ETV Bharat / state

Dhol traders busy making Dhol: কলিয়াবৰৰ বিশ্ব বাদ‍্যকাৰৰ ওচৰত ঢুলীয়াৰ ভিৰ

author img

By

Published : Apr 1, 2023, 4:38 PM IST

ক্ৰমান্বয়ে সময় চমু চাপি আহিছে আদৰৰ ৰঙালী বিহুৰ । ঢোল-পেঁপাৰ শব্দ মুখৰিত হৈ পৰিছে সমগ্ৰ ৰাজ্য । ব্যস্ততা বাঢ়িছে ঢোল নিৰ্মাণ কৰা শিল্পীসকলৰ । কলিয়াবৰৰ মা মনসা বাদ‍্য ভাণ্ডাৰৰ লোকবাদ্য নিৰ্মাতা শিল্পী বিশ্ব বাদ‍্যকাৰৰো এতিয়া ব‍্যস্ততাৰ অন্ত নাই(Dhol traders busy making Dhol in Kaliabar) । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ ঢুলীয়াই ভিৰ কৰিছে শিল্পীগৰাকীৰ ওচৰত ।

Dhol traders busy making Dhol in Kaliabar
কলিয়াবৰৰ বিশ্ব বাদ‍্যকাৰৰ ওচৰত ঢুলীয়াৰ ভিৰ

কলিয়াবৰৰ বিশ্ব বাদ‍্যকাৰৰ ওচৰত ঢুলীয়াৰ ভিৰ

কলিয়াবৰ,১ এপ্ৰিল: "ঢোলটি বাবৰে

তিনিটি আঙুলি

মাজৰে আঙুলি লৰে,

পুৰুষৰ আঙুলি যতেকে লৰিব

ততেকে জেউতি চৰে ।‌"

ঢোল অসমীয়াৰ এক অন্যতম পৱিত্ৰ দেৱবাদ্য স্বৰূপ । ঢোল শব্দৰ মূল সংস্কৃত ঢোলঃ শব্দ ।‌ ইয়াৰ লগত নৈসৰ্গিক জগতৰো সম্পৰ্ক থকা বুলি কোৱা হয় ।‌ অতীতৰে পৰা বিহুনামত ঢোলৰ বিশেষত্ব সুন্দৰকৈ দেখা যায় ।‌ ঢোলৰ মাত শুনিলেই যেন গাত বিহু বিহু লাগে ।‌ ঢোলৰ মাত শুনি নাচনী বাউলী হৈ পৰে । বিহুগীত যিদৰে লোক-কৃষ্টিৰ এক অমূল্য সম্পদ ।‌ ঠিক সেইদৰে ঢোলটিও আপুৰুগীয়া সম্পদ ।‌ সেয়ে হয়তো বিহুগীততো কোৱা হয়-

"ঢোলৰ নাম উৰুলি, ঢোলৰ নাম কুৰুলি, ঢোলতো বিন্ধিলে ঘুণে, টংলাৰ মুচিয়া ঘৰত নাইকিয়া, ঢোলে চাই দিব কোনে !"

ইফালে আকৌ ড৽ লীলা গগৈৰ ভাষাত,''ঢোল পুৰুষৰ জেউতি চৰোৱা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ ।" যোগেশ দাসৰ ভাষাত,"ঢোলটোৰ মাজত অসমীয়া জীৱনটোৱেই সোমাই আছে ।"

ব'হাগলৈ মাজত মাত্ৰ কেইটামান দিন (Rangali Bihu 2023) । এই বিহুৰ বতৰত চেনাইৰ ঢোলৰ মাতত নাচনীৰ বুকু কঁপে, কঁকাল টাকুৰী ঘূৰাদি ঘূৰে । ঢুলীয়াৰ কান্ধৰ ঢোল নিৰ্মাণত ব‍্যস্ত অসমৰ লোকবাদ‍্য নিৰ্মাণ কৰা শিল্পীসকল । ঢোলৰ তালি-কোবনি, কনাই-বৰতি ঠিকেই আছেনে নাই তাৰ পৰীক্ষাত ব‍্যস্ত এই শিল্পীসকল । বহু ঢুলীয়াৰ মৰমৰ ঢোলটো আকৌ বিহুলৈ সাজু কৰাত ব্যস্ত শিল্পীসকল ।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লোকবাদ‍্য নিৰ্মাণকাৰী শিল্পীসকলৰ যেন ব‍্যস্ততাৰ অন্ত নাই । বিহু নাচক বিশ্ব অভিলেখৰ গৰাকী কৰি তুলিবলৈ অসম চৰকাৰৰ উদ‍্যোগৰ বাবে এতিয়া ব‍্যস্ততা বাঢ়িছে বাদ‍্য নিৰ্মাণকাৰী শিল্পীসকলৰ(Assam about to set world record for Bihu) । কলিয়াবৰতো মা মনসা বাদ‍্য ভাণ্ডাৰৰ লোকবাদ্য নিৰ্মাতা শিল্পী বিশ্ব বাদ‍্যকাৰৰ ব‍্যস্ততাৰ অন্ত নাই(Dhol traders busy making Dhol in Kaliabar) । কেৱল কলিয়াবৰৰে নহয়, অসমৰ ভিন্ন প্ৰান্তৰ পৰা ঢোল নিৰ্মাণৰ বাবে ঢুলীয়াসকল আহে বাদ‍্যকাৰৰ ওচৰলৈ ।

তেজপুৰ ওদালগুৰি, ৰৌতা, জামুগুৰি, নগাঁও, বোকাখাট আদি স্থানৰ বহু ঢুলীয়াই কলিয়াবৰৰ কুঁৱৰীটোলত অৱস্থিত মা মনসা বাদ‍্য ভাণ্ডাৰত নিজৰ ঢোলটো নিৰ্মাণ বা মেৰামতিৰ বাবে ভিৰ কৰা পৰিলক্ষিত হৈছে । বছৰটোৰ বাকীচোৱা সময়ত বহু কষ্টৰ মাজেৰে কটালেও বিহুৰ সময় আহিলেই মুখত হাঁহি বিৰিঙি উঠে এইসকল শিল্পীৰ । বছৰটোৰ দুখ-কষ্ট পাহৰি ন-উদ্যমেৰে বিহুৰ বতৰত ঢুলীয়াসকলক তেওঁলোকৰ মৰমৰ ঢোলটি কান্ধত তুলি দিবলৈ ব্যস্ত হৈ পৰে এইসকল লোকশিল্পী ।

লগতে পঢ়ক: Guinness Book of World Records: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ডিব্ৰুগড়ৰ নাচনী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.