ETV Bharat / state

Sonapur Landslide :মেঘালয়ৰ সোণাপুৰৰ সুৰংগত পুনৰ ভূমিস্খলন

author img

By

Published : Jul 1, 2023, 7:05 PM IST

Updated : Jul 2, 2023, 6:12 AM IST

Sonapur Landslide
মেঘালয়ৰ সোণাপুৰৰ সুৰংগত পুনৰ ভূমিস্খলন

পুনৰ গুৱাহাটী-বৰাক উপত্যকাৰ মাজত যোগাযোগ বিচ্ছিন্ন ৷ পুনৰ বন্ধ হ’ল ৬ নং ৰাষ্ট্ৰীয় ঘাইপথ ৷ মেঘালয়ৰ পূৱ জয়ন্তীয়া হিল জিলাৰ সোণাপুৰত ভয়ংকৰ ভূমিস্খলন ৷ ৰাষ্ট্ৰীয় ঘাইপথত বাগৰিল প্ৰকাণ্ড শিল,বোকা ৷

গুৱাহাটী, ১ জুলাই : পুনৰ গুৱাহাটী-বৰাক উপত্যকাৰ মাজত যোগাযোগ বিচ্ছিন্ন হৈ পৰিছে ৷ ধাৰাষাৰ বৰষুণৰ ফলত শনিবাৰে বৰাক-গুৱাহাটী সংযোগী ৰাষ্ট্ৰীয় ঘাইপথৰ মেঘালয়ৰ-সোণাপুৰৰ সুৰংগটি পুনৰ বন্ধ হৈ পৰিছে ৷ ভূমিস্খলনৰ ফলতে বন্ধ হৈ পৰিছে পথটি ৷ এই ভয়ংকৰ ভূমিস্খলনৰ ফলত পথটিত আৱদ্ধ হৈ পৰিছে শ শ বাহন ৷

উল্লেখযোগ্য যে স্থলপথেৰে মেঘালয় হৈ সোণাপুৰ অঞ্চলটিৰে যোৱা পথটি গুৱাহাটী-বৰাক উপত্যকাৰ সৈতে প্ৰধান যোগাযোগৰ মাধ্যম । সুদীৰ্ঘ কাল ধৰি এই সুৰংগটোৰ সমীপত ভূমিস্খলনৰ বাবে বছৰত কেইবাবাৰো এই পথটিত যাতায়ত ব্যৱস্থা ব্যাহত হৈ আহিছে ৷ শুকুৰবাৰৰ পৰা মেঘালয়ত নেৰানেপৰা বৰষুণ অব্যাহত আছে ৷ তাৰ ফলতে শনিবাৰে পুৱা পুনৰ ভূমিস্খলন হৈছে মেঘালয়ৰ পূৱ জয়ন্তীয়া হিল জিলাৰ সোণাপুৰত ৷

সোণাপুৰৰ সুৰংগটোৰ সম্মুখৰ ভাগৰ পাহাৰৰ পৰা ভূমি আৰু প্ৰকাণ্ড শিল ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰত বাগৰি পৰিছে ৷ ঘাইপথৰ কেইবা মিটাৰ অংশ পাহাৰৰ ভূমিস্খলনে পুতি পেলাইছে ৷ ফলত দুয়োফালৰ পৰা পুনৰ বন্ধ হৈ পৰিছে বাহন-বাহন চলাচল ৷ ভূমিস্খলনস্থলীত দুয়োফালে আৱদ্ধ হৈ পৰিছে শ শ বাহন ৷

উল্লেখযোগ্য যে যোৱা ১৫ জুনৰ দিনা পুৱা ধাৰষাৰ বৰষুণৰ ফলত বৰাকলৈ যোৱা ৬ নং ৰাষ্ট্ৰীয় ঘাইপথৰ ভয়ংকৰ ভূমিস্খলনে অঞ্চলটোলৈ যোগাযোগ বিচ্ছিন্ন কৰি তুলছিল ৷ বোকা-মাটিৰে ৰাষ্ট্ৰীয় ঘাইপথটোৰ সুৰংগটিৰ সন্মুখভাগ পুতি পেলাইছিল ৷ আৱদ্ধ হৈ পৰিছিল হাজাৰোধিক যান-বাহন ৷ পৰৱৰ্তী সময়ত প্ৰায় এসপ্তাহৰ পিছতহে মুকলি হৈছিল পথটি ৷ শনিবাৰে পুনৰ ভূমিস্খলনৰ পিছত পথটি আকৌ কেতিয়া মুকলি হয় সেয়াও অনিশ্চিত হৈ পৰিছে ৷

লগতে পঢ়ক:Tribal Sangha protest at Guwahati: গুৱাহাটীৰ চচলত জনজাতি মহাসংঘৰ প্ৰতিবাদ

Last Updated :Jul 2, 2023, 6:12 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.