Guinness Book of World Records: বিশ্ব অভিলেখ গঢ়িবলৈ সাজু ডিব্ৰুগড়ৰ নাচনী

By

Published : Apr 1, 2023, 5:06 PM IST

thumbnail

ডিব্ৰুগড়,১ এপ্ৰিল: ব'হাগলৈ দিনচেৰেক । উখল-মাখল পৰিৱেশ বিৰাজ কৰিছে সমগ্ৰ ৰাজ্যত । এনেয়ে বিহু বুলিলে উলাহে নধৰে অসমীয়াৰ হিয়া । তাতে আকৌ এইবাৰ বিহুক বিশ্বমুখী কৰাৰ প্ৰয়াস চৰকাৰৰ (Guinness Book of World Records through Bihu) । প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ উপস্থিতিত ১৪ এপ্ৰিলত অৰ্থাৎ ৰঙালী বিহুৰ দিনটোতে দহ হেজাৰৰো অধিক নাচনীয়ে একেলগে বিহু নাচিব গুৱাহাটীৰ সৰুসজাইত (Bihu Guinness Book of World Records)।

সেয়ে এতিয়া ৰাজ্যৰ প্ৰতিখন জিলাই জিলাই চলিছে বিহুৰ আখৰা । ব্যতিক্ৰম নহয় ডিব্ৰুগড় । বিগত ২৫ মাৰ্চৰ পৰা আৰম্ভ হোৱা বিহুৰ এই আখৰা শুক্ৰবাৰে সামৰণি পৰে । নাহৰকটীয়াৰ ক্ৰীড়া সন্থাৰ খেলপথাৰত চলা বিহুৰ এই আখৰাৰ সামৰণি অনুষ্ঠানত উপস্থিত থাকে ডিব্ৰুগড় জিলাৰ উপায়ুক্ত বিশ্বজিৎ পেগু (DC Biswajit Pegu inspects bihu preparations in Dibrugarh) । উপায়ুক্তগৰাকীয়ে ডিব্ৰুগড় জিলাৰ পৰা ১৪৭০ গৰাকী নাচনীক বাচনি কৰাৰ কথা জানিবলৈ দি জিলাখনৰ ১৩ টাকৈ স্থানত নাচনীসকলক প্ৰশিক্ষণ দি থকাৰ কথা জানিবলৈ দিয়ে ।  

অহা ৮ এপ্ৰিলৰ দিনা বাচনি কৰা ১৪৭০ গৰাকী নাচনী গুৱাহাটীলৈ ৰাওনা হ'ব বুলি প্ৰকাশ কৰে জিলা উপায়ুক্তগৰাকীয়ে । জিলাখনৰ নাচনীসকলৰ বাবে গুৱাহাটীত থকা-মেলাৰ সুব্যৱস্থা কৰা হৈছে ৷ জিলাৰ নডেল বিষয়াগৰাকী গুৱাহাটীত উপস্থিত হৈ সকলো যাৱতীয় ব্যৱস্থা সম্পাদন কৰিছে বুলি জানিবলৈ দিয়ে । অসমৰ জাতীয় উৎসৱ বিহু গীনিজ বুকত অন্তৰ্ভুক্ত হোৱা আৰু বিশ্ব অভিলেখ গঢ়াটো অতি গৌৰৱৰ বিষয় হ’ব বুলি মন্তব্য কৰে জিলা উপায়ুক্ত বিশ্বজিৎ পেগুৱে ।

লগতে পঢ়ক: player Felicitated at Sadiya: সোণৰ পদক বিজয়ী শদিয়াৰ শ্বেতাংগিনী গগৈক সম্বৰ্ধনা

ABOUT THE AUTHOR

author-img

...view details

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.