অসম

assam

Domestic violence at Kaliabor : স্বামীৰ শাৰীৰিক অত‍্যাচাৰৰ বলি পত্নী; এজাহাৰ দাখিল

By

Published : Jul 3, 2023, 1:06 PM IST

দীৰ্ঘদিন ধৰি স্বামীৰ শাৰীৰিক অত‍্যাচাৰৰ বলি এগৰাকী মহিলা ৷ মাতৃৰ মৰমৰ পৰা ছবছৰীয়া কন‍্যাক বঞ্চিত কৰি ৰখাৰ অভিযোগ স্বামীৰ বিৰুদ্ধে ৷ আৰক্ষীৰ তৎপৰতাত স্বামীগৃহৰ পৰা উদ্ধাৰ ছবছৰীয়া কন‍্যা ৷ পলাতক অভিযুক্ত স্বামী ৷

Woman Physical Harassed by Husband
স্বামীৰ শাৰীৰিক অত‍্যাচাৰৰ বলি পত্নী

স্বামীৰ শাৰীৰিক অত‍্যাচাৰৰ বলি পত্নী

নগাওঁ, 3 জুলাই : এগৰাকী মহিলাক নিৰ্মমভাৱে অত্যাচাৰ চলোৱাৰ অভিযোগ উত্থাপিত হৈছে স্বামীৰ বিৰুদ্ধে । বিনা কাৰণতে পত্নীক নিৰ্মমভাৱে প্ৰহাৰ কৰাৰ অভিযোগ তুলিছে ভুক্তভোগী মহিলাগৰাকীয়ে । নগাওঁ জিলাৰ কলিয়াবৰৰ চিকনি বৰহোলাত সংঘটিত হৈছে এই ঘটনা ।

ঘটনা সন্দৰ্ভত জানিবলৈ পৰা মতে, 8 বছৰ পূৰ্বে চিকনি বৰহোলাৰ দীপেন তাছাৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল বুঢ়াপাহাৰ চাহ বাগিচাৰ ভুক্তভোগী মহিলাগৰাকী । স্বামী দীপেনে মদ-ভাং খাই প্ৰতিদিনে নিৰ্মমভাৱে প্ৰহাৰ কৰে মহিলাগৰাকীক । জানিব পৰা মতে, মহিলাগৰাকীৰ স্বামী দীপেনে কোনো কাম-বন নকৰে ৷ ইটাভাটাত কাম কৰি তিনিজনীয়া পৰিয়ালটো চলায় নিবলগীয়াত পৰিছিল ভুক্তভোগী মহিলাগৰাকীয়ে ।

কিন্তু স্বামীৰ নিৰ্মম অত্যাচাৰ সহিব নোৱাৰি ছমাহ পূৰ্বে মাতৃগৃহলৈ গুছি গৈছিল মহিলাগৰাকী ৷ অৱশ্যে পৰৱৰ্তী সময়ত ছবছৰীয়া কন্যা সন্তানটিৰ বাবেই পুনৰ স্বামী গৃহলৈ উভতি আহিবলৈ বাধ্য হয় মহিলাগৰাকী । কিন্তু পুনৰ স্বামীৰ অত্যাচাৰৰ সন্মুখীন হ'বলগীয়া হয় আশা । স্বামীৰ উপৰ্যুপৰি প্ৰহাৰত গুৰুতৰভাৱে আহত হৈ পৰিছে মহিলাগৰাকী । মহিলাগৰাকীৰ শৰীৰৰ ভিন্ন স্থানত স্পষ্ট হৈ আছে আঘাটৰ চিন । স্বামীৰ অকথ্য নিৰ্যাতনত অতিষ্ঠ হৈ চিৰদিনৰ বাবে মাতৃগৃহলৈ উভতি যোৱাৰ থিৰাং কৰিছে বুলি নিৰ্যাতিত মহিলাগৰাকীয়ে জানিবলৈ দিয়ে ।

উল্লেখ্য যে, স্বামীয়ে নিৰ্যাতন চলোৱা সন্দৰ্ভত তিনি সপ্তাহ পূৰ্বে জখলাবন্ধা আৰক্ষী থানাত দীপেন তাছাৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল যদিও আৰক্ষীয়ে অভিযুক্ত দীপেন তাছাৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ তুলিছে ভুক্তভোগীয়ে । উপায়ন্তৰ ভুক্তভোগীৰ লগতে তেওঁৰ পৰিয়ালটো পুনৰ উপস্থিত হয় জখলাবন্ধা আৰক্ষী থানাত । আৰক্ষী থানাত সংবাদ মাধ্যমৰ লোক উপস্থিত হোৱাৰ পিছতহে জখলাবন্ধা আৰক্ষীয়ে বিষয়টো সন্দৰ্ভত দেখুৱায় তৎপৰতা ।

ভুক্তভোগীক লগত লৈ স্বামীগৃহলৈ ৰাওনা হয় জখলাবন্ধা আৰক্ষী আৰু দীপেন তাছাৰ ঘৰৰ পৰা ছবছৰীয়া কন্যা সন্তানটিক উদ্ধাৰ কৰি মাতৃৰ হাতত চমজাই দিয়ে জখলাবন্ধা আৰক্ষীয়ে ।

লগতে পঢ়ক :Minor rape and Murdered: জঘন্য! সোণাপুৰত 16 বছৰীয়া কিশোৰীক ধৰ্ষণ কৰি হত্যা; আৰক্ষীৰ জালত অভিযুক্ত

ABOUT THE AUTHOR

...view details