অসম

assam

আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’লে ৰকিবুল হুছেইনে

By

Published : Apr 12, 2021, 9:43 PM IST

বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তৰা মানহানিৰ গোচৰ উঠাই ললে প্ৰাক্তন মন্ত্ৰী তথা কংগ্ৰেছ নেতা ৰকিবুল হুছেইনে ৷ এক মীমাংসালৈ আহি 2018 চনতে আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল’লে প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে ৷

rakibul hussain withdrew case that he filed against badruddin ajmal
আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ললে ৰকিবুল হুছেইনে

নগাঁও,12 এপ্ৰিল:2018 চনতে এআইডিইউএফ প্ৰধান বদৰুদ্দিন আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ল'লে কংগ্ৰেছ নেতা তথা প্ৰাক্তন মন্ত্ৰী ৰকিবুল হুছেইনে ৷ সোমবাৰে নগাঁও জিলা ন্যায়িক আদালতত উপস্থিত হৈ জ্যেষ্ঠ কংগ্ৰেছ নেতা গৰাকীয়ে আজমলৰ বিৰুদ্ধে তৰা মানহানিৰ গোচৰ উঠাই লয় ৷

বিষয়টোৰ সন্দৰ্ভত এক মীমাংসালৈ আহি গোচৰটো উঠাই লোৱাৰ সিদ্ধান্ত লোৱা বুলি জানিবলৈ দি প্ৰাক্তন মন্ত্ৰী গৰাকীয়ে বিজেপিৰ নেতা কংগ্ৰেছলৈ আহিব বুলিও মন্তব্য কৰে ৷

আজমলৰ বিৰুদ্ধে তৰা গোচৰ উঠাই ললে ৰকিবুল হুছেইনে

বৰ্তমান ৰাজ্যৰ ৰাজনৈতিক প্ৰেক্ষাপটত সৰ্বত্ৰে চৰ্চা হৈ থকা হৰ্ছ ট্ৰেডিং সম্পৰ্কত সাংবাদিকে সোধা প্ৰশ্নৰ উত্তৰত বিজেপি শংকিত বুলি মন্তব্য কৰাৰ লগতে 2 মে'ত মহাজোঁটৰ চৰকাৰ গঠন হ'ব বুলি মন্তব্য কৰে ৷ এই সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কংগ্ৰেছ আৰু এআইইউডিএফৰ পৰা বিজেপিলৈ নহয় বৰঞ্চ বিজেপিৰ পৰাহে কংগ্ৰেছলৈ নেতা আহিব বুলিও হুছেইনে মন্তব্য কৰে ৷

শেহতীয়াকৈ ক'ভিড-19 সন্দৰ্ভত চৰকাৰে জাৰি কৰা নিষেধাজ্ঞা সন্দৰ্ভত বিজেপিৰ নেতাসকলক তাচ্ছিল্যসূচক মন্তব্য কৰি হুছেইনে কয় যে, ৰাইজক ৰোষৰ পৰা ৰক্ষা কৰাটো চৰকাৰ তথা সংশ্লিষ্ট বিভাগৰ দায়িত্ব ৷ এইক্ষেত্ৰত শাসক দলৰ নেতা, জন সাধাৰণ তথা সকলোৰে বাবে নিষেধাজ্ঞাসমূহ একেই হ'ব লাগে ৷

লগতে পঢ়ক:মহাজোঁটৰ চৰকাৰ কেনেকৈ: 'গেম চেঞ্জাৰ' বাঘেল, জিতেন্দ্ৰ সিঙৰ ফৰ্মূলা

ABOUT THE AUTHOR

...view details