ETV Bharat / state

Patients deprived of medical care: স্বাস্থ্যখণ্ডৰ দুখজনক ছবি; কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ

author img

By

Published : Jul 2, 2023, 11:23 AM IST

Updated : Jul 2, 2023, 12:11 PM IST

Poor condition of health care in Nalbari
যমৰ যান্ত্ৰনা ভুগি আহিছে চৰাঞ্চলৰ লোকসকলে

চিকিৎসা সেৱাকে ধৰি নৌকা এম্বুলেঞ্চৰ অভাৱত কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ ৷ নলবাৰী জিলাৰ মুকালমুৱাত স্বাস্থ্যখণ্ডৰ এক দুখজনক ছবি ৷

কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ

নলবাৰী, 2 জুলাই: সব কা সাথ, সব কা বিকাশৰ এখন ডুখৰীয়া ছবি ৷ ৰাজ্য চৰকাৰ তথা স্বাস্থ্য বিভাগে উন্নয়নৰ ঢাক-ঢোল বজাই থকাৰ সময়তে নিশা নলবাৰীৰ মুকালমুৱাৰ এটা দৃশ্যই উদঙাইছে বিভাগটোৰ এখন পয়ালগা ছবি ৷ চিকিৎসা সেৱাকে ধৰি নৌকা এম্বুলেঞ্চৰ অভাৱত কান্ধত ভাৰ বান্ধি ৰোগীক নিলে চিকিৎসালয়লৈ ৷

নলবাৰী জিলাৰ মুকালমুৱাত স্বাস্থ্যখণ্ডৰ এক দুখজনক ছবি পোহৰলৈ আহিছে ৷ এম্বুলেঞ্চ তথা ব’ট ক্লিনিকৰ অভাৱত বাঁহৰ চাঙিৰে কান্ধত ভাৰ বান্ধি চিকিৎসালয়লৈ আনিব লগা হ’ল এগৰাকী ৰোগীক ৷ কান্ধত ভাৰ বান্ধি কুৰিহামাৰী চৰৰ পৰা মুকালমুৱা চিকিৎসালয়লৈ এনেদৰেই কঢ়িয়াই আনিলে এগৰাকী ৰোগীক ৷ প্ৰায় চাৰি ঘন্টা ধৰি কেইবা কিলোমিটাৰ জৰাজীৰ্ণ পথ খোজকাঢ়ি কুৰিহামাৰীৰ পৰা মুকালমুৱা চিকিৎসালয়লৈ ৰোগী গৰাকীক এনেদৰে কান্ধত ভাৰ বান্ধি কঢ়িয়াই আনিলে পৰিয়ালৰ লোকে ৷

বান বিধস্ত চৰাঞ্চলৰ বাট-পথ অতিক্ৰম কৰি ব্ৰহ্মপুত্ৰ নদী পাৰ হৈ মুকালমুৱা মহকুমা অসামৰিক চিকিৎসালয়লৈ ৰোগীক সাঙীত ভাৰ বান্ধি কঢ়িয়াই অনা দৃশ্য এতিয়া সুলভ হৈ পৰিছে অঞ্চলটোত ৷ কাৰণ চৰাঞ্চলৰ চিকিৎসালয়ত নাই চিকিৎসক, নাই কোনো ব’ট এম্বুলেঞ্চৰ সেৱা ৷ উল্লেখযোগ্য যে, কুৰিহামাৰী চৰত কুৰিহামাৰী প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ আৰু শিয়ালমাৰী বেজি সুঁতিৰপাৰ ৰিভাৰিন প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ এই দুখন চিকিৎসালয় আছে যদিও চিকিৎসালয় দুখনত নাই কোনো চিকিৎসক ৷ যাৰ বাবে চিকিৎসালয় দুখনৰ পৰা চিকিৎসা সেৱা লাভ নকৰে অঞ্চলটোৰ লোকসকলে ৷ সেয়েহে যিকোনা বেমাৰ হ’লেই অঞ্চলটোৰ ৰোগী সকলক এনেদৰে বাঁহৰ সাঙী বনাই ভাৰ বান্ধি কেইবা কিলোমিটাৰ খোজকাঢ়ি চৰাঞ্চলৰ পৰা মুকালমুৱালৈ চিকিৎসাৰ বাবে লৈ আহিবলগীয়া হয় ৷

এনেদৰে চিকিৎসাৰ নামত বছৰ বছৰ ধৰি যমৰ যান্ত্ৰনা ভুগি আহিছে চৰাঞ্চলৰ লোকসকলে ৷ কেৱল চহৰ অঞ্চলত উন্নয়নৰ ঢাক-ঢোল বজাই থকা স্বাস্থ্য বিভাগৰ এইয়া হ'ল গ্ৰামাঞ্চল সমূহৰ প্ৰকৃত ছবি ৷ অনতি পলমে চিকিৎসালয় দুখনত পৰ্যাপ্ত চিকিৎসক নিযুক্তি দিবলৈ চৰকাৰ তথা স্বাস্থ্য বিভাগক আহ্বান জনাইছে অঞ্চলটোৰ ৰাইজে ৷

লগতে পঢ়ক: Sonapur Landslide :মেঘালয়ৰ সোণাপুৰৰ সুৰংগত পুনৰ ভূমিস্খলন

Last Updated :Jul 2, 2023, 12:11 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.