হৈ পৰিব নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতাল ৷

ইতিমধ্যে নৱনিৰ্মিত নলবাৰী চিকিৎসা মহাবিদ্যালয় হাস্পতালখনৰ সকলো মুখ্য কাম সম্পূৰ্ণ হোৱা বুলিও সদৰী কৰে দুই মন্ত্ৰীয়ে । চলিত বৰ্ষতেই নামভৰ্তি প্ৰক্ৰিয়াৰে পাঠদান কাৰ্য সম্পন্ন কৰাৰ প্ৰয়াস বুলি জনায় মন্ত্ৰীদ্বয়ে ৷ এতিয়া যিখিনি কাম আছে সেইখিনি সামান্য কাম ৷ ছেপ্টেম্বৰলৈ হাস্পতালখনৰ সকলো কাম সম্পূৰ্ণ হৈ যাব ৷ ইয়োৰোপৰি ছেপ্টেম্বৰ মাহলৈ মহাবিদ্যালয়ত নামভৰ্তি আৰম্ভ হ’ব ৷

আনহাতে, দেশৰ লগতে ৰাজ্যৰ ক’ভিড পৰিস্থিতিৰ সন্দৰ্ভত স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই কয় যে, বৰ্তমান অসমত ক’ভিডৰ কোনো স্থিতি পোৱা নাই ৷ যাৰ বাবে চিন্তাৰ কোনো কাৰণ নাই বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

ইফালে সমষ্টিৰ পুনৰ নিৰ্ধাৰণৰ ক্ষেত্ৰত নিৰ্বাচন আয়োগৰে ৰাজ্যৰ প্ৰশাসনিক বিষয়া আৰু সকলো ৰাজনৈতিক দলৰ সৈতে আলোচনাত বহি অসম আৰু অসমীয়াৰ অস্তিত্বৰ বাবে সমষ্টিৰ পুনৰ নিৰ্ধাৰণ অত্যন্ত প্ৰয়োজনীয় বুলি জানিবলৈ দিয়ে মন্ত্ৰী কেশৱ মহন্তই ৷ ইফালে ৰঙালী বিহুত প্ৰধানমন্ত্ৰী মোদীয়ে নলবাৰীবাসীক উপহাৰ দিয়াৰ কথা সদৰী কৰি সমষ্টিটোৰ বিধায়ক হিচাপে মই অতিশয় আনন্দিত বুলি জনায় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই ৷

লগতে পঢ়ক:Protest At Raha: কেইবাটাও দাবীৰে সদৌ অসম প্ৰগতিশীল নাৰী সন্থাৰ প্ৰতিবাদী সমদল

ABOUT THE AUTHOR

...view details