অসম

assam

AAMSU protest:নলবাৰীত স্বাস্থ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আমছুৰ

By

Published : Jul 4, 2023, 7:51 PM IST

নলবাৰীৰ কুৰিহামাৰী চৰত চিকিৎসক নিযুক্তিৰ দাবীত আমছুৰ প্ৰতিবাদ । চিকিৎসালয় আছে, নাই চিকিৎসক । স্বাস্থ্যমন্ত্ৰীৰ পুত্তলিকা দাহ কৰি উত্তাল প্ৰতিবাদ আমছুৰ ।

aamsu protest in nalbari
নাই চিকিৎসক

স্বাস্থ্যমন্ত্ৰীৰ প্ৰতিকৃতি দাহ আমছুৰ

নলবাৰী, ৪ জুলাই :অসম চৰকাৰৰ আজৱ কাণ্ড ৷ ক’ৰবাত যদি চিকিৎসালয় আছে, নাই চিকিৎসক ৷ আনহাতে য’ত চিকিৎসক আছে তাত চিকিৎসালয়ৰ শোচনীয় অৱস্থা নতুবা উপযুক্ত যন্ত্ৰপাতিৰ অভাৱ ৷ চৰকাৰৰ এই অমনোযোগিতাৰ বাবে বিভিন্ন অঞ্চলত জীয়াতু ভূগিবলগীয়া হৈছে সাধাৰণ জনতাই ৷

নলবাৰীৰ বৰক্ষেত্ৰী কুৰিহামাৰী চৰত স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হৈ আহিছে চৰাঞ্চলৰ হাজাৰ হাজাৰ লোক । কুৰিহামাৰী চৰত দুখনকৈ চিকিৎসালয় আছে যদিও চিকিৎসালয় দুখনত নাই চিকিৎসক অথবা স্বাস্থ্য কৰ্মী । চিকিৎসালয় দুখনত পৰ্যাপ্ত চিকিৎসক তথা স্বাস্থ্য কৰ্মী নিযুক্তিৰ দাবীত মঙলবাৰে প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে আমছুৱে ।

সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়নৰ বৰক্ষেত্ৰীৰ কুৰিহামাৰী বৰচুলিয়া চৰ আঞ্চলিকৰ উদ্যোগত ৰাইজৰ সহযোগত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে আমছুৱে । স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তৰ পুত্তলিকা দাহ কৰাৰ লগতে স্বাস্থ্য বিভাগ হায় হায়,অসম চৰকাৰ হায় হায়, দিন কণা নলবাৰী জিলা প্ৰশাসন হায় হায়, দিন কণা স্বাস্থ্যমন্ত্ৰী হায় হায় আদি শ্ল’গানেৰে সাব্যস্ত কৰে প্ৰতিবাদ ।

উন্নয়নৰ ঢাক-ঢোল বজোৱা বিজেপি নেতৃত্বাধীন চৰকাৰখনে চৰাঞ্চলৰ উন্নয়নত কোনো পদক্ষেপ গ্ৰহণ নকৰাৰ অভিযোগ কৰিছে ৰাইজে । উল্লেখ্য যে কুৰিহামাৰী, ভাংনামাৰী চৰ অঞ্চলত স্বাস্থ্য সেৱাৰ নামত আছে কেইবাখনো চিকিৎসালয় । পৰিতাপৰ বিষয় এয়াই যে দুৰ্গম চৰাঞ্চলৰ চিকিৎসালয়সমূহত নাই চিকিৎসক তথা স্বাস্থ্য কৰ্মী ‌। যাৰ ফলত বছৰ বছৰ ধৰি স্বাস্থ্য সেৱাৰ পৰা বঞ্চিত হ’বলগীয়া হৈছে চৰাঞ্চলৰ ৰাইজ । অতিশীঘ্ৰেই চৰাঞ্চলৰ চিকিৎসালয়ত চিকিৎসক, স্বাস্থ্য কৰ্মী নিযুক্তি দিবলৈ চৰকাৰক দাবী জনায় প্ৰতিবাদকাৰীসকলে ।

লগতে পঢ়ক :Patients deprived of medical care: স্বাস্থ্যখণ্ডৰ দুখজনক ছবি; কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ

ABOUT THE AUTHOR

...view details