অসম

assam

Inaugurates road construction: নগাঁৱক নতুন ৰূপত গঢ় দিয়াৰ লক্ষ্য ৰূপক শৰ্মাৰ

By

Published : Apr 1, 2023, 10:29 PM IST

একেদিনাই পোন্ধৰটাকৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁও চহৰৰ লগতে সদৰ সমষ্টিৰ গ্ৰামাঞ্চলৰ পথ নিৰ্মাণৰো কামৰ শুভাৰম্ভ কৰে বিধায়ক শৰ্মাই । পুৱাৰ পৰা বিয়লিলৈ পথ নিৰ্মাণৰ শুভাৰম্ভ কৰি বিধায়ক ৰূপক শৰ্মাই আগবঢ়াই কেতবোৰ গুৰুত্বপূৰ্ণ মন্তব্য । তেওঁ কয় যে তেওঁ বিধায়ক হৈ থকালৈকে নগাঁৱত উন্নয়নৰ ধাৰা অব্যাহত থাকিব । নগাঁৱক নতুন ৰূপত গঢ় দিয়াটোৱেই তেওঁৰ একমাত্ৰ লক্ষ্য বুলি উল্লেখ কৰে(Rupak Sharma inaugurates construction of 15 roads in Nagaon) ।

Rupak Sharma inaugurates construction of 15 roads in Nagaon
নগাঁৱক নতুন ৰূপত গঢ় দিয়াৰ লক্ষ্য ৰূপক শৰ্মাৰ

নগাঁৱক নতুন ৰূপত গঢ় দিয়াৰ লক্ষ্য ৰূপক শৰ্মাৰ

নগাঁও,১ এপ্ৰিল: "যাতায়ত ব্যৱস্থাই সমষ্টি এটাৰ সৰ্বাংগীন উন্নয়নৰ ক্ষেত্ৰত অন্যতম ভূমিকা গ্ৰহণ কৰে । সেয়ে সমষ্টিটোৰ যাতায়ত ব্যৱস্থা উন্নয়নত অধিক গুৰুত্ব প্ৰদান কৰা হৈছে ।" শনিবাৰে নগাঁৱৰ মুঠ ১৫ টাকৈ পথ উন্নীতকৰণ, পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি এইদৰে মন্তব্য কৰে নগাঁও সদৰ সমষ্টিৰ বিধায়ক ৰূপক শৰ্মাই (Rupak Sharma inaugurates construction of 15 roads in Nagaon) ।

পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি ৰাইজক সম্বোধন কৰি বিধায়ক ৰূপক শৰ্মাৰ কয় যে তেওঁ বিধায়ক হৈ থকালৈকে নগাঁও সদৰ সমষ্টিৰ উন্নয়নৰ ধাৰা অব্যাহত থাকিব(MLA Rupak Sharma resolves to reshape Nagaon) । কেৱল যাতায়তেই নহয়, শিক্ষা, স্বাস্থ্য আদি সকলো ক্ষেত্ৰতে উন্নয়ন অব্যাহত থাকিব নগাঁও সদৰ সমষ্টিত (Inaugurates road construction) । শনিবাৰৰ দিনটোত নগাঁও চহৰৰ লগতে সমষ্টিটোৰ গ্ৰামাঞ্চলৰ মুঠ ১৫ টাকৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰে বিধায়ক ৰূপক শৰ্মাই (MLA Rupak Sharma) ।

শনিবাৰে ১৫ টা পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰাৰ পিছত দেওবাৰে আৰু ১১ টাকৈ পথৰ নিৰ্মাণ কাৰ্যৰ শুভাৰম্ভ কৰিব বিধায়কগৰাকীয়ে । মুখ্যমন্ত্ৰী পথ পকীকৰণ আঁচনিৰ অধীনত সৰ্বমুঠ ২৬ টা পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব বুলি উল্লেখ কৰে বিধায়কগৰাকীয়ে । শনিবাৰে নগাঁও সদৰ সমষ্টিৰ ১৫ টাকৈ পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ কৰি ৰাজ্যৰ মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাক ধন্যবাদ জ্ঞাপন কৰে বিধায়ক ৰূপক শৰ্মাই । নগাঁও সদৰ সমষ্টিটোৰ উন্নয়নৰ বাবে মুখ্যমন্ত্ৰী ড৽ হিমন্ত বিশ্ব শৰ্মাই সৰ্বতো প্ৰকাৰে সহায় আগবঢ়োৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে বিধায়ক ৰূপক শৰ্মা ।

উল্লেখযোগ্য যে, মুখ্যমন্ত্ৰীৰ পকী পথ আঁচনিৰ অধীনত প্ৰায় ২০ কোটি টকা ব্যয় সাপেক্ষে নগাঁও সদৰ সমষ্টিৰ ২৬ টাকৈ পথৰ নিৰ্মাণ কাৰ্য আৰম্ভ হ'ব । যাক লৈ এতিয়া উৎফুল্লিত নগাঁও সদৰ সমষ্টিৰ সৰ্বসাধাৰণ লোক । শনিবাৰে পথ নিৰ্মাণৰ কামৰ শুভাৰম্ভ অনুষ্ঠানত লোক নিৰ্মাণ বিভাগৰ নগাঁৱৰ কাৰ্যবাহী অভিযন্তা গোবিন সিং, নগাঁও পৌৰসভাৰ পৌৰপতি মজুমদাৰ, উপ পৌৰপতি সীমান্ত বৰাসহ বহুকেইজন বিশিষ্ট ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:Dhol traders busy making Dhol: কলিয়াবৰৰ বিশ্ব বাদ‍্যকাৰৰ ওচৰত ঢুলীয়াৰ ভিৰ

ABOUT THE AUTHOR

...view details